নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
গল্প গুচ্ছ
নিখোজ
~গোপী বালা দাস~
বৰ মা, আপুনি অলপ ধৈর্য ধৰক। আপুনি মুখেৰে কথা কওঁক নহ'লে আমি কথাখিনি কেনেকৈ জানিম। আপুনি ল’ৰাটোৰ কাৰণে অলপ কান্দিব নোৱাৰে! আপোনাৰ ল’ৰা নিশ্চয় জীৱিত আছে । তেওঁক আমি য’তেই যেনেকৈ আছে তাৰ পৰাই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম । বৰদেউতাৰো অৱস্থা বেয়া । তেখেতে ক’ব পৰা অৱস্থাত নাই । গতিকে আপুনি গোটেই কথাখিনি যিমান সোনকালে ক’ব সিমান আপোনালোকৰ বাবেই মঙ্গল। মই ৰাতিপুৱাৰ পৰাই আপোনালোকৰ ঘটনাটো জানিবলৈ ৰৈ আছোঁ। এতিয়া ন বাজিল। মই DAY-50 চেনেলৰ পৰা আহিছোঁ। আমি জানো আপুনি এগৰাকী ভাল শিক্ষয়িত্রী আছিল। আপুনি জীৱনত বহুত সংগ্রাম কৰি আহিছে। আপুনি ভালদৰে জানে জীৱন মানে সংগ্রাম। গতিকে এইটো এটা সংগ্রাম। আপুনি ধৈৰ্য্যৰে সংগ্ৰামটো solve কৰক। পলম হোৱা মানেই বহুত কথা ওলট-পালট হ’ব পাৰে। গতিকে অতি সোনকালেই আৰম্ভণিৰ পৰা শেষলৈ গোটেই ঘটনাটো স্পষ্টকৈ কৈ যাওঁক । তেতিয়া আমাৰ সুবিধা হ’ব। এনেকৈ সাংবাদিক গৰাকীয়ে অতি আদৰ-সাদৰেৰে অনুৰোধ জনালে।
পুত্ৰৰ খবৰ নোপোৱা দিন ধৰি এটা শব্দও নোকোৱা গীতিমাই হঠাৎ এবাৰ চিঞৰি উঠিল। “মোৰ বাচা কণদীপ। এই চিঞৰটোৱে সকালো ৰাইজকে কন্দুৱালে। তাৰ পিছত কান্দি কান্দি ক’বলৈ ধৰিলে। NewsFive, Prime, AssamSpeak ৰ উপৰি ওচৰ-চুবুৰীয়া, আলহী-কুটুম্ব সকলোৱে ঘটনাটো শুনিবলৈ আগ্ৰহেৰে বাট চাই আছিল । কাৰণ ক’ৰ পৰা কি হ’ল কোনেও ঘটনাটো শুনা নাই। গাৱঁৰ মানুহে অলপ গুণা-গঠা কৰিছিল যদিও বিতংকৈ একো জনা নাছিল। সেয়ে সকলোৱে চকু পানী টুকি টুকি অতি মনোযোগেৰে কথাখিনি শুনিবলৈ ধৰিলে। সকলো লোকৰ মাজত এটাই প্রশ্ন, ল’ৰা শান্ত, মাক-দেউতাকো শান্ত, কিন্তু কেনেকৈ ইমান ডাঙৰ ঘটনা এটা হল? কণদীপটো মাক-দেউতাকক এৰি থাকিব পৰা বিধৰ অথবা বেয়া চৰিত্ৰৰ নহয়! কোনোবা দুষ্ট চক্রই নিখোঁজ কৰিলে নেকি? আমি জানো কণদীপে ওচৰৰে এটা কোম্পানীত কাম কৰে, দৰমহা পায় পোন্ধৰ হাজাৰ টকা, ঘৰৰ পৰা অহা-যোৱা কৰে। সি M.Sc. পাছ। তাৰ বয়স প্রায় তেত্ৰিছৰ দেওনা পাৰ হ’ব। কিন্তু সি লক্ষ্মৌ চহৰলৈ কিয় গ’ল, জীৱিত আছেনে নাই এয়াই সকলোৰে মনত অনুসন্ধিৎসু।
