ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
গল্পগুচ্ছ
--- জিতেন চৌধুৰী
চ’ত মহীয়া শুকান বতৰ। গছৰ বেল, ডাল ভৰি থকা টেটেলী টেঙা পকীছে। ধুলি-বালিবোৰ বতাহত উৰিছে। এজাক বৰষুণ পৰিলে ধৰাৰ বীজাণুবোৰ ধ্বংশ হ’লহেতেঁন। কন্দৰ্পই বাৰীৰ মাজৰ লুঙ-লুঙীয়া পথৰ ওপৰেদি নিজৰ ঘৰ অভিমুখে দৌৰিছে। তাৰ ভালদৰে দৌৰা অভ্যাস নাই। গাঁওৰ ল’ৰাবিলাকে কয়: কন্দৰ্পই কাবাদী, ভলীবল খেল খেলিব জানে। ফুটবল খেলি পোৱা নাই। বাইক চলাই, ম’বাইল পিটিকি থাকি ভাল পায়। খেলা-ধুলাৰ প্ৰতি আগ্ৰহ কমিছে। কন্দৰ্প দেখাত চুটি-চাপৰ, ডেকা ল’ৰা। বয়স পোন্ধৰ বছৰমান হৈছে। তাৰ মুখৰ আকৃতি, দেহৰ গঠন গায়ক কিশোৰ কুমাৰৰ দৰে। থুঁতৰিত অকণ ডাঁঢ়ি গজিছে। পিছফালৰ চুলি নতুন ষ্টাইলত কটাইছে। সম্মুখৰ চুলি দীঘল। পিন্ধনত এটি আহল-বহল পেতলুন আৰু এটা হাতকটা কপিলা ৰঙৰ চোলা। চোলাটোৰ তলৰ বুটাম কেইটা নাই। পেট টেকেলিৰ তলিৰ দৰে ওলাই আছে। সি দৌৰি আছে। ইহ-জনমত কেতিয়াও নেদেখা দৃশ্য এটা দেখি সি তেনেদৰে দৌৰিছে। বৰ ভয় লাগিছে। কালী গোঁসানীয়ে যেন তাৰ পাচ লৈছে। ডিঙি কাটি মূৰটো লৈ যাবলৈ তাক খেদিছে। সেয়ে সি ভয়ত পিচফালে মূৰ ঘূৰাই চোৱা নাই। মন্দিৰত তেনে এটা বিস্ময়কৰ দৃশ্য দেখাপাব বুলি সি কল্পনাই কৰা নাছিল। এতিয়া নিৰ্জন বাৰীখনৰ মাজৰ ঔগছ জোপাৰ তল পাইছে। বহুদুৰ পাৰ হৈ আহিল। ঘৰগৈ পাবলৈ দুই মিনিটৰ বাট আছে। কন্দৰ্পৰ সৰ্বশৰীৰ ঘামিছে। হাত-ভৰি তেলেতীয়াহৈ ফাঁকত এঠা বান্ধিছে। সি ভাবিছে মাকে তাৰ কথা কেতিয়াও বিশ্বাসত নলয়, শুনিলে ওলোতাই ধমকিহে দিব। অহা সময়ত মাকে তাৰ মূৰত হাত ফুৰাই কৈছিল- ততালিকে ওলাই যাচোন বোপা, ৰৈ থাকিব নালাগে। চিধা ৰাস্তা ধৰ। আমাৰ ভাগৰ মাংসখিনি লৈ আহিবি। মাকে তাৰ হাতত দুশ টকা দিছিল। মন্দিৰৰ পূজাৰীক দিব কৈছিল। টকা কেইটা সি জেপত ভৰাই ওলাই গৈছিল। সুন্দৰ পুৰৰ পৰা শ্মশান ঘাটৰ কালীমন্দিৰলৈ যাবপৰা সৰুসুৰা কেইবাটাও পথ আছে। বেচিভাগ দূৰৰ দৰ্শনাৰ্থী ৰাষ্ট্ৰীয় পথৰ ওপৰেদি তালৈ যায়। দুটা ডাঙৰ কেঁকুৰি পাৰহৈ উৰণীয়া সেতুৰ ওপৰেদি গ’লে পাঁচ মিনিটমান সময় যায়। পথৰ ওপৰত টোলগেট বহাইছে, তাত পইচা দিব লাগে। বাৰীৰ মাজৰ কেচাঁ আলি বাটেৰে খোজকাঢ়ি গ’লে পাকতে সেই ঠাই ওলাব পাৰি।
