নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
কাব্য প্ৰবাহ
কৰ্ম জীৱন
~ শ্ৰী জুৰান মণ্ডল
মানৱ জীৱন দুৰ্লভ জীৱন,
বহু জনমৰ কৰ্মফল,
সঠিক পথত থাকি যদি কৰো কৰ্ম,
তাৰ ওপৰত নাই কোনো ধৰ্ম।
কৰ্মই ধৰ্ম যি নকৰিলে হয় অধৰ্ম।
কৰ্মময়ী জীৱন বৰ অমূল্য,
সঠিক কৰ্মই জীৱনক কৰি তুলে বহুমূল্য।
মানৱ জীৱন খন্তেকীয়া,
তথাপি ইয়াক ভাবিৱলগীয়া।
জীৱ শ্ৰেষ্ঠ মানৱ,
কুকৰ্মত লিপ্ত হ’লে কোৱা হয় দানৱ।
মানুহে কৰিব নোৱাৰা কাম নাই,
দুদিনীয়া জীৱনৰ কথা ভাৱি লাভ নাই।
কৰ্মই মানৱ জীৱনৰ মূল,
যত হ’ব নালাগে ভুল।
****
পৰিস্থিতি
~ শ্ৰী জুৰান মণ্ডল
বাস্তৱ বৰ কঠিণ,
তথাপি মানুহে মানি ল’ব লাগে।
জীৱন ইমান জটিল,
তথাপি মানুহ জীয়াই থাকিব লাগে।
ভালপোৱা বৰ কষ্টকৰ,
তথাপি মানুহক ভালপাব লাগে।
পৃথিৱী ইমান মায়াময়,
তথাপি এৰি যাব লাগে।
মৃত্যু ইমান যন্ত্ৰণাদায়ক,
তথাপি তাক বৰন কৰিব লাগে।
কিয় জানেনে?
আচলতে মানুহ পৰিস্থিতিৰ দাস
মৃত্যুৰ পিছত হয় সকলো নাশ।
বগলী
~ সাহিদা খাতুন
বহাগত বৰদৈচিলা বলেৰে বইছে
বগলী বধিব বুলি,
বগলীও বাজীৰ বেগেৰে বাট বুলিছে
বাঁহতলীৰ বাহলৈ বুলি।
বাজিকৰ বাটৰুৱাই বাটলুগুটিৰে
বধিছে বগাকৈ বগলী,
বৰনৈ বৰাক, বেকী বশিষ্ট গঙ্গাৰ
বালিচাপৰিত বগলী।
বগা বসনা বগলীৰ বসতি
বিপিন বাৰীৰ বাঁহতলী,
বহুদৰ্শী বলাকা বাঁহতলীৰ বাসিন্দা
বিপিন বাৰীৰ বাহত বগলী।
বগলীৰ বংশধৰ বাহত বাঢ়িছে
বগা বগা বৎস বগলী,
বাইলুংৰ বেশতে বধিছে বৰ বৰ বছা
বিলতে বহি বগুলা বগলী।
বাঁহতলীৰ বাসিন্দা বাৰিত বিচাৰিছে
বৰ বৰ বাৰেমিহলি,
বিলৰ বাৰিত বিৰাজিত বাহুঢেকেৰাক
বিচাৰিছে বাহাদুৰ বগলী।
বলুকাত বালিমাহীয়ে বাট বুলিছে
বাৰে বাৰে বাটভেটিছে বগলী,
বাৰিষাৰ বানত বালি চাপৰিৰ
বিৰিণাত বহিছে বগলী।
বগাকৈ বগলীৰ বৰ বৰ জাক
বলুকাত বিয়লি বেলা,
বহুদৰ্শী বলাকা বাঁহতলীৰ বাসিন্দা বৰসভাত বহিছে
বালিচাপৰিত বিয়লি বেলা;
বলাই বকুল ববিতা বিপিন বাৰীত
বগলী বিচাৰোঁ বলা।
কাকূতি
~ গোপী বালা দাস
হে দয়াময়---
হৰি নাম ধ্বনিৰে মুখৰিত কৰিলোঁ
ভকতি অমিয়া দিলো,
শৰাইখন থাপিলো
নানা নৈবেদ্যৰে সু-সজ্জিত কৰিলোঁ,
মণ্ডপ-মন্দিৰ সকলো সাজিলো
পুষ্পোঞ্জলি, অক্ষয় বন্তি চৰণত অৰ্পিলো,
প্রসাদো আগবঢ়ালো ভাল
ফলমূলেৰে পৰিপূৰ্ণ গোঁসাই ঘৰৰ থাল,
ভোগ অর্পিলো কলপটুৱা পাতি
জ্ঞাতি কুটুম্বক আনিলো মাতি,
ডবা-শংখ, উপাসনা মুখৰিত স্থান
পার্যমানে কৰিলো দয়া-ভীক্ষা দান,
শাৰী- শাৰী আসন পাতি
কৰিলো আপ্পায়ন অতি,
ক্ষন্তেক সময়ো নাপালোঁ আহৰি
নাহিল অন্তৰত ভগৱান-হৰি,
পামনে এনেকৈ তোমাৰে দর্শন
দিবানে বাৰু পুনৰ জনম।
****
মোৰ সপোনৰ জগত
~ জুমন মণ্ডল
মোৰ সপোনৰ জগতখন কিমানযে ধুনীয়া!
মোৰ সপোনৰ জগতখনত
ধুনীয়া সপোনবোৰ সজাই থোৱা আছে
মোৰ সপোনৰ জগতখনত
বাৰে বৰণীয়া ফুলবোৰ জাতিষ্কাৰহৈ আছে
যাৰ গোন্ধত চৌদিশ আমোল মোলাইছে
মোৰ সপোনৰ জগত খনত
নানা ৰঙৰ চৰাইয়ে শুৱলা গীত গাইছে
যাৰ বাবে মোৰ মন নাচিব ধৰিছে
মোৰ সপোনৰ জগতখন অতিকৈ মনোমোহা
মোৰ সপোনৰ জগতখনত
নাই কোনো হিংসা, নাই কোনো নিন্দা
মোৰ সপোনৰ জগতখন কিমান যে ধুনীয়া!
****