নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
কাব্য প্ৰবাহ
অন্ধকাৰ
~ ডাঃ হৰেন চৌধুৰী
হঠাৎ ৰঙিয়াল মুখৰ চহৰখন
ভয়াল অন্ধকাৰে চানি ধৰিছে
হাট-ঘাট-পদুলি-কেঁকুৰিত
কোনেও কাকো নিচিনা নেদেখা হৈছে
তিমিৰাচ্ছন্ন পৰত ধৰিব নোৱাৰি
মানুহবোৰ উলংগ নে পোছাকী
ছায়াহীন নির্জন অন্ধকাৰত
ৰিং এটা মাৰিলেও চোন
সকলোৱে ভয় কৰে দিব সহাৰি
ভোকাতুৰ কৃষকৰ ক্ৰোধ আৰু হতাশা
মৃত্যুমুখী ডাইনোছৰাচৰ চিঞৰৰ দৰে
অলক্ষিতে অন্ধকাৰত জীণ যায়।
অন্ধকাৰে ঢাকিছে সেউজ অৰণ্যবোৰ
জীৱজন্তু-চৰাই-চিৰিকতিয়ে উৰিব ঘুৰিব
পোহৰৰ বাট অহৰহ বিচাৰি ফুৰিছে
অথচ অন্ধকাৰত চোৰাং চিকাৰীবোৰে
অন্ধকাৰে অন্ধকাৰে খুপি-খুপি খোজ দি
গড় হত্যাৰ নির্ভূল পৰিকল্পনা কৰে
তেজ সনা মাটিৰ কথা বহুজনে নাজানে
নদীৰ দুয়োপাৰ অন্ধকাৰ হ'লে
জল কুঁৱৰীয়েও নাহে পাৰলৈ উঠি
অন্ধকাৰত ক'ব নোৱাৰি কাৰ হাতত কি আছে
প্রিয়জনৰ বাবে ফুলৰ সুগন্ধি খোপা
নে শত্ৰু বধৰ বাবে এ.কে.ফৰটিচেভেন
অন্ধকাৰে অজানিতে কাঢ়ি নিয়ে ওঠৰ পৰা
জীৱন আলোড়িত কৰা ৰ'দৰ গান
দুৱাৰ খিৰিকীয়ে ঘৰলৈ অন্ধকাৰ সোমায়
বেৰত আৰি থোৱা মহাত্মা গান্ধী-শংকৰদেৱ
মার্টিন লুথাৰ কিং-ৰবীন্দ্রনাথ-লাচিত ছবিত
অন্ধকাৰৰ ডাঠ চামনি পৰিছে
স্বচ্ছ আয়নাখনো অন্ধকাৰে ঢাকি দিছে
নিজৰ মুখৰ ছবি উজ্বলি নুঠে ভালদৰে
হে সুহৃদ তুমিয়ে কোৱা
অন্ধকাৰে চানি ধৰা চহৰখনত
কেনেকৈ বিচাৰি ফুৰিম তোমাৰ সোঁৱৰণী
প্ৰাৰ্থনা গৃহ ভিতৰলৈ যাব নোৱাৰি
মন্দিৰ-মছজিদ-গীৰ্জাৰ প্ৰৱেশ পথত
অন্ধকাৰৰ অনাত্মীয় দ্বাৰপাল
দ্বাৰপালৰ হাতত থাকিব পাৰে
অন্ধকাৰৰ ধাৰাল তৰোৱাল।
জীৱন মানেইতো সময়ৰ ঋণ
~ গুণজিৎ শইকীয়া
উদণ্ড সময়ৰ অতপালিত
পালতৰা নাওঁখনি মেলিছে ঢাপলি
পাৰঘাটৰ পৰা বহু দূৰলৈ !
দুৰন্ত গতিৰে যেন
ঈগল চৰায়ে থাপ মাৰি নিলে
সুগঢ়ি শুৱনি পালখনি !
নদীৰ কোবাল সোঁতত
নাওঁ গ'ল প্ৰশান্ত মহাসাগৰলৈ বুলি,
আৰম্ভ হব এটি নতুন দিনৰ উকমুকনি
সোলোকঢোলোক মনৰ শিকলিডাল
আলফুলে জোৰা লগাবলৈ
মোৰ পৃথিৱীৰ অভিযন্তা
ব্যস্ত অবিৰত !
জীয়াই থকাৰ সপোন
জীৱন মানেইতো সময়ৰ ঋণ,
মানুহ মাত্ৰেই আৱিৰ্ভাৱ অবিৰাম
নিজকে গঢ়াৰ কমাৰশাল
এই মায়াবী পৃথিৱীত !
মৃত্যু মানেইতো অৱধাৰিত পৰিশোধ
সময়ৰ পৰা লোৱা ধাৰ
অনুপম উপহাৰ !!