অ’… মা! কি হ’ল বুলি মই উত্তৰ দিলোঁ। সি মোৰ কাষত এখন বিছনাতে বহিল। মা আমাৰ কোম্পানীত আজি এটা ইন্টাৰভিউ আছিল। তাত হাউলীৰ এজন লৰাই ইন্টাৰভিউ দিবলৈ ঘৈনীয়েকক আনিছে। তেওঁ মোৰ চার্টিফিকেট খিনি চাই M.Sc পাছ বুলি জানি মোক ক’লে, লক্ষ্মৌত বোলো Central Food Corporation Limited ত এটা B.Sc. Science ৰ post আছে। তাকে যদি যাব দিয়া তেখেতৰ লগত আলোচনা কৰিবলৈ কৈছে। পোষ্টটো ভাল, গ্ৰেড থ্ৰী পোষ্ট, অৰ্হতা B.Sc. passed লাগে। টকাটো Appointment হোৱাৰ পিছত দিলেই হ’ব, মাথোন বিশ্বাসৰ বাবে চাকৰি হোৱাৰ আগতে Agreement কৰিব লাগিব। সন্তানৰ ভাল হোৱাটো কোন মাক-দেউতাকে নিবিচাৰে! অঃ মা তুমি কথা পাতা বুলি ফোনটো লগাই দিলে। মই পিছত কথা পাতিম বুলি কোৱা সত্ত্বেও সি ফোনটো লগাই দিয়াত মই চিন্তা ভাৱনা কৰিবলৈ সময়ে নাপালোঁ। সন্তানৰ আকুলতাত মই মুহুর্ততে এক চক্ৰবেহুৰ মাজত সোমাই পৰিলোঁ।
Hello! সেই ফালৰ পৰাও বাজি উঠিল Hello। আপুনি বোলে আমাৰ ল'ৰাটোক কিবা কৈছিল, কথাখিনি মোক বুজাই কওঁকচোন। খুৰীমা, লক্ষ্মৌত Central Food Corporation Limited ত এটা post খালি আছে। সেই post ৰ বাবে B.Sc. passed লাগে। মই সুধিলো post টো কেনেকুৱা? তেওঁ উত্তৰ দিলে- খুৰীমা লক্ষ্মৌ Union য়ে বাৰটা post ৰ against ত হাই কোর্ট কৰিছিল। পিছত হাইকোর্টে ৰায় দিছে। এতিয়া সেই post ৰ against ত যিকোনো Candidate ল’ব পাৰে। ইতিমধ্যে এঘাৰ টা Fill up হ’ল। এতিয়া এটা মাত্র বাকী আছে। আপোনালোকে যদি ok আছে তেন্তে অহাকালিয়েই লক্ষ্মৌ যাব লাগিব নহলে নহ’ব। তেতিয়া মই সুধিলো post টোৰ against ত কিমান Donation দিব লাগিব। তেওঁ ক’লে, দহলাখ। তেওঁ সেই ফালৰ পৰা পুনৰ ক’লে, টকা পিছে appointment হোৱাৰ পিছত দিলেই হ’ব, চিন্তা কৰিব নালাগে। মই তেতিয়া ক’লো- অহাকালিতো যাব নোৱাৰিব। এতিয়া খাটাংকে একো ক’ব নোৱাৰোঁ। অহাকালি ৰাতিপুৱা খবৰটো স্পষ্টকৈ দিম, কাৰণ টকা-পইচাৰ কথা, অলপ ভাবি চাব লাগিব। কথাটো নিশ্চয় বুজি পাইছে। হ’ব হ’ব বুলি তেওঁ উত্তৰ দিলে। সেই দিনৰ বাবে মই আলোচনা তাতেই সমাপ্ত কৰিলোঁ।
পিছদিনাখন ৰাতিপুৱা মোৰ ল’ৰা কণদীপে তেওঁক ফোন কৰিলে। দুইবাৰ ধৰা নাই ব্যস্ত। তাৰ অলপ পিছত মোক মা বুলি কৈ ফোনটো দিলে, অ’ মা কথা পাত। মই ফোনটো লৈ কথা পতাত আৰম্ভণিতে ক’লে, “খুৰীমা post টো grade IV হে হ’ব, grade III post কেইটা আগতেই লোৱা হৈছে”। কথাখিনি শুনি মই অবাক হ’লো। কি কওঁ, কি নকওঁ লাগিল। এই ফালে আমি সিদ্ধান্ত লৈ পেলালো যে যাবলৈ দিম কিন্তু post টো যে ওলট-পালট হ’ল। কি কৰোঁ এতিয়া ভাবি থাকোতে কণদীপে ক’লে, “IV grade হ’লেও যাম দে মা”। মই