নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
কাব্য প্ৰবাহ
মিছা পুৰাণ
~ড° দীপমণি দাস
মিছাৰ ঠেং চুটি বুলি জানি শুনিয়েই
মাথোঁ দুটা মিছাৰ উদাহৰণ দিওঁ
সকলোৱে মোক ভাল পায়
ময়ো সকলোকে ভাল পাওঁ
মিছাৰ ঠেং চুটি বুলি জানিও মিছাক বাদ দিব নোৱাৰে কোনেও
বাদ দিব নোৱাৰে বাবেই কিজানি মিছাৰ জীৱন থাকে চলি
এন্ধাৰৰ আঁৰে আঁৰে
সেইবাবেই মিছাতে পোৱা ক্ৰেডিটবোৰৰ বাবেও
থেংক ইউ দিবলৈ নাপাহৰোঁ
মিছাবোৰ অহৰহ চলি থাকে
বাটে ঘাটে
অজস্ৰ পিলপিলিৰ দৰে
মাজে মাজে চলে ফৰলেন হাইৱেতো
ভালপোৱাৰ কথাবোৰ মিছা হ'লে
কিংলিয়েৰ জ্ঞানী
অভিজ্ঞতাৰে ধনী
ভালপোৱাৰ দৰে কথাবোৰ সঁচা হ'লে ভাল
কাৰণ 'মাইলচ টু গ'
ভালপোৱাৰ গান
ভালপোৱা নহ'লে চলিব নোৱাৰি
চলি আছোঁ - চলি আছোঁ
যি খিনি পাইছোঁ
তাকেই প্ৰাপ্তি
বুলি ধৰি
****
আহিব সুদিন
~ড° ইকবাল হোচেইন খান
মানুহ আছে এতিয়াও
আছে মানৱতা ,সীমাহীন কোমলতা ।
উলংগ দানৱৰ শকতি নেথাকে টিকি বেছিদিন ,চূৰ্ণ হয় অহমিকা
যুগে যুগে ইতিহাসে কয়
কলংক খলনায়কৰ দৰেই হয় পৰাজিত ,হিটলাৰৰ দৰেই আঁকি লয় মুখা ।
তথাপি সময় যে নিষ্ঠুৰ
থানবান সকলো
নকৰে ক্ষমা কাকো
ক্ষন্তেকৰ বাবে হয়তো কৰিব পাৰে -
মুখ বন্ধ,
প্ৰতিবাদ বন্ধ,
কলম বন্ধ আৰু কিবাকিবি
তথাপি ইয়াৰ পৰা আৰম্ভ হয়
নতুন সময়,
নতুন নতুন চিন্তা,
নতুন গতি
বিশালতাৰ শকতি ।
যুগে যুগে মানুহ থাকিব
মানৱতা থাকিব
বিলাই দি দি যাব হিয়াৰ আকুলতা ,
প্ৰেমৰ গভীৰতা
আৰু শেষ কৰি কৰি যায় দানৱৰ সংকীৰ্ণতা
নৱবৰ্ষত লয় প্ৰতিশ্ৰুতি
আয়োজনে আয়োজনে হিয়াৰ ধ্বনি
বাজি থাকে সমন্বয়ৰ বাঁহী ।
এয়াই হৈ থাকক নৱবৰ্ষৰ বাণী ।
***