নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
গল্প গুচ্ছ
মাজত এখন বেৰ
~গিৰীন্দ্ৰ মেধি~
অৱশেষত বৃকোদৰ বৰুৱাই সুৰজিত বৰাক হৰুৱাই দ্বিতীয় বাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হ’ল৷ বৃকোদৰ বৰুৱাক সকলোৱে বৃকোদৰ মহাজন বুলিহে জানে৷ মহাজনৰ নিৰ্বাচনত জয়লাভ কৰাৰ কৌশলে সকলোকে আচৰিত কৰি তুলিছিল৷ নিৰ্বাচনৰ বেলিকা ৰাইজে জননেতা সুৰজিত বৰাকে ভোট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ভোটদানৰ প্ৰাক্ মুহূৰ্তত ৰাইজৰ এনে বিশ্বাসঘাতকতাই সুৰজিতৰ সমৰ্থক সকলক বিস্মিত কৰি তুলিলে৷ নিৰ্বাচনত পৰাজয়বৰণ কৰিলেও সুৰজিতৰ মনত অকনো দুখ লগা নাই৷ ৰাইজৰ দাবীতে নিৰ্বাচনত নামিছিল৷ ৰাইজেই হৰুৱালে৷ নিৰ্বাচনৰ এই ঘটনাই সুৰজিতক মুঠেই বিচলিত কৰিব পৰা নাই৷ বৰঞ্চ বৃকোদৰ বৰুৱাক শুভেচ্চা জনাই কৈছিল – ‘ৰাইজে আপোনাৰ যিমানে অপপ্ৰচাৰ নকৰক কিয়, তাত আপোনাৰ জনপ্ৰিয়তা নকমে। প্ৰকৃতাৰ্থত আপুনি ৰাইজৰ জননেতা৷ আপোনাৰ পৰা আমি বহুত আশা কৰিছো৷’ সুৰজিতৰ এনে শুভেচ্চাসূচক মন্তব্যত বৃকোদৰ বৰুৱাৰ ওঠত এটা কৃত্ৰিম হাঁহিহে বিৰিঙি উঠিছিল৷
বৃকোদৰ বৰুৱা ওজন প্ৰভাৱশালী লোক আছিল৷ তেওঁৰ কাৰ্যত বাধা দিয়াৰ সাহস কোনেও কৰিব নোৱাৰে৷ ওপৰ মহলত বৰুৱাক নিচিনা লোক নাছিল৷ যাৰ বাবে মহাজনৰ ক্ষমতা, আত্মগৌৰৱ সকলোতে বাঢ়ি এজন প্ৰতিপত্তিশীল লোক হিচাপে পৰিগণিত হৈছিল৷ পৃথিৱীৰ বুকুত যিমানে বিভীষিকা নামি নাহক কিয়, মহাজনে তাক কেৰেপ নকৰে৷ সমাজ বুলি সকলোৱে ধাৰণা কৰা মানৱিক ব্যৱস্থাটোক মহাজনে মাথোন অলৌকিকতা বুলিহে ধাৰণা কৰে৷ মহাজনৰ সময়ে সময়ে কিন্তু এক ভীষণ চিন্তাই জুমুৰি দি ধৰে৷ সেয়া হ’ল তেওঁৰ একমাত্ৰ কন্যা বিনীতাৰ বাবে৷ তাইৰ চাল-চলন আৰু কথা-বাৰ্তাত মাজে সময়ে মহাজন ভয় খাবলগীয়া হয়৷ মহাজনে জানে বিনীতা এক বিশেষ চৰিত্ৰৰ ছোৱালী৷ ঘৰখনৰ মতৰ সৈতে তাইৰ বিৰোধ প্ৰায়ে ঘটে৷ বিনীতাৰ কিছুমান কথাত সময়ে সময়ে মহাজনৰ খঙে চুলিৰ আগ পায়৷ কিন্তু একমাত্ৰ কন্যা বুলিহে মহাজনে শান্তনা লভে৷
