নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
গল্প গুচ্ছ
শেষৰ সন্তান
~হিৰণ্য কুমাৰ নাথ~
অমল কাকতিৰ তিনিজনী কন্যা সন্তান জন্ম হোৱাৰ পিছত পুনৰ এজন ল'ৰা সন্তান জন্ম হ'ল। চাৰিজন ল'ৰা ছোৱালী আৰু মাক দেউতাক লৈ অমলে ছয়জনীয়া পৰিয়ালৰ দায়িত্ব চম্ভালিছিল। সেয়ে তেওঁৰ পৰিয়ালৰ ভৰণ পোষণ কৰা বাবে অধিক পৰিশ্ৰম কৰিব লগা হৈছিল। পেছাত অমল এজন ঘৰুৱা শিক্ষকৰ নিচিনা যদিও আজিকালি টিউচন মাষ্টৰ বুলি কয় । সৰুৰে পৰা বহুত কষ্ট কৰাৰ ফলত দেউতাক অমল কাকতিয়ে ঘৈণীয়েক কবিতা আৰু চাৰিটা সন্তানক এৰি থৈ চিৰদিনৰ বাবে গুচি যায়। যদিও একমাত্ৰ পুত্ৰ জগতৰ বয়স সেই সময়ত বাৰ বছৰ আছিল তথাপি জগতে মনত প্ৰতিজ্ঞা কৰিছিল আৰু মনত নিজকে কৈছিল যে "দেউতা তুমি কোনো চিন্তা নকৰিবা মই যিকোনো প্ৰকাৰে মোৰ বাইদেউ তিনিজনীক সম্পূৰ্ণ নিৰাপত্তা দি ডাঙৰ মানুহ বনামেই" ।
জগতৰ সৰুৰে পৰা গান গোৱাত ৰাপ আছিল আৰু তেওঁ বিদ্যামন্দিৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ আছিল। জগতে দেউতাকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা বাবে নিজৰ পঢ়া শুনা কথা চিন্তা নকৰি বায়েক তিনিজনীক ডাঙৰ মানুহ বনাবলৈ গান গাবলৈ আৰম্ভ কৰিলে। সি পঢ়া বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এয়াই জগতৰ আৰম্ভণি ।
জগতৰ বায়েক কেইজনী পঢ়াত বহুত চোকা আছিল। জগতে ভাল গান গোৱা বুলি চাৰিওফালে প্ৰচাৰ হোৱাৰ পিছতে এদিন কনক নামৰ ব্যক্তি এজনে জগতক লগ ধৰিবলৈ আহে আৰু জগতৰ ঘৰৰ ভিতৰত কথা নাপাতি ৰাস্তাৰ ফালে গৈ কথা পাতিবলৈ আৰম্ভ কৰিলে । ডাঙৰ বায়েকজনীয়ে অচিনাকি ব্যক্তিজন দেখি মনত ভাবিছিল কোন মানুহ সেইজন, ভাইটিৰ লগত কি কথা পাতিলে, ঘৰৰ ভিতৰত কথা নাপাতি ৰাস্তাৰ ফালে গ'ল কিয়? বায়েক কেইজনীয়ে জগতক নিজতকৈও ভাল পায় বাবে কেতিয়াও সন্দেহৰ চকুৰে চোৱা নাছিল। কাৰণ সি তেতিয়া ১৪ বছৰৰ কিশোৰ।
জগতে চিন্তা কৰিছিল যদি মানুহজনৰ লগত চুক্তিবদ্ধ হও তেন্তে মোক বহুত টকা দিব আৰু সেই টকাৰে মোৰ পৰিয়ালৰ সদস্যসকল বিশেষকৈ বাইদেউ তিনিজনীক সুন্দৰকৈ পঢ়া শুনা কৰা বাবে চোৱা চিতা কৰিব পাৰিম, কিয়নো বাইদেউ তিনিজনী পঢ়াত বহুত চোকা। এনেদৰেই জগতে মঞ্চত গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰিলে কিন্তু চুক্তিবদ্ধ হোৱাৰ দৰে টকা উপাৰ্জন কৰিবলৈ ধৰিলে। প্ৰথম জনী বায়েক APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভাল চাকৰি এটা পালে। জগতৰ এগৰাকী বায়েকৰ চিন্তা দূৰ হ'ল। দ্বিতীয় বায়েক জনীয়ে অভিযান্ত্ৰিক পদৰ বাবে আবেদন কৰিছে, তৃতীয় বায়েকজনী পঢ়া শুনা কৰিও আছে আৰু ওচৰৰ প্ৰাইভেট বিদ্যালয় এখনত শিক্ষকতা কৰি আছে। মায়েকে অতি কষ্টেৰে সিহঁতৰ খোৱা বোৱাৰ সময়ত যোগান ধৰে । জগতেও মনে মনে কোনেও গম নোপোৱাকৈ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত পঢ়া শুনা কৰি অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ।
