ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
গল্পগুচ্ছ
কুঁজাৰ কথা শুনি জ্যেষ্ঠ পুলিচজনে মাত দিলে—“থাক্ সেইবোৰ, নালগে যাব। জগতখনৰ মানুহ ঘৰৰ ভিতৰত সোমাই আছে, বাহিৰলৈ ওলাই যোৱা নাই। আমি কৰ্তব্যৰ খাতিৰত তহল দি আছোঁ। আপুনি গৰুগাই বিচাৰি যাব ? নালাগে দিয়ক, বহি থাকক। আমি ল’ৰাছোৱালীৰ মায়াত হতাশাত ভূগি আছোঁ। কেতিয়া ক’ত দিন যায়, ৰাতি হয়, গমেই নাপাওঁ। দৰমহা পালে কি হব! নানা দুখ কষ্টৰ মাজেৰে দিন পাৰ কৰি আছোঁ। এৰা পৰা গৰু কিয় বিচাৰি যাব লাগে, সময়ত নিজেই আহি ওলাব। গাইৰ গাখীৰ কিমান ওলায়? আপনি খীৰাব পাৰে ?”
বৰুণ কুঁজাই মুখটিপি উত্তৰ দিলে—“আগতে চানাৰ মায়াত মাকে উৎপাত কৰিছিল, লেং মাৰিছিল, জঁপিয়াইছিল। বৰ্তমান শান্ত হৈছে। গাখীৰ প্ৰায় দুই লিটাৰ্মান ওলায়। গাখীৰ খীৰাব আমি সকলোৱে জানো। আপোনালোকে অহাৰ সময়ত উৰণীয়া সেতুৰ দক্ষিণ দিশত থকা দালানটো নিশ্চয় দেখিছে। তাৰ মালিকজনৰ নাম ভদ্ৰ উকীল। মৰ্যদাপূৰ্ণ লোক, গাওঁৰ মুখিয়াল ব্যক্তি। তেওঁলোকে সদায় এক লিটাৰ গাখীৰ খাব নিয়ে। ঘৈণীয়েক আৰু সৰু ল’ৰা-ছোৱলী দুটা আছে। সময় পালে ঘৈণীয়েক আহি গাখীৰ লৈ যায়। কেতিয়াবা কন্দৰ্পই দি থৈ আহে। মাহত এহেজাৰ টকা দিয়ে”।
উকীল বাবুই বৰুণ কুঁজাৰ ছোৱালীৰ বিয়াত বহুত টকা-পইচা খৰচ কৰিলে। দহহেজাৰ টকাৰ ফটকা, ফুলজাৰী, হাৱাই বোমা মাৰিছে। কইনাক চাৰিযোৰ খাটি পাট-মুগাৰ কাপোৰ, গহনাপাতি উপহাৰ দিছে। তেওঁ নাথাকিলে সকলো ফুটুকাৰ ফেন হৈ গ’লহেতেঁন। কন্দৰ্পক গাড়ী চলাবলৈ শিকাইছে। হাত খৰচ পোৱাৰ উত্তম পন্থা, চিধাপথ দেখুৱাই দিছে। মহৎ গুণৰ বাবে কেতিয়াও শলাগ নোলোৱাকৈ থাকিব নোৱাৰি। সেই মহান ব্যক্তিজন বৰ্ত্তমান শয্যাশায়ী। হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। বৰ্ত্তমান দেশৰ ডাঙৰ সমস্যা এইবোৰেই। বৰ্ত্তমান বিশ্বব্যাপী ত্ৰাস সৃষ্টি কৰা ক’ৰোনা মহামাৰী ৰুধীবলৈ চৰকাৰখনে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে। সকলোৱে সাৱধানে থাকি শাৰীৰিক দুৰত্ব ৰক্ষা কৰি চলা ভাল। তেতিয়াহে ইয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা যুদ্ধত আমি সকলোৱে জয়লাভ কৰিব পাৰিম।