নিৰ্বাচনত নামিবৰ পৰত বিনীতাৰ এষাৰ কথাত মহাজন প্ৰায় অপ্ৰস্তুত হৈয়ে পৰিছিল৷ সন্দেহ উপজিছিল জানোচা বিনীতাই অপপ্ৰচাৰ তলায়৷ জননেতা সুৰজিত বৰাক পৰাস্ত কৰাটো তেওঁৰ বাবে হেনো পৰ্বতত কাঁচ কণী বিচৰাৰ দৰে হ’ব বুলি বিনীতাই যি মন্তব্য দিছিল, মহাজন একেবাৰে হতাশ হৈ পৰিছিল৷ কিন্তু নিৰ্বাচনৰ ফলাফলৰ জয়ৰ বাৰ্তাই বৃকোদৰ মহাজনক প্ৰফুল্লিত কৰি তুলিলে৷ জয়ৰ আনন্দ মহাজনৰ সমৰ্থকসকলে উপভোগ কৰাৰ সময়ত বিনীতাৰ অন্তৰত এক নতুন চিন্তাই বেৰি ধৰিলে৷ দেউতাকৰ নিৰ্বাচনৰ জয়ৰ আনন্দক তাই সহজভাবে ল’ব পৰা নাছিল৷ মাজনিশালৈকে বৃকোদৰ বৰুৱাৰ চোতালত মানুহৰ সমাগম হৈয়ে আছিল৷ ৰাজহুৱা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে আহি তেওঁক ঘৰতে শুভেচ্চা দিছিল৷ বিনীতাই কিন্তু দেউতাকৰ এই জয়ৰ আনন্দক উপভোগ নকৰি নিজৰ কোঠাত সোমাই নিবীড়ভাবে বিছনাত শুই অন্য এক কথা চিন্তা কৰি আছিল৷ দেউতাকৰ জয়ৰ বাতৰিয়ে তাইৰ আকাংক্ষিত মনত প্ৰবল শিহৰণ তুলিছিল। যি শিহৰণত তাই নিজকে হেৰাই যোৱা যেন অনুভৱ কৰিলে৷ দেউতাকৰ জয়ৰ প্ৰকৃত কাৰণ তাই নজনা নহয়৷ নিশাৰ ভিতৰতে শ-শ টকা খৰছ কৰি তাইৰ দেউতাকে জয়ৰ বৰমাল্য পিন্ধি ল’লে৷ সুৰজিত যে বেয়াকৈ হাৰি যাব তাই ভাবিবই পৰা নাছিল৷ সুৰজিতৰ নিৰ্বাচনৰ প্ৰচাৰৰ বেলিকা দেহে-কেহে নাখাটিলে যদিও পৰোক্ষভাবে তাই ভালেখিনি সহায় কৰিছিল৷ দেউতাকৰ দুয়ো হাতেৰে অৰ্জা কলা টকা চুৰকৈ আনি সুৰজিতক দি সহায় কৰিছিল৷ সুৰজিতক টকা দিবলৈ যোৱা ৰোমাঞ্চ মুহূৰ্তটোৰ স্মৃতি তাইৰ দুচকুত ভাহি উঠিল৷ প্ৰথমাৱস্থাত সুৰজিতে টকা ল’বলৈ আগ্ৰহ কৰা নাছিল৷ বিনীতাৰ বহু বুজনিত সুৰজিতে টকা ল’বলৈ বাধ্য হ’ল৷ তথাপি সুৰজিতে তাইক কৈছিল – ‘বিনীতা মানুহ যিমানে তললৈ নামি নাযাওঁক কিয়, সেই মানুহ আপোনজনৰ বাবে সদায় আপোন৷ আজি তুমি দেউতাৰৰ অবাধ্য হৈ এটা সাংঘাটিক ভুল কৰিবলৈ ওলাইছা৷ যিজন মোৰ ঘোৰ প্ৰতিদ্বন্দী, সেইজনৰ জীয়াৰী হৈ তুমি মোক সহায় কৰিবলৈ আগবাঢ়িছা৷ সমাজে এই ক্ষেত্ৰত কি বুলিব? মোৰ প্ৰতি তোমাৰ বিৰোধ ভাৱ নাই নে?’
‘আপোনজনক সহায় কৰিবলৈ অহাৰ পিছতো জানো বিৰোধ ভাব থাকিব পাৰে৷’
‘তুমি ইয়াৰ মাজেৰে কি ক’ব বিচাৰিছা বিনীতা? মই ধৰিব পৰা নাই৷’ – সুৰজিতে এক প্ৰকাৰ আশ্চৰ্যৰ সুৰতে ক’লে৷
‘আপোনাক বুজাবলৈ মোৰ ভাষা নাই৷ মই বৰ অসহায় হৈ পৰিছো সুৰজিতদা৷ দেউতাৰ বাঢ়ি অহা কু-কাৰ্যকলাপে মোক তিল তিলকৈ জ্বলাই মাৰিব ধৰিছে৷ দেউতাৰ কাৰ্যত বাধা দিয়াৰ মোৰ কোনো সামৰ্থ নাই৷ সেয়ে এই সুযোগটো মোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ আপুনি মোক সহায় কৰক৷ নিৰ্বাচনত আপুনি জয়ী হোৱাটো বিচাৰো৷ আপুনি বিগত দহটা বছৰে যুৱনেতা হৈ এই অঞ্চলৰ ৰাইজৰ হকে মাত মাতি আহিছে৷ এই অঞ্চলৰ ৰাইজক নেতৃত্ব দিয়াৰ আপোনাৰ ক্ষমতা আছে৷ ৰাইজে আপুনি জয়ী হোৱাটো যিদৰে বিচাৰে অন্তত মই এক বেলেগ আদৰ্শৰে আপোনাক জয়ী হোৱাটো বিচাৰো৷ যি আদৰ্শ আপোনাৰ মাজত মই দেখিবলৈ পাইছো৷ গতিকে আপুনি ...৷’
‘বিনীতা তুমি এক সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ জীয়াৰী৷ তোমালোকৰ ঘৰৰ মতৰ স’তে মোৰ মতৰ বহুত পাৰ্থক্য আছে৷ তেনেস্থলত এটা ডাঙৰ ভুল কৰিবলৈ ওলোৱাটো মই মুঠেই কামনা নকৰো৷’ বিনীতাৰ আৱেগ বিহ্বল কথা শেষ হ’বলৈ নৌপাওঁতেই সুৰজিতে মাজতে ক’লে৷ বিনীতাৰ মনৰ অৱস্থা স্পষ্টভাবে বুজি উঠাৰ পিছতো সুৰজিতে পুনৰ এবাৰ বুজনি দিয়াৰ অপচেষ্টা চলাই ক’লে – ‘তুমি ...৷’
কিন্তু সুৰজিতৰ কথাৰ মাজতে বিনীতাই ক’লে – ‘সেয়া সম্ভৱ নহ’ব সুৰজিতদা৷ আপুনি মোৰ সহায় গ্ৰহণ কৰক৷ মই আপোনাৰ বিশ্বাস আৰু সততাক কেতিয়াও ত্যাগ কৰিব নোৱাৰিম৷ কাৰণ মই আপোনাক ভাল পাওঁ৷’ বিনীতাৰ অশ্ৰুসিক্ত নয়ন যুগললৈ বন্যা নামি আহিল৷ থোকা থুকি মাতেৰে পুনৰ কৈ উঠিল – ‘পৃথিৱীত যিমানে দুৰ্যোগ নামি আহক মই আপোনাৰ বিশ্বাস আৰু সততাক কেতিয়াও ত্যাগ কৰিব নোৱাৰিম৷’ সুৰজিৰ মনৰ ভাষা হেৰাই গ’ল৷ আহিনৰ ডাঠ কুঁৱলীয়ে আৱৰা তাৰ অশান্ত মনত কিবা এক অশান্ত অনুভূতিয়ে জোকাৰি দি গ’ল৷ বিনীতাৰ বেদনাসিক্ত দুচকুৰ চকুপানী দুহাতেৰে মচি দি সি মাত্ৰ ক’লে – ‘ধন্যবাদ বিনীতা৷ তোমাৰ সুপ্ত চেতনাই মোৰ জণ সংগ্ৰামত জোগাই তোলক নতুন প্ৰত্যাশা৷’ বিনীতাই সুৰজিৰ নোমাল বুকুত মুৰটো গুজি পুনৰ ফেঁকুৰি উঠিলে৷ শান্তিৰ আনন্দ মিশ্ৰিত গধুৰ ভাবত ডুবি থকা সুৰজিতে বিনীতাক দুহাতেৰে সাবতি ধৰিলে৷