এদিন হঠাৎ জগত অসুস্থ হৈ পৰিছিল। তিনি দিন পাছত জগতৰ বানিজ্য মেলা এখনত গীতৰ অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল যদিও শৰীৰৰ অসুস্থতাৰ বাবে যাব নোৱাৰে বুলি বানিজ্য মেলাৰ সম্পাদক জনক জনাইছিল। কিন্তু চুক্তিবদ্ধ হৈ থকা সেই ব্যক্তিজনে জগতৰ অসুস্থ হোৱাৰ খবৰ পাই জগতৰ ঘৰত উপস্থিত হৈছিল আৰু জগতক কৈছিল তুমি গীত পৰিৱেশন কৰিবই লাগিব কাৰণ আধাখিনি আগতীয়াকৈ লোৱা টকা ইতিমধ্যে বাদ্য যন্ত্ৰ শিল্পীসকলক দিয়াই হ'ল। মুঠতে ব্যক্তিজনে আকোৰগোঁজ হৈ পৰিছে, যিকোনো প্ৰকাৰে জগতে বানিজ্য মেলাৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিবই লাগিব। বেছি হুলস্থূল লগাৰ ভয়তে জগতে গান গোৱা বাবে ৰাজি হ'ল আৰু কিছু সময়ৰ পিছত ব্যক্তিজনে জগতৰ ঘৰৰ পৰা ওলাই গ'ল। ডাঙৰ বায়েকজনীয়ে কথাবোৰ মনে মনে শুনি আছিল যদিও ভায়েকৰ সৈতে কোনো ধৰণৰ কথা এই বিষয়ে আলোচনা কৰা নাছিল। কেৱল অনুষ্ঠানৰ তাৰিখটো আৰু সময় মনত ৰাখিছিল। জগতৰ বায়েক কেইজনীয়ে মাকৰ সৈতে জগতৰ গীতৰ অনুষ্ঠান চাবৰ বাবে আটাইকেইটাই যোৱাৰ সিদ্ধান্ত ল'লে।
অৱশেষত বানিজ্য মেলাৰ অনুষ্ঠান চোৱাৰ বাবে জগতৰ পৰিয়ালৰ সদস্যসকল উপস্থিত হৈছিল। কেইজনমান গাঁৱৰ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰাৰ কিছু সময়ৰ পিছত মঞ্চ পৰিচালনা কৰাজনে জগতৰ গীতৰ শৰাইৰ কথা ঘোষণা কৰে আৰু জগতে প্ৰথম গানটো গোৱাৰ পিছত দৰ্শকৰ উংসাহ দেখি বায়েক কেইজনীয়ে কিমান স্ফুৰ্তি পাইছে ভাষাৰে বুজাব নোৱাৰি। কিন্তু ডাঙৰ বায়েকজনীয়ে মনত এটা কথা ভাবিছিল যে ভায়েকৰ অসুস্থ শৰীৰে কেনেকৈ ইমান হামিঙেৰে গীত পৰিৱেশন কৰিছে। বায়েকৰ চিন্তা বাঢ়িব ধৰিছে কাৰণ বায়েকে জগতক ভায়েক যদিও নিজৰ সন্তানৰ দৰে যত্ন লৈছিল। এবাৰ মঞ্চত জগতক ঢলি পৰা যেন দেখিছিল লগে লগে বায়েকৰ সেই ব্যক্তিজনৰ কথা মনলৈ আহিল। কিছু সময়ৰ পিছতে জগতক সচাকৈ মঞ্চত বাগৰি পৰাৰ নিচিনা দেখিলে। দুই মিনিট পিছত এম্বুলেন্সৰ শব্দও শুনিবলৈ পালে। কিবা যেন সপোন দেখা যেন পালে।
সকলো দৰ্শকে একেলগে হুলস্থূল লগাই দিলে। কিহৈ গ'ল কোনোৱেই ধৰিবই নোৱাৰিলে। জগতে অৱশেষত এই জগতৰ পৰা একেবাৰে বিদায় মাগিলে। বায়েক কেইজনীয়ে ভায়েকৰ মৃত্যুৰ ৰহস্য জানিবৰ বাবে বহুতো চেষ্টা কৰিও একো ফল নাপালে আৰু ভায়েকক ন্যায় দিবলৈ সক্ষম নহ'ল।
****