চলবলীয়া কাজলী গাইজনী তৰা-নৰা ছিঙি দৌৰি আহিছে। তাইৰ ওহাৰ ফুলি টানমাৰি ধৰিছে। পোৱালিক গাখীৰ পিৱ দিলেহে শান্তি পাব। কুঁজাই লৰমাৰি গৈ কাজলীৰ কাণত ধৰিলে। তাইৰ ডিঙিটোৰ মাজত মৰম লগাই ৰহ্ ৰহ্ বুলি কৈ হাত ফুৰাই দিলে আৰু গোহালীত বান্ধিলে। পদুমী গাখীৰ খীৰাবলৈ হাতত বাল্টি এটা লৈ উপস্থিত হ’ল। কুঁজাই গাখীৰ খীৰাব ল’লে। পদুমীয়ে হাতত গামোচা এখনলৈ কাজলীক কামোৰ দিয়া মাখি-মহবোৰ খেদি থাকিল। ক্ষন্তেক পিছত উকীলৰ ভাৰ্যা মনোমতী তাত উপস্থিত হ’ল। গাখীৰ খীৰাই থকা সময়ত কথা-বাৰ্তা পতা উচিত নহয়। গাই-দামুৰি ভয়পায়, চটফট লগায়। পিছ ঠেঙেৰে লঠিয়াই। সেয়ে সকলোৱে নিৰব হৈ থাকিল। কিছু সময় পিছত পাগ পলিৰ পৰা প্ৰেচাৰ কুকাৰৰ হুইচেলেৰ মাত ভাহি আহিল। নিৰৱতা ভংগ কৰি পদুমী বিস্মৃত ভাবে মাত দিলেঃ “হে’ ৰাম, কুকাৰত ভাতৰ চাউল মুঠি বহাই দিছিলোঁ, চাহৰ চচ্পেনটো জুইৰ আখাৰ ওপৰত তুলি দিয়া আছে ”।
কিবা হ’ল, তাকে ভাবি মনত হাহাকাৰৰ সৃষ্টি হ’ল; ভয়ত মন কঁপি উঠিল।পদুমী অপ্ৰস্তুত হৈ থকা বাবে মনোমতীক পাগচৰাত যাব ক’লে। আজ্ঞা পাই তাই দৌৰি গ’ল। ভিতৰত সোমাই দেখিলে জুই জ্বলি আছে। গেছৰ গোন্ধ ওলাইছে। চচ্পেনৰ পানী উতলি শেষ হৈছে, জুইৰ তাপত দহিছে। ধোঁৱা উৰি আছে। তাই বন্ধ খিৰিকী খুলি দি চিলিণ্ডাৰৰ নব্ বন্ধ কৰি দিলে।
খিৰিকীখনৰ মাজেৰে বাহিৰলৈ চাই বাৰীৰ মাজেৰে কন্দৰ্প দৌৰি আহি থকা দেখা পালে। সি ঘৰপাই পিচফালৰ দুৱাৰত টোকৰ মাৰি চিঞৰিলেঃ “আই, অ’ আই, ক’ত মৰিলি ! মনোমতীয়ে দুৱাৰখন খুলি দিলে। কন্দৰ্প ঘৰৰ ভিতৰত সোমাল। তাৰ মাত শুনি পদুমী গাখীৰৰ বাল্টি হাতত লৈ উপস্থিত হ’ল। মাকক দেখি হুলস্থুল লগাই সি ক’ব ধৰিলেঃ “বৰ সাংঘাটিক ঘটনা। মা-কালীৰ চৰণচুই কৈছোঁ- মাংসৰ ভাগ নাপালো। বিৰাট মাৰপিট, কাজিয়া। কুকুৰৰ দৰে আচৰণ। মন্দিৰত গোটখোৱা দুৰ্দান্ত মদাহী ল’ৰা কিছুমানে উৱৰিখাই পৰি কেঁচা মাংসবোৰ লপা-লপ খাই শেষ কৰিছে। সিহঁতে পুজাৰী, বলি চৰোৱা লোকজনৰ কোনো হকা-বাধা নমানিলে। শ্মশানৰ দাঁতিতে থকা শৱদেহৰ মাজত মই থিয় হৈ আছিলো। মোৰ হাত-ভৰি কঁপিছিল। আত্মা ওলাই যোৱা যেন অনুভৱ হৈছিল। দৌৰিব নোৱাৰা হৈছিলো। সপোনত দেখাৰ দৰে কালী গোঁসানী মোৰ পাচ লৈছিল। মোৰ মূৰ কাটি নিবলৈ খেদিছিল। এনেকুৱা অলৌকিক ভৱনা এটাই মোক উত্তেজিত কৰি তুলিছিল। আই মই প্ৰাণৰ ভয়ত উধাতু খাই দৌৰি আহিলো।“ পুত্ৰৰ কথা শুনি মাকৰ বুকু হম্হমাই গ’ল। তাক ক’লেঃ “তই এটা গাধ, বুৰ্বক চলি। মৰণ-নহ, ভৰাকলহৰ পানী আছে, দুই ঘোটমান খাইল’। মন সুস্থিৰ হ’ব। এতিয়া চিয়ঁৰ-বাখৰ খন লগাই নাথাকিবি। বাহিৰত, পদুলিত পুলিচ বহি আছে। বান্ধি লৈ যাব। তোক বাহিৰলৈ লৰমাৰি যোৱা দেখিছে। আমাক অভিযোগ দিছে। তোৰ নাম শুধিছে, পৰিচয় লৈছে।
“এইবোৰ কি কথা কৈছা আই ! মই কোনো দোষ কৰা নাই নহয়। বাৰীৰ মাজেৰে খোজ কাঢ়িহে গৈছিলোঁ আৰু উভতি আহিলো সেই একে পথেৰেই। মন্দিৰৰ পুজাৰীক টকা দুশ দি থৈ আহিছোঁ। মই কোনো নিৰ্দেশ উলংঘা কৰা নাই। মোৰ কষ্ট অথলে গ’ল। ৰক্ত পিপাসু জীয়াভূত কেইটাই মোক বৰ ভয় খুৱালে। কেচাঁমঙহ, হাড়বোৰ ৰাক্ষকৰ দৰে কামূৰিখাই পেটত ভৰালে। এই কথা আনক ক’লে মোৰ দেহত ঔগছৰ ভূতুনী লম্ভা বুলি কৈ গাওঁৰ ফকীৰ বাবাৰ হাজাৰ টকীয়া তাবিজ এটা লোৱা ভাল হ’ব বুলি ক’ব। ইয়াকে কয়- কলিকাল, হৰিণাই চেলেকে বাঘৰ গাল”।
“তই চুপথাক। এতিয়া লেক্চাৰ বন্ধ কৰ। তই এটা কাম কৰচোন—চাহখিনি, টেকেলি পিঠা আৰু মালভোগ কল দুটা বাহিৰত বহি থকা পুলিচ দুজনক দি থৈ আহিবি; তাৰ পিছত ক্ষন্তেক জিৰণিলৈ কুঁৱাৰ পাৰত গা-ধুই আহিবি।“ সেই একে সুৰতে কন্দৰ্পৰ মাকে মনোমতীক ক’লে—“তুমি নাথাকিলে, পাগপলিক দৌৰি নাহিলে, ঘৰত জুই লাগিলেহেতেঁন। ক্ষন্তেক মুঢ়াতে বহা। চাহ একাপ খাই গাখীৰখিনি লৈ যাবা” ।
--- “ কি কয় বাইদেউ, মই চাহ নাখাওঁ। পলম হ’ল। সিফালে ৰোগীক ভাত-পানী দিয়াৰ সময় হৈছে। মই আহিলোঁ। কন্দৰ্পক গখীৰখিনি দি আহিব ক’ব ।” মনোমতী কথা শেষ কৰি গুছি গ’ল।
কন্দৰ্পই সুযোগ পাই আৰক্ষীৰ সম্মুখত ঘটনাৰ বিবৰণ দিবলৈ নাপাহৰিলে। জুৱা খেলা, খঁকত পৰি কেঁচা মাংস খোৱা ধুৰন্ধৰ দলটোক ধৰিবলৈ পিছত দুয়োজন আৰক্ষী শ্মশান ঘাটৰ কালী মন্দিৰ আভিমুখে ৰাওনা হ’ল।