নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
জিলাঃ বৰপেটা, অসম
মানৱীয় দুৰ্যোগৰ মৌন প্ৰতিবাদ লাছল’ ক্ৰাছনাহ’ৰ্কাই
~ড° জিতুমণি চৌধুৰী~
বিশ্বায়ন আৰু গোলকীয় বিৱৰ্তনৰ ধাৰাটোৱে আধুনিক মানুহৰ জীৱনশৈলী বহু পৰিমাণে উন্নিত কৰিছে সঁচা, কিন্তু তেনে বিৱৰ্তনে যে মানৱ জীৱনক বহু ক্ষেত্ৰত শংকিত আৰু ভিতিগ্ৰস্থ কৰিছে তাক নুই কৰিব নোৱাৰি। এফালে প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উত্থান আৰু আনফালে পুঁজিবাদৰ আগ্ৰাসনে সমাজবাদী চিন্তা আৰু কলাত্মক ভাবধাৰাক নিশেষ কৰি মানুহক এক যন্ত্ৰত পৰিণত কৰা দেখা গৈছে। তেনেকুৱা যান্ত্ৰিক অৱস্থাই সাংস্কৃতিৰ পৰিকাঠামটোক থৰক-বৰক কৰি পেলাইছে। ইয়াতেই সৃষ্টি হৈছে মৌলিকতা আৰু কৃত্ৰিমতাৰ মাজত এক দ্বন্দ্ব যিটোৱে প্ৰলয়াত্মক স্থবিৰতাৰ ইংগিত বহন কৰিছে। মৌলিকতা আৰু কৃত্ৰিমতা যে কেতিয়াও একেলগে থিতাপি ল’ব নোৱাৰে আৰু জীৱন-সত্তাক জলাঞ্জলি দি যে কোনো আগবাঢ়িব নোৱাৰে, তাৰ এক যৌক্তিক তথা আবেগিক নিদৰ্শন পোৱা যায় লাছল’ ক্ৰাছনাহ’ৰ্কাইৰ লেখা সমূহৰ মাজত। তেওঁৰ লেখাসমূহ বাৰ্তাবাহক তথা নিৰ্দেশনামূলক হোৱাৰ বিপৰীতে চিন্তা উদ্ৰেককাৰী বুলি সমালোচক সকলে মত পোষণ কৰিছে।
দক্ষিণ-পূব হাংগেৰীয় সৰু চহৰ 'দ্যুলা'ৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলত ১৯৫৪ চনত এটা মধ্যবিত্ত পৰিয়ালত ক্ৰাছনাহ’ৰ্কাইৰ জন্ম হয়। দ্যুলাত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি তেওঁ বাধ্যতামূলক সামৰিক সেৱাত এবছৰৰ বাবে যোগদান কৰে। পাচত ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ তেওঁ বুডাপেষ্ট বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে আৰু ১৯৮৩ চনত একেখন শিক্ষানুষ্ঠানৰ পৰা হাংগেৰীয়ান ভাষা আৰু সাহিত্যত স্নাতক ডিগ্ৰী অৰ্জন কৰে। আনুষ্ঠানিক শিক্ষা সামৰি তেওঁ নিজাববীয়াকৈ লেখা-মেলাত মনোনিবেশ কৰে। ১৯৮৫ চনত প্ৰকাশিত “চেটনটেংগো” শীৰ্ষক উপন্যাসখনৰ জৰিয়তে তেওঁ ঔপন্যাসিক ৰূপে আত্মপ্ৰকাশ কৰিছিল। উত্তৰ আধুনিকতাবাদী ৰুচিৰে পৰিপুষ্ট এই উপন্যাসখনে সমগ্ৰ বুডাপেষ্ট তথা ইউৰোপত চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ক্ৰছনাহ’ৰ্কাইৰ যশস্যা জনমানসত বিয়পাই দিছিল। তাৰ পাচত ক্ৰাছনাহ’ৰ্কাই থমকি ৰ’ব লগা নহ’ল। তেওঁ একাধাৰে এজন কাহিনীকাৰ, চুটিগল্পকাৰ আৰু এজন সফল চিত্ৰনাট্যকাৰ ৰূপে ইউৰোপত প্ৰতিষ্ঠিত হয়।