নিৰ্বাচনত জয়লাভ কৰাত বৃকোদৰ বৰুৱাৰ মনত অপাৰ আনন্দ৷ শুভেচ্চা জনাবলৈ অহা ৰাইজক তেওঁ অন্তৰ উজাৰি অভিনন্দন জনাইছে৷ কিন্তু এই জয়ৰ আনন্দৰ মাজতো তেওঁৰ অন্তৰত নিৰানন্দই বিৰাজ কৰিছে৷ ৰাইজক অভিনন্দন জনাই থকাৰ সময়তো একমাত্ৰ কন্যা বিনীতাক ৰাইজৰ মাজত নেদেখি তেওঁ আচৰিত হ’ল৷ আনন্দ মিশ্ৰিত অন্তৰত এক মৃদু বিষাদৰ ক’লা ছাই আৱৰি ধৰিলে৷ ৰাইজক বিদায় দি তেওঁ পোনে পোনে বিনীতাৰ কোঠালৈ গুছি আহিল৷ দৰ্জাত হাত দিয়ে গম পালে ভিতৰৰ পৰা বন্ধ কৰা আছে৷ দৰ্জাত টুকুৰিয়াই বৰুৱাই বিনীতাক মাতিলে৷ দেউতাকৰ মাতত বিনীতা চক্ খাই উঠিল৷ অলপ আগতে দুচকুত ভাঁহি উঠা সপোনটো হেৰাই গ’ল৷ বিনীতাৰ মনটো ঘৃণাৰে উপচি পৰিল৷ তাই দেউতাকৰ মুখ চাবলৈ মুঠেই ইচ্ছা কৰা নাছিল৷ তথাপি দেউতাকৰ মাতত বিছনাৰ পৰা উঠি লাহেকৈ দুৱাৰখন খুলি দিলে৷ দেউতাকৰ মুখলৈ চাই তাই মুখ ঘূৰাই দিলে৷
‘গা বেয়া লাগিছে নেকি?’ – বিনীতাৰ বেদনাক্লিষ্ট মুখলৈ চাই দেউতাকে লাহেকৈ সুধিলে।
‘নাই লগা৷’
‘তেন্তে এনেদৰে বিছনাত শুই নিজান পৰিৱেশৰ মাজত সোমাই কি কৰি আছা? মোৰ নিৰ্বাচনৰ জয়ৰ বাতৰিয়ে অঞ্চলটোত খলক লগাই তুলিছে৷ ঘৰখনত ভৰি পৰিছে আলহী, শুভাকাংক্ষী, সমৰ্থকসকল৷ অথচ এনে অৱস্থাত এনেদৰে কোঠাৰ ভিতৰত সোমাই আছা!’
‘এই জয়ৰ আনন্দই মোক আপ্লুত কৰিব পৰা নাই দেউতা৷ এই জয়ৰ আনন্দত মই এক নতুন বেদনাৰ অনুভূতি পাইছো৷ যি অনুভূতিয়ে মোৰ বিবেকক দংশন কৰি নিঃশেষ কৰিবলৈ ওলাইছে৷’
‘বিনী, তই এইবোৰ কি ক’বলৈ ওলাইছা৷ পিতৃৰ জয়ৰ আনন্দত তই কি দুখৰ অনুভূতি অনুভৱ কৰিছা! পিতৃ হিচাপে তোমাৰ প্ৰতি মোৰ যি কৰ্তব্য তাৰ অকণো ত্ৰুটি কৰা নাই৷ তেনেস্থলত তই এইবোৰৰ মাজত সোমাই নিজকে অপ্ৰস্তুত কৰি তুলিছা কিয়?’ বিনীতাৰ কথাত একপ্ৰকাৰ খঙেৰে বৃকোদৰ বৰুৱাই ক’লে৷
‘সন্তান হিচাপে তোমাৰ প্ৰতি মোৰ অশেষ শ্ৰদ্ধা আছে৷ কিন্তু তোমাৰ কিছুমান কাৰ্যত মই ঘোৰ আপত্তি কৰো৷ তুমি নিজকে এক বেলেগ ৰূপত সজাই মোৰ পৰা আঁতৰি গৈছা আৰু তোমাৰ প্ৰতি থকা শ্ৰদ্ধাকণো নাইকিয়া কৰিছা৷’
‘বিনী, মোৰ ব্যক্তিগত কাৰ্যত তুমি নজৰ দিয়াৰ কোনো আৱশ্যক নাই৷ পিতৃ হিচাপে তোমাৰ প্ৰতি থকা মোৰ যিখিনি দায়িত্ব তাত মই অকণো ভুল কৰা নাই৷ মই নিৰ্বাচনত জয়ী হোৱা বাবে তোমাৰ কি অসুবিধা হ’ল৷ মই হাৰি যোৱাটোৱে তুমি বিচাৰিছিলা, সুৰজিত বৰাৰ জয় হওঁক৷’
‘এৰা দেউতা৷ ৰাইজে তোমাৰ প্ৰকৃত স্বৰূপটো আজিলৈ চিনি পোৱা নাই৷ আচলতে তুমি নিৰ্বাচনত জয়ী হৈছা মুঠিৰ ধন খৰচ কৰি৷ টকাই আপোনাক বাৰুকৈয়ে অন্ধ কৰি তুলিছে৷ ক্ষমতাৰ লোভত তুমি বহু তললৈ নামি গৈছা৷ ৰাইজক ফাঁকি দি তুমি ৰাইজৰ ধনেৰে নিজৰ প্ৰতিপত্তি বঢ়াইছা৷ যোৱা পাঁচটা বছৰৰ কু-কাৰ্যই তোমাৰ আঁচল মানুহটোৰ পৰিচয় দি গ’ল৷’
‘তাৰমানে মই হাৰি গৈ সুৰজিত বৰা জয়ী হোৱাটো কামনা কৰিছিলা৷ সুৰজিতৰ প্ৰতি তোমাৰ ইমান স্বাৰ্থ কিয়?’