ক’লো ঠিকে আছে যাবি। এই বুলি তেওঁক খাটাং ৰিজাল্টটো দিলোঁ আৰু সুধিলো grade IV post ৰ বাবেও দহ লাখেই দিব লাগিব নেকি Donation? তেওঁ হয় বুলি উত্তৰ দিলে আৰু যাতায়াত, থকা-খোৱা খৰচ নিজে নিজে বহন কৰিব লাগিব বুলি ক’লে। আমি সকলো কথাত সম্মতি দি যাব বুলি খাটাংকে ক’লো। বন্দবস্ত ইমানেই হ’ল । মনত কি যে আনন্দ। নতুন নতুন সপোন দেখিবলৈ আৰম্ভ কৰিলো কাৰণ তিনি মাহৰ ভিতৰত চাকৰিটো হ’বই। খবৰটোৱে আমাৰ মুখৰ ৰং সলনি কৰি দিলে। মনৰ উৎসাহত কল্পনা জগতত সোমাই পৰিলোঁ।
ৰাতিপুৱা ন বজাত কণদীপে পুনৰ ফোনটো আনি মোৰ হাতত দিলে । মোৰ ল’ৰাটোৱে এইটোও নাজানে যে কোনোবাই ফোন কৰিলে ফোনটো Recieved কৰি দিব নালাগে। মই সুধিলোঁ কোনে ফোন কৰিছে? সি উত্তৰ দিলে ধীৰাজ দাই। এই বুলি হাতত ফোনটো লৈ কথা পাতিলোঁ। তেওঁ ক’লে, খুৰীমা আপোনালোকে আমাৰ ঘৰলৈ আহক আমি কথা পাতিব লাগিব। মই তেতিয়া ক’লো আমি দেখোন কথা পাতিলোৱেই। তথাপি যাব লাগে যদি কণদীপে যাব দিয়ক। নাই আমি Candidate ৰ লগত বেছি আলোচনা নকৰোঁ বুলি তেওঁ ক’লে, আমি অভিভাবকৰ লগতহে কথা পাতিব লাগিব বুলি ক’লে। তেতিয়া মই ক’লো, তেনেহলে যদি পাৰে আপোনালোকে আহক। তেওঁ ক’লে হ’ব বাৰু। মই পুনৰ সুধিলোঁ- কোতিয়া আহিব? তেতিয়া তেওঁ ক’লে শর্মা দাক শুধিলৈ আপোনাক জনাম। প্রায় এঘণ্টামান পিছত কণদীপে মোক ক’লে, “মা ধীৰাজ দাহঁতে আহিছে”।
মই কি কৰোঁ কি নকৰোঁ লাগিল। ঠিক সেই সময়তে দুজন ল’ৰা আহি উপস্থিত হ’ল। তেওঁলোকক বহিবলৈ দি আদৰ-সাদৰেৰে আপ্যায়ন কৰিলোঁ। তাৰে মাজে মাজে আলোচনাত অংশ ললোঁ। তেওঁলোকৰ পৰা জানিব পাৰিলো যে শর্মা বুলি কোৱাজন আহিব নোৱাৰিলে। সেয়ে তেওঁলোকে শর্মাৰ সৈতে ফোনটো লগাই দিলে । ৰাতিপুৱা কৰা আলোচনাখিনি তেওঁৰ লগত মিলি গ’ল। সকলো ৰাতিপুৱাৰ আলোচনামতে একে থাকিল। কণদীপে তাৰ সকলো Documents whatsapp যোগে তেওঁলোকৰ mobile ত পঠিয়াই দিলে। তেওঁলোকে পিছদিনাখন ৰাতিপুৱা পাঁচ বজাত গুৱাহাটীত ৰাজধানী এক্সপ্ৰেচ ৰেলগাড়ীখন পোৱাকে যাবলৈ ক’লে। তেওঁলোকে টিকট কাটিব আৰু এজন ল’ৰাই ৰেলগাড়ীত উঠাই দিব বুলি কৈ তেওঁলোকে বিদায় ল’লে । লগে লগে কণদীপে ছুটী বিচাৰি কোম্পানীৰ বচৰ ওচৰলৈ গ’ল। কোম্পানীৰ বচে ছুটী নিদিয়াত ৰেজিগন্যেশ্বন পত্ৰকে দি থৈ আহিল ।
