ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
গল্পগুচ্ছ
কন্দৰ্পই ঘৰৰ পৰা ওলাই অহা সময়ত ৰাস্তাৰ ওপৰত এগাল পুলিচে লাঠি নচুৱাই গিৰিপ-গাৰাপ খোজ পেলাই তহল দি আছিল। ঘৰৰ পৰা ৰাস্তালৈ আহিলে ৰাম পিটন দিয়ে, হাত-ভৰিত কোব মাৰি চাল চিঙি পেলাই। হাড় জুনজুনীয়া কৰি দিয়ে। ৰাস্তাৰ ওপৰত কাণত ধৰিব দি আঁঠুকঢ়াই থয়। মুতপানী ওলাইযোৱাকৈ বেংজাপ মাৰিব দিয়ে। মুঠতে অকাৰণত ঘুৰা-ফিৰা কৰি থাকিলে নিষ্ঠাৰ নাই। মাকৰ বচন পেলাব নোৱাৰি বাৰীৰ ভিতৰেদি সোমাই যোৱাটোকে নিৰাপদ হ’ব বুলি ভাবি সি খোজ লৈছিল। পিতাকৰ কাণত কথাটো পৰিল নে নাই, সি নাজানিলে। কন্দৰ্পৰ দেউতাক এজন চিধা-চাধা, নিৰামিশ ভোজী মানুহ। ছাগলী, গাহৰি, হাঁহ-কুকুৰাৰ মাংস মাক-পুতেকৰ বৰ প্ৰিয়, খাই ভাল পায়। বাপেকে মাংসৰ গোন্ধ সহ্য কৰিব নোৱাৰে নাখায়।
কন্দৰ্পৰ পিতাক গাওঁত বৰুণ কুঁজা নামে জনপ্ৰিয়। পিঠিত থকা উটৰ দৰে ডাঙৰ কুঁজটোৰ বাবে চা-চলি বিলাকে কুঁজাবুঢ়া বুলি মাতে। আচল নাম বৰুণ উদয় হালৈ। ডাকঘৰত পিয়নৰ পদত আছিল, এতিয়া অৱসৰ পাইছে। গতিকে ঘৰৰ বাৰী-বাগানৰ কাম-বন কৰি সময় কটায়। চুলি ডাঢ়ি পকিল যদিও স্বাস্থ্য ভাঙি পৰা নাই। ঘৰৰ পিছফালৰ বাৰীত বৰ সুন্দৰ, চকুত লগা খেতি কৰিছে। লাগ বুলিলেই কবি, বেঙেনা, জিকা, কেৰেলা, তিয়ঁহ, আদি গছৰ পাচলি তুলি আনি খায়। তেওঁ খেতিডৰাৰ মাজত গজা ঘাহ-বনবোৰ কাচিৰে কাটি আনি পাচিত ভৰাই গোহালিৰ কান্ধাত থৈ দিলে। ঝাৰু মাৰি লেতেৰা কামবোৰ শেষ কৰি কুঁৱাৰ পাৰত গাটো তিয়াই ঘাইঘৰৰ চোতালৰ ডাথাত মেলি দিয়া তেলচখন টানমাৰি আনি, শৰীৰটো ভালদৰে মুচি ঘৰৰ বাৰান্দাত উঠিল। তাৰ পৰা ঘৰৰ আলি-পদূলিত দুজন পুলিচ লাঠিলৈ থিয়হৈ থকা তেওঁৰ চকুত পৰিল। কুঁজাই লগে লগে ঘৈণীয়েকক মাতিলে- “হেৰা পদুমী, ক’ত সোমাই আছাঁ হে ? এইফালে ওলাই আহাচোন। চাই যোৱাহি। তেলৰ বটলটো লৈ আহিবা।“
--- কিবা হ’ল, চিঞৰিছে কিয় ! ঘৈণীয়েকে হাতৰ ঝাৰুডাল মাজপলিৰ চুকত থৈ খৰধৰকৈ ভিতৰৰ পৰা ওলাই আহিল। কুঁজাই হাত-ভৰিত তেল ঘহি-পিহি ঘৈণীয়েকক চকুৰে ইংগিত মাৰি দেখুৱাই ক’লে—সৌৱা চোৱা পুলিচ আহি জাপনাৰ ওচৰত থিয়হৈ আছে। এজনে নঙলামাৰি খুলিছে। লগৰজনে নাৰিকল গছজোপাৰ ফালে মূৰদাঙি চাইছে। কিবা কথা পাতিছে। ডাবৰ পানী খাবলৈ ইচ্ছা কৰিছে নেকি ! কুজাই ঘৈণীয়েকক সুধিলে- “দুয়োকে ইয়ালৈ মাতিম নেকি ?”