‘সুৰজিত এজন সৎ আৰু আদৰ্শবান জননেতা৷ ৰাইজে তেওঁ জয়ী হোৱাটো কামনা কৰিছিল৷ কিন্তু তোমাৰ চল-চাতুৰিৰ পাকচক্ৰত পৰি ৰাইজে তেওঁক প্ৰতাৰণা কৰিলে৷ যাৰ ফলত সুৰজিত নিৰ্বাচনত পৰাজয় হ’ল৷’
বিনীতাৰ মুখৰ পৰা এনেবোৰ কথা শুনাৰ পিছত বৃকোদৰ বৰুৱাৰ খঙে চুলিৰ আগ পালে৷ বৰুৱাই হিতাহিত জ্ঞান হেৰুৱাই পেলালে৷ নিজৰ কন্যাৰ প্ৰতি থকা মৰম, স্নেহ তথা সকলো দায়িত্ব নিমিষতে ছেদ কৰি দিব এনে লাগিল তেওঁৰ৷ তথাপি শেষ বাৰৰ বাবে সকীয়াই দিয়াৰ উদ্দেশ্যে বৰুৱাই বিনীতাক ক’লে – ‘বিনী, তোমাৰ কথাই মোৰ অন্তৰত তীব্ৰ ঘৃণা জন্মাই তুলিছে৷ তথাপি মই তোমাক ক্ষমা কৰিছো৷ আজিৰ পৰা তুমি মোৰ ব্যক্তিগত কাৰ্যত চকু নিদিয়াই ভাল৷ নহ’লে ইয়াৰ শেষ পৰিনতি ভয়ংকৰ হৈ উঠিব৷ এই ঘৰখনৰ এক সুকীয়া মান-মৰ্যাদা আছে৷ মাথোন তুমি ইমানকে জানি লোৱা যে একমাত্ৰ জীয়াৰী হিচাপে তোমাক ভাল পাত্ৰৰ হাতত গোটাই দি, পিতৃ হিচাপে তোমাৰ প্ৰতি থকা মোৰ দায়িত্ব শেষ কৰাটো৷ ইতিমধ্যে তোমাৰ বিয়াৰ বন্দৱস্ত এক প্ৰকাৰ মই খাটাং কৰিছোৱেই৷ হয়তো অহা মাহত তোমাৰ বিয়া হৈ যাবও পাৰে৷’
‘নিজৰ মতক নেওচি মই আন কাৰো মতকে বৰ্তমান গ্ৰহণ কৰিবলৈ সাজু নহয় দেউতা৷ মানুহ হিচাপে জীয়াই থকাৰ মোৰ যি অধিকাৰ আছে সেই অধিকাৰক মই কেতিয়াও নিঃশেষ হ’বলৈ নিদিও৷ তুমি মোৰ বিয়াৰ বাবে ইমান দৌৰা-দৌৰিখন কৰিব নেলাগে৷ মোৰ বিয়া মোৰ পছন্দ মতেহে হ’ব৷ আনৰ স্বাৰ্থৰ উদ্দেশ্যক আগত লৈ মই এই বিয়াত নবহো৷’
‘তেন্তে তুমি তোমাৰ বিয়াৰ বাবে উপযুক্ত দৰা বিচাৰি লৈছা৷ কোন সেই মহাপুৰুষ? যিজনক তুমি গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছা৷’