আবেলি চাৰি বজাত ৰেল ষ্টেচনলৈ গৈ ওচৰৰ এখন হোটেলত ৰাতিটো কটালে। পিছদিনা ৰাতিপুৱা পাঁচ বজাত গুৱাহাটীত তেওঁলোকে কাটি দিয়া টিকটত লক্ষ্মৌলৈ যাত্ৰা আৰম্ভ কৰিলে। ট্রেইনখনত উঠাই দিয়া ল’ৰাজনৰ নামো ধীৰাজ; কিন্তু মই ফোনত কথাপতা ধীৰাজ জন এইজন নাছিল। ট্ৰেইনত উঠাই দিয়া ধীৰাজ জনক মই আগতে দেখা নাই। তাৰ পিছদিনাখন লক্ষ্মৌ হাইক’ৰ্টৰ union ৰ এজনে মোক হাইক’ৰ্টলৈ লৈ গ’ল। হাইক’ৰ্টৰ এটা ৰুমত বহুৱাই থৈ তেওঁ কাগজৰ ফাইল এটা আনি সকলো লিখা-কাম সুচাৰুৰূপে কৰি, অৱশেষত চহীকেইটা কৰি কামখিনি হোৱাৰ সাত দিন পিছত ঘৰলৈ উভতি আহিলোঁ। হাইকোর্টত মুঠ মাননি পঞ্চাছ হাজাৰ টকা খৰচ হ’ল। খোৱা-বোৱা আদিকে ধৰি বাসত্তৰ হাজাৰ টকা খৰচ হ’ল। টকা গলেও আমাৰ মনত কি যে আনন্দ লৰাটোৰ চাকৰি হ’ব। ডাঙৰ জনৰ ভাগ লাগিলে সৰু জনৰ বাবে tension কমি থাকে। গতিকে বহুত চিন্তাৰ পৰা মুক্তি পোৱা যেন পালোঁ । কিন্তু বিধিৰ বিপাক। সময়ে কাক কেনেকৈ ক’লৈ লৈ যায় কোনে ক’ব পাৰে! আমাৰো একেই দশা হ’ল।
এমাহ-দুমাহ কৰি তিনিমাহ হ’ল । অপেক্ষা কৰি কৰি, ফোন কৰি কৰি খবৰ লওঁ যদিও একো নাই মাত্র হ’ব হ’ব। তিনি মাহৰ অন্তত লক্ষ্মৌ হাইকোর্ট ৰ এখন Notice আহিল। Notice খনৰ জৰিয়তে কণদীপৰ চার্টিফিকেট (Document) বোৰ বিচাৰিছে। তিনি দিনৰ ভিতৰত Documents জমা দিব লাগে। Notice খন পঢ়ি চাই বুজি পালোঁ যে চাকৰিৰ সলনি High court ৰ জামেলাত সোমাই পৰিলে মোৰ শান্ত-শিষ্ট পৃথিৱীৰ আও-ভাও বুজি নোপোৱা ল’ৰাটোৱে। ৰাতিৰ ভিতৰতে টকা-পইচা manage কৰি পিছদিনাখন পুনৰ পঠিয়াই দিলোঁ। এনেকৈ বাৰে বাৰে notice আহে, বাৰে বাৰে যায়, কিন্তু কি উদ্দেশ্যে কি বিচাৰি High court কৰা হ’ল গমকে নাপালোঁ । Notice ত কোনো post বা appointment ৰ কথা উল্লেখ নাই, আছে মাত্র লক্ষ্মৌ Union ৰ ওপৰত High court কৰা হৈছে; আৰু Over Qualification থাকিলেও grade IV ৰ চাকৰি পাব লাগে যিটো চৰকাৰৰ আইন বিৰোধী নীতি। মুঠতে এক কথাত ক’বলৈ হলে চৰকাৰী আইনৰ ওপৰত court কৰা হৈছে। এনেকৈ notice ৰ পিছত notice আহিব ল’লে আৰু কোৰ্টত Documents দিওঁতে দিওঁতে লক্ষ্মৌত যাওঁতে যাওঁতে পৰিয়ালটো সৰ্বস্বান্ত হ’ল। এই ফালে লক্ষ্মৌ union ৰ পৰাও notice আহিল- কি কাৰণে Union ৰ ওপৰত High court কৰা হ’ল। তেওঁলোক আমাৰ ওপৰত ক্ষুণ্ণ হ’ল। আমি তেওঁলোকক আদিৰ পৰা অন্তলৈকে ঘটনাটো বুজাই ক’লোঁ আৰু তেওঁলোকৰ ওপৰত ভুলবশতঃ কৰা অপৰাধৰ বাবে ক্ষমা খুজি case টো উঠাই লোৱা হ’ল। লক্ষ্মৌ union ৰ সদস্য সকল ইমানেই জ্ঞানী আছিল যে তেওঁলোকে কথাখিনি ভালদৰে বুজি পালে যে অভিমন্যুক চক্ৰব্যূহত পেলোৱাৰ দৰেই