নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
কাব্য প্ৰবাহ
ভাবৰ মালা
~ কল্পনা কোঁৱৰ
চকুৰে নেদেখা
ভাবৰ মালাধাৰি
মনতে গাঁথিলো
এডালি দুডালি কৰি
স্বচ্ছ আঁহেৰে
সী যাওঁ পাপৰি
এপাহি দুপাহি কৰি।
শিমলুৰ তুলাযেন
ভাবৰ বুৰবুৰণি
সপোনৰ দাপোন হৈ
উৰি উৰি..
লাগিল গৈ ভোটোৰা গছত,
ভোটোৰাৰ আঠা ফুঁৱাই
বেলুনৰ লকেট মালাতে গাঁথি
ৰঙতে সপোন উঠিলে নাচি
চেঙা খোৱা মহে
হুল দি হানি
ভাবৰ মালাধাৰি
কৰি হেৰাফেৰি
থপ্ কৰি
সপোন পেলালে ভাঙি।
****
প্ৰশান্তিৰ যাত্ৰাপথত নিৰাশাৰ অনুৰনন
~ ত্ৰিদিপ শৰ্মা
শালিকি পুৱাৰ পোহৰৰ ৰেনুকা
আবেগিক চেতনাৰ মূৰ্ত প্ৰয়াস
নিৰৱতা নিজে গৌণ
গ্ৰাহ্যতৰা ঠুনুকা শক্তিয়ে
চৰিত্ৰৰ আবেগৰ শেষ লেখা
ভীত ইচ্ছাৰ মৌখিক প্ৰতিশ্ৰুতিবোৰ নিজস্ব নিয়ন্ত্ৰণৰ বাহিৰত
অস্তিত্বৰ সংকুচিত আঘাতবোৰ
নি:শেষ কৰিছে প্ৰতিবন্ধকতা
জুৰীয়া অক্লান্ত সপোনবোৰ
পাৰাপাৰ হৈছে পানৈ জংকিত
উন্মাদ বিষাক্ত পোকৰ
দংশনত নিশ্চিহ্ন গোপন গাভৰু বৰ্নিল
অলংকাৰহীন শিমলুৰ জোলাবোৰ
ফাহ-ফাহকৈ প্ৰদক্ষিণ কৰে
আপোচবিহীন অভিস্পণৰ সৰ্পিল যোজন।
****
বিপ্লৱ
~ ফুনু কলিতা
অগতানুগতিক সময়ৰ হাবিয়াস। পৰিপূৰ্ণ অথচ ৰিক্ত মন মাধুৰীৰ বাটচৰা। নাঙলাত অচিন আলহী পক্ষী। দোকমকালিতে ধৰা দিছে এজাক অচিন ৰদে। উসহ অসহনীয় সেই জিলিঙনি। যেন ক্ৰমশঃ আৱৰি ধৰিছে চিকুণ পুৱাতে সেই মাধৱী সপোন। কত বসন্ত, কত শৰৎ পাৰ হৈ জাহ গৈছে হেজাৰ উন্মাদনৰ ক্ষণ। শ শ আবেগ বিহ্বল তাড়না আৰু বিপ্লৱৰ সুদৃঢ় ভেটি। নিজান ৰাতি শিথিল বৈপ্লৱিক পৰাণ। লাহে লাহে গলি গলি শেষ হয় মমৰ পোহৰৰ শেষ বিন্দু। বিন্দুতে সিন্ধু। বিন্দুক প্ৰত্যাখান কৰি সিন্ধুক জানো আদৰিব পাৰি! পাৰি জানো সমস্ত আবেগেৰে চকামকা কৈ বৈ লোৱা কানিমুনি পৰৰ দলিছাখন পাৰি বহিব দিব! বিপ্লৱৰ মনোজগতিক উত্থান আৰু পতন।
***
ফাগুণ
~ যুতিস্মিতা কলিতা
তোমালৈ বাউলীজনী হৈ ৰৈ আছো ফাগুণ,
তোমাৰ নিচেই চিনাকি গেৰুৱা ৰঙৰ ডায়েৰীটো
আৰু
ৰঙা চিয়াহীৰ কলমটো লৈ।
অ’ আইতাৰ উকা ৰিহা চাদৰখনো উলিয়ালো জানা!
উন্মাদ পছোৱাত ৰং ঢালি এইবাৰ তোমাৰেই প্ৰেমত পৰিম।
বহাগলৈ চোন হেঁপাহ নাজাগে,
তোমালৈ হে ৰৈছো আচ্ছাদিত ৰঙীনৰ আশাত!
চুলি কোচা অলপ দীঘল হৈছে,
সোণালী ৰং কৰিলো জানা?
শিমলুজোপাৰ তলত ৰৈ থাকিম তোমালে!
মনৰ বতৰা আছে পঠিয়াবলে।
শিমলু তুলা বোৰে বৰ আমনি কৰে ও,
কিয় জানো সিহঁতে ইমান জোকাই থাকে।
চুলিবোৰত বৰকৈ লাগি ধৰে,
ভালো লাগে চাই
মলয়াৰ দুপাখিত শুভ্ৰ ৰঙে মুক্ত হৈ উৰে
মনৰ বতৰা লৈ অনা মলয়া জাকৰ স’তে প্ৰাণভৰি খেলে।
এয়াই উন্মাদ ফাগুণ!
প্ৰেয়সীৰ চুলি উৰুৱাই প্ৰেমিকক বলীয়া কৰা চঞ্চল ফাগুণ
চঞ্চল অথচ অভিমানী,
বৰ অভিমানী
সিদিনা বিল পথাৰৰ ৰাস্তাত থকা পলাশজোপা দেখিলো,
সিও বৰ আগ্ৰহেৰে ৰৈ আছে তোমালৈ
তুমি আহিলে পলাশ ফুলিব,
উতনুৱা মনে আকৌ সপোন দেখিব।
পিছে সৰাপাতবোৰ..!
সিহঁতৰ বিষাদৰ কিৰীলি..!
অশ্ৰুসিক্ত অথচ সিঁচৰিত।
ডাল এৰি সৰিলে কোনে ঘূৰি চায়?
কোনোবাই সামৰি লৈছে যদিও জ্বলাই দিবলে হে!
তথাপি,
তুমি আহিবা ফাগুণ
আমি ৰৈ আছো
অ’ লগত বসন্তক অলপ সযতনে আনিবা।
জানাই নহয়, এইবাৰ আমাৰ বসন্তৰ কোঁৱৰজন হেৰাল।
আমি ফাগুণলৈহে ৰৈছো,
বসন্তলৈ নোৱাৰো ৰ’ব।
সৰাপাতত সুগন্ধি বিচৰা অসমীয়া এতিয়া আমি।
বসন্তৰ গুম্ গুমনিৰ উছাহ নোহোৱা আই অসমী।
গেৰুৱাৰঙী ডায়েৰীটোত “মায়াবিনী ৰাতিৰ বুকুত”
হেঁপাহ পলুৱাই লিখিম
“সমীৰে ফাগুণৰ দিনত দিয়া তেওঁ নথকাৰ বাতৰিটো”
****