‘মোৰ যদি কেতিয়াবা বিয়া হয় তেতিয়া ৰাইজৰ প্ৰিয় জননেতা সুৰজিতৰ লগতে মোৰ বিয়া হ’ব৷’ বিনীতাই খোলাকৈ দেউতাকৰ আগত নিজৰ অভিব্যক্তি প্ৰকাশ কৰাৰ লগে লগে কিছু লাজ অনুভৱ কৰিছিল৷ কিন্তু এনেদৰে কোৱাৰ ফলত তাইৰ মনটো ফৰকাল উঠিল৷ বিনীতাৰ মুখৰ পৰা সুৰজিতৰ নামটো শুনি বৃকোদৰ বৰুৱাই খঙত জ্বলি উঠিল৷ সোঁহাতেৰে বিনীতাৰ গালত এটি চৰ মাৰি বৰুৱা গড়ালত বন্দি হৈ থকা ভোকাতুৰ সিংহৰ দৰে গৰ্জি উঠি ক’লে – ‘সুৰজিত, সুৰজিত৷ যাৰ নাম শুনিলে মই নিজকে পাহৰি যাওঁ৷ সেইজনৰ লগত তোৰ বিয়াৰ বন্দোৱস্ত চলিছে৷ নয়নে মোক সঁচা কথাকে কৈছিল৷ কিন্তু মই বেছি গুৰুত্ব দিয়া নাছিলো৷ যাক নিৰ্বাচনত নামিবলৈ তুমি টকা দিছিলা৷ কোৱা এয়া সঁচানে?’
‘তোমাৰ গুপ্তচৰৰ অনুমান মিছা নহয় দেউতা৷ সুৰজিতক দেহেৰে খাটি দিব নোৱাৰাৰ বিনিময়ত তেওঁক টকা দি মই সহায় কৰিছিলো৷ তোমাৰ দুহাতেৰে ৰাইজক ফাঁকি দি অৰ্জা টকা, মই ৰাইজৰ বাবেই চুৰকৈ নি সুৰজিতক দি সহায় কৰিছিলো৷ মোৰ স্বাৰ্থ এটাই আছিল যাতে তুমি নিৰ্বাচনত জিকি পুনৰ ৰাইজক প্ৰতাৰণা কৰাৰ সুবিধা নোপোৱা৷ যোৱা পাঁচটা বছৰত তোমাৰ কাৰ্যই মোক বাৰুকৈয়ে লজ্জিত কৰি তুলিছিল৷ সমাজৰ আগত মই মুখ দেখুৱাব নোৱাৰা হৈছিলো৷ মোক দেখিলে নানা ধৰণে মন্তব্য কৰে৷ সেয়ে তোমাৰ দুহাতেৰে অৰ্জা ক’লা টকা ৰাইজৰ জননেতা সুৰজিতৰ নিৰ্বাচনৰ কামত খটুৱাই বগা কৰিছিলো৷’ –বিনীতাই উদাত্ত কণ্ঠে কৈ কান্দি উঠিল৷ বহু কথাই দেউতাকক ক’বলৈ ইচ্চা কৰিছিল, কিন্তু অলক্ষিতে তাইৰ মাকলৈ মনত পৰিল৷ যিগৰাকী মাতৃয়ে দেউতাকৰ সকলো কাৰ্যক কোনো দিনে সমৰ্থন কৰা নাছিল৷ ইয়াৰ বিৰুদ্ধে মাত মাতিলে দেউতাকৰ পৰা পাইছিল নানা তিৰস্কাৰ আৰু শাৰীৰিক নিৰ্যাতন৷ মাকৰ প্ৰতি তাইৰ অসীম শ্ৰদ্ধা আছিল৷ মাকৰ মৃত্যুৰ পিছৰ পৰা তাই এটা নিঃসংগ জীৱন কটাবলগীয়া হয়৷
মাকৰ স্মৃতিয়ে তাইক বৰকৈ আমনি কৰিলে৷ অকলশৰীয়া জীৱন কটাবলগীয়া হোৱাৰ পিছত মাকৰ স্মৃতিক আঁকোৱালি লৈ তাই এটা ডাঙৰ প্ৰতিজ্ঞা কৰিছিল৷ স্বেচ্চাচাৰী দেউতাকৰ কু-কাৰ্যৰ বিৰুদ্ধে তাই মাত মাতি যাব৷ কিন্তু তাই আজি পৰাজয় বৰণ কৰিবলগীয়া হ’ল৷ ঘৰখনত তাই এক মুহূৰ্ত সময় থকাৰ ইচ্ছা নোহোৱা হ’ল৷ দেউতাকক তাই স্পষ্টভাৱে কৈ দিলে –