ল’ৰাটোকো চক্ৰব্যূহত সোমাই দিছে। সেয়ে তেওঁলোকৰ ফালৰ পৰা মোৰ ল’ৰাটোক ক্ষমা কৰি দিছে। এনেকৈ দহ বছৰ পাৰ হ’ল। তেওঁলোকৰ সহযোগত আইন বিৰোধী case টো উঠাই অনা হ’ল। তাৰ পিছত লক্ষ্মৌত যোৱাটো কোনোমতে বন্ধ হ’ল। কিন্তু কি হ’ব! বৰ দুখৰ বিষয়। মই ৰিটাইৰ্ড হ’লো। NPS ৰ চাকৰি, পেঞ্চন নাই। যি অলপ পালোঁ সেইখিনিও শেষ হ’ল। দেউতাক শয্যাগত। এই ফালে দহ বছৰ ধৰি কণদীপে এটাও ইণ্টাৰভিউ দিব পোৱা নাই । কাৰণ প্ৰতিটো Advertise ত online apply কৰিব দিয়ে; কিন্তু High court কৰা বাবে Submit নহয়। এফালে M.Sc. লগতে Software Engineer passed কৰা ল’ৰাটোৱে এটা ইন্টাৰভিউও দিব নোৱাৰা হল । - এই চিন্তাতে ল’ৰাটো ভাঙি পৰিল। এইফালে টকা-পইচাৰ অভাৱ, আনফালে পিতৃ-মাতৃ দুয়োজনৰে বেমাৰ, মাটি-সম্পত্তি নাই, লক্ষ্মৌ বাটকুৰি বাওঁতে বাওঁতে, case ৰ নামত দিওঁতে দিওঁতে সকলো শেষ। থাকিল মাথোন চাকৰিৰ চিনৰূপে পকীঘৰখন।
অ’ মা, মই লগৰ ল’ৰা কুলধৰৰ পৰা পঞ্চাছ হাজাৰ টকা ঋণ লৈছোঁ । অহাকালি মই লক্ষ্মৌলৈ যাম। তাত মোৰ এসপ্তাহমান হ’ব। তোমালোকে চিন্তা নকৰিবা। মই প্রথমদিনাখন লক্ষ্মৌলৈ যোৱাত High court ত সহায় কৰা ল’ৰাটোক বিচাৰি উলিয়াম আৰু তেওঁ মোৰ জীবনটোৰ লগত কিয় হেতালি খেলিলে আচল ৰহস্যটো বিচাৰি উলিয়াম; লগতে union ৰ দাদা-ভাইটি কেইজনকো লগ ধৰিম। সৰুই আছেই, তোমালোকে তাৰ লগত থাকিবা। মই তাক বহুত কাকূতি-মিনতি কৰিলোঁ তথাপি তাক মই ৰখাব নোৱাৰিলোঁ। সি মাত্র কয়, মোৰ জীবনটো শেষ মা। মই তাক প্ৰতিদিনে বাৰে বাৰে কৈছিলো, চাকৰি মানে জীৱন নহয়। জীৱিকা মানে জীৱনৰ শিক্ষা। যি কোনো ভাল কর্ম কৰি মানুহে হাঁহিব পাৰে, সুখী হ’ব পাৰে, আনন্দত জীবন কটাব পাৰে। পৃথিবীত সৰু-ডাঙৰ বহুত কাম আছে, তাৰেই যি কোনো এটা কৰি সুখী হ’ব পাৰিবা। যি হৈ গ’ল হ’ল, আমাৰ সকলোৰে ভাগ্যৰ লিখন। “নাই মা, মোক বাধা নিদিবা। মই আচল সত্যটো উদঘাটন হোৱাৰ পিছতহে মই ঘৰলৈ উভটি আহিম। মই কথা দিছোঁ, মই কাৰো লগত হাই-কাজিয়া নকৰোঁ কাৰণ মই জানো মই শিক্ষক-শিক্ষয়িত্রীৰ সন্তান। তোমালোকে বাধা নিদিবা। মই অহাকালি ৰাতি তিনি বজাতেই যাম।
যোৱা তিনিদিন ফোনত পাইছিলোঁ, তাৰ পিছত চুইছ অ’ফ। এতিয়া ল’ৰাটোৰ কি হ’ল মই ক’ব নোৱাৰোঁ। এই বুলি আর্তনাদ কৰি তেওঁ কান্দিবলৈ ধৰিলে। তাক বিচাৰি আনা, তাক বিচাৰি আনা বুলি চিঞৰিলে। ঠিক সেই সময়তে অ’… মা, অ’…মা বুলি মাতোতে চকু মেলি দেখিলো ল’ৰা দুটাই গাত জোকাৰি আছে।
****