নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
কাব্য প্ৰবাহ
অৰণ্য স্নান
~ বিজুলী বৈশ্য
ব’লা, অলপ আতৰি যাওঁ
একঘেয়ামি জীৱন এৰি থৈ
প্ৰকৃতিৰ মাজত বিলীন হওঁ।
সংসাৰ ৰথৰ চকৰীত পিহ্ খাই
ক্লান্ত শৰীৰ আৰু মনক
অকণ জিৰাব দিওঁ জীব দিওঁ।
প্ৰদূষিত উশাহ লৈ লৈ
ভাগৰুৱা হাওঁফাওঁটোক
অকণ অৰণ্য স্নান কৰাওঁ
ব’লা, অলপ আতৰি যাওঁ।
ব’লা, অলপ সেউজীয়া হওঁ
অৰণ্যৰ বুকুত উমলো গৈ
বননিৰ পৰশত পৰাণ জুৰাওঁ
ব’লা অলপ আতৰি যাওঁ।
****
শব্দৰ বৰষুণ
~ পবিত্ৰ বৰগোহাঁই
শব্দৰ বৰষুণত কাৰনো
তিতিবলৈ মন নাযায়
শব্দৰ বৰষুণে যেন কঢ়িয়াই লৈ আহে
শৈশৱৰ অনুভূতিক
য'ত বিচাৰি পোৱা যায়
জীৱনৰ ফাকু ,জিজ্ঞাসাৰ
অসীম বাসনা ।
শব্দৰ ভূগৰ্ভ বিচাৰি
অভিধান চলাথ কৰি
চাইছো হৃদয়ৰ ভাষা
তথাপিও সংগ দিয়া নাই
ৰহস্যময় শব্দৰ ভাষা ,
বতাহে কঢ়িয়াই লৈ আহক
হৃদয় মৰুভূমিলৈ
মোৰ শব্দৰ বৰষুণ
শব্দৰ বৰষুণত কাৰনো
তিতিবলৈ মন নাযায়
ভাৱনাৰ সাগৰত আবেগৰ বুৰবুৰণি
শূণ্য আকাশক সাৱটি
আকাশৰ নক্ষত্ৰবোৰ গণি গণি
চকুৰ দৃষ্টি হেৰায়
অথচ ক'তনো মনৰ শব্দ হেৰায় ;
শব্দৰ সাগৰৰ ৰং
নীলা নীলা দৃষ্টিৰ ৰাশি
আন্ধাৰত চিকমিক জোনাকী পৰুৱা
শব্দৰ যে আছে প্ৰাচুৰ্য ভঁৰাল ।
***
সেউজীয়াৰ আনন্দ
~বেণুধৰ দাস
এটি কলি দুটি পাত
চাহ বাগিছাৰ মৰমৰ মাত
সেউজীয়াৰ সৈতে কথা পাতিছে
বনুৱা ছোৱালীয়ে
মিহি আঙুলিৰে তুলিছে সেউজীয়া পাত
সীমাহীন ভালপোৱাত
বিচাৰি ফুৰিছে প্ৰেমৰ ঠিকনা
ফটিকাৰ ৰাগীত মতলীয়া যে তাইৰ প্ৰেমিক
বাগিছাই তাইৰ জীৱন
বাগিছাই তাইৰ প্ৰাণ
সৰু সৰু মানুহৰ সৰু সৰু ভাবনা
বাগিছাই যাৰ সীমা
মাদলৰ শব্দ আৰু ঝুমুৰৰ তালত
বিচাৰি পায় জীৱনৰ ছন্দ।
***
অণু কবিতা
~ নিৰুপমা ডেকা
১)
মৃত্যুবন্যা
দূপৰৰ ৰ'দালি ক্ষণিক
সময়ৰ জিৰণি।
মৃত্যুবন্যা নামি আহে
অজানিতে জীৱন সাগৰলৈ !
২)
নেদেখাজন
তোমাক চাবলৈ বৰ মন যায়।
আছা নেকি মানৱ দেহতে লুকাই ?
ছয়াময়া বাজিৰে দিয়া দেখা
বিচাৰি পাবলৈ নাই ।
৩)
ধূসৰ অতীত
জীৱনৰ ৰংবোৰ হেৰালেও
মৰহি যাব নিদিবা আশাবোৰ।
আশাতেই জীৱন-মৰণ।
ধূসৰ অতীতক যোৱাহে পাহৰি।
****