‘তোমাৰ বাঢ়ি অহা অসামাজিক কাৰ্যই মোৰ সুস্থ মানসিকতাক পংগু কৰি তুলিছে৷ মই এটা স্থিৰ সিদ্ধান্ত কৰি পেলাইছো৷’
‘কি সিদ্ধান্ত তোমাৰ?’ – বিনীতাৰ কথা শুনি দেউতাকে উচ্ছ স্বৰে ক’লে৷
‘দুৰ্নীতিৰে পোত গৈ থকা এইখন ঘৰত মই আৰু নেথাকো৷ এই মুহূৰ্ততে মই গুছি যাম৷ তোমাৰ ...৷’ – বিনীতাৰ মুখৰ মাত নোহোৱা হৈ গ’ল৷ কোঠাৰ পৰা তাই তৎক্ষণাত বাহিৰ ওলাই আহিল৷ বাহিৰৰ মৃদু বতাহজাকে তাইৰ প্ৰাণত এক নতুন চেতনা যোগাই তুলিলে৷ তাই হেৰাই যাব নোখোজে৷ দেউতাকৰ কু-কাৰ্যৰ বিৰুদ্ধে তাই তীব্ৰ সংগ্ৰাম গঢ়ি তোলাৰ দৃঢ় সংকল্প ল’লে৷
জীৱনত কেতিয়াও আনৰ ওচৰত পৰাজয় বৰণ নকৰা বৃকোদৰ বৰুৱাই বিনীতাৰ কথাত চৰম গ্লানি অনুভৱ কৰিলে৷ জীৱনৰ সমস্ত সাৰ্থকতা আৰু পদমৰ্যাদাই তেওঁক এখন বেলেগ জগতলৈ লৈ গৈছিল৷ একমাত্ৰ কন্যা বিনীতা নিশা এইদৰে ঘৰৰ পৰা গুছি যোৱাত বৰুৱাৰ মনটো দুখত সেমেকি উঠিল৷ অন্তৰাত্মাৰ কোনো ঠাইত এক বুজাব নোৱাৰা আঘাত অনুভৱ কৰিলে৷ একমাত্ৰ কন্যা হিচাপে বৰুৱাই বিনীতাক যথেষ্ট মৰম কৰিছিল৷ কিন্তু এই মৰমক নেওচি তাই অকলে নিশা ঘৰৰ পৰা এইদৰে গুছি গ’ল৷ সমাজে তেওঁক কি বুলিব? কিন্তু তাই এই নিশা অকলে যাব ক’লৈ৷ সুৰজিতৰ ওচৰলৈ নে আন কৰাবলৈ? নে তেওঁৰ ওপৰত বিতুষ্ট হৈ তাই নিজকে নিঃশেষ কৰিব৷ মূৰটো আচন্দ্ৰাই কৰা যেন অনুভৱ কৰিলে৷ দূৰৈত মাজনিশা নামনিলৈ চলা দ্ৰুতগামী ৰেলৰ উকি বৰুৱাই শুনিবলৈ পালে৷ বৰুৱাৰ ঠিয় হৈ থকাৰ ভাৰসাম্য নোহোৱা হ’ল৷ ‘বিনীতা’ বুলি জোৰকৈ চিঞৰি বৰুৱা বিনীতাৰ বিচনাৰ কাষতে থকা চকীখনত বহি পৰিল৷ সমাজত প্ৰতিপত্তি বঢ়াই এক সুকীয়া সন্মান কঢ়িয়াই জীৱনটোক ধন্য কৰা বৃকোদৰ বৰুৱাই আজি যেন সকলো থাকিও শূন্য অনুভৱ কৰিলে৷ জীৱনত অনেক খেলত জিকি জিকি নিজক ধন্য কৰা বৰুৱাই আজি যেন হাৰি গ’ল৷ নিৰ্বাচনৰ জয়ৰ মাজত যেন পৰাজয়ৰ গ্লানি অনুভৱ হ’ল৷
****