পুঁজিবাদৰ উত্থানত সমাজ চেতনাৰ অৱক্ষয় “চেটনটেংগো”ৰ মাজেৰে সাৱলীল ভাবে প্ৰকাশ পাইছে। সাময়িক পৃথিবীৰ এটা ঘৃণিত চৰিত্ৰ প্ৰকাশ কৰিবলৈ যাওঁতে তেওঁ আন্তঃপাঠ্যতা (Intertexuality) ৰ এক জালিকাৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত তেওঁৰ কাহিনী কথনশৈলীও মন কৰিবলগীয়া। তেওঁৰ উপন্যাস সমূহত প্ৰধানত বহু কথকৰ উপস্থিতি পৰিলক্ষিত হয়। “চেটনটেংগো”ত ক্ৰাছনাহ’ৰ্কাইয়ে মূলতঃ সূক্ষ্ম বৰ্ণন (micro-narrative), আন্তঃ কথন আৰু বহিঃ কথন প্ৰক্ৰিয়াৰ মাজেৰে কাহিনীভাগ আগবঢ়াই লৈ গৈছে, যিটো গতানুগতিকতাৰ পৰা ভালেখিনি পৃথক। এনেকুৱা কথনশৈলী তেওঁৰ দ্বিতীয় উপন্যাস “দ্য মেলাংক’লি অৱ ৰেজিষ্টেন্স”(১৯৮৯) তো পূৰ্ণ মাত্ৰাই পৰিলক্ষিত হয়। “দ্য মেলাংক’লি অৱ ৰেজিষ্টেন্স” পঢ়ি উঠি এমেৰীকান সমালোচক ছুজেন চানটেগ এ ক্ৰাছনাহ’ৰ্কাইক “প্ৰলয়-নায়ক” উপাধিৰে বিভূষিত কৰিছে। এই উপন্যাসখনত শৃংখলা আৰু বিশৃঙ্খলাৰ মাজত সৃষ্ট জৰুৰী অৱস্থা সদৃশ পৰিৱেশক যি স্বৈৰাচাৰী নীতিৰে দমন কৰাৰ প্ৰচেষ্টা তাক এখন চাৰ্কাচৰ ৰূপকেৰে অধিস্থাপনা কৰা হৈছে। বাস্তৱক তীক্ষ্ণ সমালোচনা কৰা এজন নিৰাশাবাদী বুলি ক’লেও তেওঁক ভুল কোৱা নহ’ব।
হাংগেৰীয়ান দাৰ্শনিক 'জৰ্জ লুকাচ' ৰ মাৰ্ক্সীয় দৰ্শন আৰু তেওঁৰ বন্ধু ডেভিদ বেলৰ বাস্তৱবাদী অভিজ্ঞতাবাদী দৰ্শনে ক্ৰছনাহ’ৰ্কাইৰ ব্যক্তিগত তথা সাহিত্যিক জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল, যিটো তেওঁৰ লেখাৰ মাজেৰে দকৈ প্ৰকাশ পাইছে। লুকাচৰ ‘মানসিক বিভ্ৰান্তি’ সম্বন্ধীয় দাৰ্শনিক তত্বৰ সাহিত্যিক প্ৰকাশ “চেটনটেংগো” আৰু “দ্য মেলাংক’লি অৱ ৰেজিষ্টেন্স”ত ৰূপকাত্মক ৰূপত প্ৰকাশ পাইছে। মাৰ্ক্সীয় দৰ্শন আৰু নব্য-পুঁজিবাদী আদৰ্শৰ মাজত সৃষ্ট সংঘাতত মানৱীয় জীৱনৰ অৱক্ষয় আৰু জৰ্জৰিত অৱস্থাক জীৱন্ত ৰূপত উপস্থাপন কৰি সাময়িক পৃথিবীৰ এক ঘৃণিত চৰিত্ৰ উদঙাই দিবলৈ তেওঁ সমৰ্থ হৈছে।