দেশত ল’ক ডাউন দিয়া হৈছে। সেইকাৰণে কন্দৰ্পই হাবি-তলীয়া বাটেৰে যাত্ৰা কৰিছিল। পূৱাৰে পৰা পূজাস্থলিত উৰুলী শংখ-ঘণ্টা ধ্বনিৰে ৰজন-জনাই আছিল। ৰঙা বস্ত্ৰ পৰিহিত বাজনাৱালা কেইটাই ঢাক-ঢোল বজাই মূৰলৰাই নাচ-গান কৰিছিল। সাধু-সৈন্যাসী কিছুমানে গাঞ্জা, ভাং দিয়া হোকা, চিলিম টানি মচগুল হৈ পৰিছিল। শ্মশান স্থলিটো মানুহ গোট খাইছিল। এটাৰ পিছত এটা শৱদাহ পৰ্ব চলি আছিল। চিতা জুইৰ ধোঁৱা উৰিছিল। কন্দৰ্পই সাহস গোটাই থাকিব নোৱাৰিলে। কালী গোঁসানীৰ ৰূপদেখি তাৰ সৰ্বশৰীৰ থৰথৰকৈ কঁপিছিল। লগ-বন্ধু অবিহনেই তালৈ গৈছিল। তাৰ লগ-বন্ধু নাই বুলিবই পাৰি।
সিহঁতৰ গাওঁৰ উত্তৰ সীমাত নতুনকৈ ঘৰতুলি উঠি অহা পিতাকৰ বন্ধু এজন আছে। তেওঁৰ পুত্ৰৰ নাম মহীকান্ত। সেই মহীকান্ত কন্দৰ্পৰ পৰিচিত। সি বাতৰি কাকত বিলায়। মানুহে হকাৰ বুলি জানে। মহীকান্তৰ বাবেই আজি তাৰ এনে দুৰ্গতি হ’ল। তাক বিচাৰি মহীকান্তই দুপৰীয়া ফোন কৰিছিল। সি গা-ধুই থকা বাবে মাকে ফোন উঠাইছিল। ম’বাইল কাণৰ কাষতলৈ মহীকান্তৰ লগত কন্দৰ্পৰ মাকে কথা পাতিব লৈছিল: --
--- “হেল্ল, অঁ’ মাহী, মই মহীকান্তই কৈছো; ভাল নে আপোনাৰ মাহী ? কন্দৰ্প ঘৰত নাই নেকি ?
--- অ’ কন্দৰ্প আছে। এইমাত্ৰ বাথৰুমত সোমাইছে। কিবা ক’বা ? তুমি কৰ পৰা ফোন কৰিছা, ক’ত আছাঁ ? মানুহৰ গণ্ডোগল ভাহি আহিছে দেখোন।
মহীকান্তই সৱল কণ্ঠে কৈ গ’ল:
--- নক’ব মাহী, মই এতিয়া গেছ এজেন্সিত খাপ পিটি আছোঁ। চিলিণ্ডাৰত গেছ নাই; ৰিফিল চিলিণ্ডাৰ নিব আহিছো। গ্ৰাহকৰ বৰ ভিৰ হৈছে। মতা-মাইকী সকলোৱে শাৰি পাতিছে। মই চেণ্ডেলযোৰ লাইন থৈ গছৰ তলত জিৰণি লৈছোঁ। উৎকট গৰম পৰিছে। লটাৰী ভাগ্যত লাগে নে নাই সেয়া ঈশ্বৰেহে জানিব। মাহী কথা এটা কঁও শুনক- খবৰতো পাইছেনে ?
--- নাইপোৱা বোপা। কি কথা হৈছে তুৰন্তে নকোৱা কিয়।
--- মাহী মনদি শুনক। অলপ আগতে কালী মন্দিৰত এটা পঠা ছাগলী বলি দিছে। মাংসৰ ভাগ ৰাইজৰ মাজত ভগাই দিব। এটা ভাগ আপোনালোকৰ বাবে ৰাখিব কৈছোঁ, কথাটো কন্দৰ্পক ক’ব। মাংসখিনি সি লৈ যাব। মই ইয়াত বেয়াকৈ ফাঁচিলো, নহ’লে মই গ’লোহেঁতেন।
সিমানতে কথপো-কথন বন্ধ হ’ল। ফোনৰ সংযোগ কটা গ’ল। খবৰটো পাই কন্দৰ্পৰ মাকৰ মন ইচাত-বিচাত কৰিব ধৰিলে। বহুদিন ধৰি পেটত মাছ-মাংস পৰা নাই। দেশত ক’ৰোনাৰ ত্ৰাস। ল’কডাউনে মানুহক চাৰিবেৰৰ মাজত আৱদ্ধ কৰি পেলাইছে। চৰিওফালে নিমাওমাও পৰিবেশ। ৰবি শস্যৰ বিস্তৰ ক্ষতি হোৱাত সাধাৰণ কৃষকসকল অসহায় হৈ পৰিছে। তেনে পৰিস্থিতিত মাছ-মাংসৰ কথা ভাবিবই নোৱৰি। কিন্তু কন্দৰ্পই শুদাহাতে ঘৰলৈ উভতিলে মাকে বকিব। কন্দৰ্পৰ মাকৰ ফেঁটী সাপৰ দৰে খং। জিভা কামুৰি খেদি আহিব। চালা কুকুৰ, কণপৰা, মৰণ নোহোৱা, তেলত জুই লগা আদি শিৰনত বিভূষনেৰে বিভূষিত কৰিব।