--- মাতক।
বৰুণ কুঁজাই আগবঢ়িগৈ দুয়োকে মাত লগালে—“ আহক, ৰৈ থকিল যে, ভিতৰলৈ সোমাই আহক। ডাবৰ পানী খাবলৈ ইচ্ছা কৰিছে নেকি ? গছত উঠা মানুহ নাই। দীঘল হেক্টি ডাল নাই। গছৰ ফল পাৰি খোৱাটো সমস্যাই হৈছে।“
পুলিচ এজনে ক’লে--- “নালাগে কষ্ট কৰিব। ডাব নেখাওঁ। গছজোপা চাইছোঁহে। এটা থোকত এশ’ৰো অধিক নাৰিকল আছে যেন পাওঁ। ভাল জাতৰ নাৰিকল গছদেই।”
কুঁজাই মুখটিপি হাঁহি পুনৰ মাত লগালে--- “আহক, বহকহি ।
তেওঁলোক ঘৰৰ চোতাল পালে। ঘৈণীয়েকে বাৰান্দাত থকা বেঞ্চখনত ফু-মাৰি চাদৰৰ আঁচলেৰে ধুলি গুচাই বহিব দিলে। আতিথ্য পাই তেওঁলোক বহিল। গোঁফ আৰু কাণৰ নোম-চুলি পকা আৰক্ষীজনে মূৰৰ টুপিটো খুলি বেঞ্চখনত থলে আৰু এটা দীঘল হামি মাৰি গৃহস্তক সুধিলে— “অলপ আগতে এই ঘৰৰ পৰা ল’ৰা এটা বাহিৰলৈ লৰমাৰি ওলাই গৈছে। সেইজন কোন হয় ?”
বৰুণ কুঁজাই ক’লে— “অ’ সেইজন মোৰেই চলি”।
--- কি নাম তাৰ ?
--- কিয় সুধিলে? এইবাৰ ঘৈণীয়েকে মাত ফুটাই উত্তৰ দিলেঃ কন্দৰ্প নাম তাৰ। আমাৰ একমাত্ৰ পুত্ৰ সন্তান।
--- আমি দেখিছোঁ সি ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি হাবিৰ মাজেৰে দৌৰি গৈছে। ল’ৰাই কি কাম কৰে? পঢ়ে নে, কিবা চাকৰি-বাকৰি কৰে ? আৰক্ষী প্ৰশ্ন কৰিলে।
কুঁজাৰ ভাৰ্যাই তপৰাই উত্তৰ দিলে-- “নাই দিয়ক, কোনো কাম কাজত ধৰা নাই। পঢ়া আধৰুৱা কৰিলে। মেট্ৰিকৰ দেওনা পাৰ হ’ব নোৱাৰিলে। পঢ়াৰ কথাকলে একো লাভ নাই বুলি কয় ”।
পুতেকৰ গুণৰ কথা শুনি তেওঁলোকে হে...হে কৈ হাঁহিলে।
--- “বাইদেউ বেয়া নাপাব। আমি অকণ বহিছোঁ,ঠাণ্ডা পাইছো। বহি ভাল লাগিছে। ৰাস্তাৰ ওপৰত উত্তাপ বেছি। চাহ-ভাতৰ হোটেলবোৰ বন্ধ। ডাঙৰ সমস্যা হৈছে। প্ৰেচাৰ থকা মানুহ। অলপ জিৰণি লৈছোঁ। পিচত ইয়াৰ পৰা আনফালে গুচি যাম। পূৱাৰ পৰা ৰাস্তা-ঘাটত পহৰা দি আছোঁ। পানী দুগিলাচ দিব ”।
আৰক্ষীৰ কথা-বাৰ্তা শুনি কন্দৰ্পৰ মাকে ক’লে-- “হ’ব বাৰু। এতিয়াই পানী আনি দিম। পিচত চাহ- পিঠা খাব। এতিয়া বহক। একোনোখোৱাকৈ গুচি নাযাব ”।
নাক দীঘল হাঁহি মুখীয়া পুলিচজনে ক’লে—“বাইদেউহতঁৰ ঘৰৰ চৌহদটো বৰ ভাল লাগিছে। সকলোফালে চাফ-চিকোন পৰিস্কাৰ, সুন্দৰ পৰিবেশ। বাৰী-বাগানখনো চকুত লগা, নানা গছ-গছনিৰে ভৰা। আম, অমিতা, লিচু, জাম, নাৰিকল, কঠাল, সঁফুৰি আম, বেল, পনীয়াল, বগৰি, নেমু, নিম সকলো গছেই আছে দেখোন। জাংলাত লগা পকা ৰঙালাউবোৰৰ জাত বৰ ভাল যেন লাগিছে। এই লাউবোৰ নিশ্চয় মিঠা হ’ব ”।
জোৱানজনৰ প্ৰশংসা সূচক মন্তব্য শুনি বৰুণ কুঁজাই ক’লে—“এইবোৰ মই সদায় চোৱা-চিতা কৰি থাকো। এই ডাগৰ মাটিদৰা বৰ সাৰুৱা, ফচল ভাল হয়। প্ৰয়োজনত পচন সাৰ প্ৰয়োগ কৰোঁ। আপোনালোকে থকিব, মই গাইজনী বিচাৰ-খোচৰ কৰি লৈ আনো। পূৱা পঘা চিঙি উধাও হৈছে। ক’ত সোমাই আছে ক’ব নোৱাৰো। পিয়াহত দমুৰী আতাহ পাৰি আছে। দিনকাল ভাল নহয়। মানুহে ধৰি- বান্ধি নি খোৱাৰত দিলে দিগ্দাৰ হ’ব ।”