নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
কাব্য প্ৰবাহ
বিবৰ্ণ মন
~ড° চৱন কুমাৰ শৰ্মা
মন শিমলু কপাহ
কাম পখিৰ ৰঙা ঠোঁট
কঁহুৱা সুবাস বিছাৰে
জাকে, জাকে
নৈৰ পাৰে পাৰে....
সেন্দূৰৰ ফোঁট
আকুল নিয়ৰত তিতি
মেলা চুলিৰে
চিনাকি সুৰ এটি বাজে
ফাগুনত .....
ৰঙা শিমলুৰ দলিচা
ধূলিয়ৰি সপোনে
সৰাপাতত
সৃষ্টিৰ বীজ সিঁচি
ব'হাগ আদৰে।
***
প্ৰীতিৰ ভোগালী
~ ৰঞ্জিত কুমাৰ কলিতা
//১//
পথাৰে সমাৰে ভেলাঘৰ
কোনে বুজ লয়
কাৰ ঘৰ
কোনে তৰে
চুবুৰীয়ে চুবুৰীয়ে
প্ৰীতিৰ ভোগালী
ভেলাঘৰ ভেলাঘৰ
আমাৰ হেঁপাহৰ ঘৰ।
//২//
চুবুৰীয়ে চুবুৰীয়ে
মেজি জ্বলে
ঘৰে ঘৰে মেজি
কাৰ মেজি কিমান ওখ
কাৰ মেজিৰ কেনে জুই
ওখই হওক বা চাপৰ
মেজি জ্বলে,
মেজি নুমায় !
//৩//
এইবেলি আমাৰ মেজি একেটাই হওক
ওখকৈ এটা ডাঙৰ মেজি
আমাৰ মেজিৰ উত্তাপত
সন্তাপ নুমাওক
হৃদয়ে হৃদয়ে বাঢ়ক হৃদয়ৰ উম
এইবেলি জ্বলক উজ্জ্বল হৈ
আমাৰ মেজিৰ ওখ জুই ।