ক্ৰছনাহ’ৰ্কাইৰ লেখাসমূহ ৰাজনৈতিক ভাৱধাৰাৰ দ্বাৰা বহুক্ষেত্ৰত প্ৰভাৱিত হৈছে। বিশেষকৈ সত্তৰ- আশীৰ দহকত ইউৰোপত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাত সাধাৰণ মানুহৰ উৎপীড়ন আৰু নিপীড়নৰ এক গম্ভীৰ চিত্ৰ তেওঁৰ উপন্যাস আৰু চুটিগল্প সমূহৰ মাজেৰে প্ৰকাশ পাইছে। “চেটনটেংগো” কোনো বিশেষ নিৰ্দিষ্ট স্থান-কালৰ উল্লেখেৰে ৰচিত নহয়, বৰং এটা পদ্ধতি বিশেষৰহে উপস্থাপন। সেয়ে তেওঁ ৰচিত চৰিত্ৰ সমূহৰ মাজত আত্ম-নিৰূপণৰ এক অবিৰত প্ৰচেষ্টা পৰিলক্ষিত হয়।
আধুনিক মানৱৰ দোদুল্যমান অৱস্থাক চিত্ৰিত কৰিব যাওঁতে ক্ৰাছনাহ’ৰ্কাই কথন শৈলীত বিশেষ পৰীক্ষা-নিৰীক্ষা কৰা দেখা যায়। কলাত্মক অভিধাক এক বিচাৰ্য আদৰ্শনীতি হিচাপে তেওঁ ব্যৱহাৰ কৰি সাহিত্যক এক নান্দনিক স্তৰলৈ উত্তোলিত কৰিছে। শিল্প আৰু পৰিপূৰ্ণতাক এক সামঞ্জস্যৰ তুলাচনীত প্ৰতিষ্ঠিত কৰি ক্ৰাছনাহ’ৰ্কাই এক বিশেষ স্থিতিস্থাপকতাৰ অৰ্থৱহ আদৰ্শ আৰু তাৎপৰ্য বহন কৰিছে। বহুকথকৰ কথকতাত প্ৰাধান্য দিবলৈ যাওঁতে ক্ৰছনাহ’ৰ্কাই দীঘল দীঘল বাক্য ব্যৱহাৰ কৰা দেখা যায়। 'চক্ৰাকাৰ গাঁথনি' তেওঁৰ উপন্যাসৰ এক মৌলিক বৈশিষ্ট্য। “দ্য মেলাংক’লি অৱ ৰেজিষ্টেন্স” ইয়াৰ এক উজ্জ্বল নিদৰ্শন। মানৱীয় পৃথিবীৰ এক পূৰ্ণাংগ ছবি অধিস্থাপনা কৰাৰ স্বাৰ্থতে চক্ৰাকাৰ গাঁথনিৰ পৰীক্ষণমূলক প্ৰয়োগ কৰিছিল আৰু সাহিত্য শিল্পক এটা নতুন দিশ দিবলৈ সক্ষম হৈছিল। মন কৰিবলগীয়া যে ক্ৰছনাহ’ৰ্কাইৰ কিছুমান গল্পটো এটা বাক্যতে শেষ হৈছে।
হাংগেৰীৰ ব্যক্তি তথা সমাজ জীৱনত নব্য-পুঁজিবাদ আৰু মাৰ্ক্সীয় ৰাজনীতিৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত যি এক কাৰুণ্যৰ সৃষ্ঠি হৈছিল তাক ক্ৰাছনাহ’ৰ্কাই বলিষ্ঠ ভাবে সাহিত্যৰ মাজেৰে অকল প্ৰকাশ কৰাই নহয়, তাৰ প্ৰতিবাদো কৰিছে। তেওঁৰ তেনে প্ৰতিবাদী কণ্ঠৰ বাবেই ২০১৫ চনত "মেন বুকাৰ ইণ্টাৰনেশ্ব্যনল প্ৰাইজ" আৰু ২০২৫ চনত "সাহিত্য ন'বেল বঁটাৰে" সন্মানিত কৰা হৈছে।
****