নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
গল্প গুচ্ছ
দেৱাল
~অৰুণিমা ভট্টাচাৰ্য্য~
দেৱালখনৰ নিদিৰ্ষ্ট ঠাই টুকুৰাত নীৰাই লাহেকৈ আঙুলিৰে হেচি দিলে। ৰঙৰ পাতল আৱৰণটো সামান্য এটা অজুহাত পালেই এৰি আহিব। এইখিনি ঠাই তাইৰ কামৰ কাৰণে সুবিধাজনক, খিৰিকীৰে অহা পোহৰৰ বাবে তাইৰ কৃত্রিম পোহৰৰ প্ৰয়োজন কমকৈ হয়। কিন্তু এই বেৰখনৰ এৰাই যাব ধৰা অংশটোৰ বাবে তাই বিপদত পৰিছে। কিবা এটা কৰিব পৰা হ'লে; কোঠাটোৰ আনফালে নিলিপ্ত ভাৱে লেপটপত কাম কৰি থকা মানুহজনলৈ তাইৰ চকু গ'ল।
“বেৰখন ঠিক কৰিব লাগিছিল, কি কৰিব পাৰি বাৰু? তুমি কিবা ভাবিছা নেকি?”
প্ৰশ্নটো কৰি তাই মানুহজনলৈ চালে।
“কি কৰিবা? টকা অলপ যোগাৰ হ'ল, এটা এটাকৈ কোঠা কেইটা ৰং কৰিব লাগিব”।
লেপটপৰ পৰা মূৰ নোতোলাকৈ মানুহজনে উত্তৰ দিলে। তাই বুজি পায়, টকা যোগাৰ হ'বলৈ বহুত সময় লাগিব। ইমান সময় তাই অপেক্ষা কৰিব নোৱাৰে।
“আজিকালি বোলে কিবা 'ৱালপেপাৰ' নে কি লগাব পাৰি”। তাই আকৌ এবাৰ ক’লে। কিন্তু আনটো ফালৰ পৰা কোনো সঁহাৰি নাহিল। তাই বুজি পালে, তাই নিজেই দেৱালখনৰ কিবা এটা কৰিব লাগিব। কিন্তু কিবা এটা বস্তু থৈ বেৰখন ঢাকি দিব পাৰি নেকি? কিন্তু ঠাইখিনি তাই ব্যৱহাৰ কৰিব পৰাও হৈ থাকিব লাগিব। কোঠাটোৰ আন এখন দেৱালত ওলমি থকা ডাঙৰ বেল থকা কলা দেৱাল ঘড়ীটোলৈ তাইৰ চকু গ’ল। ঘড়ীটো বন্ধ হৈ থকা চাৰি বছৰেই হ'ল। তাই বিয়া হৈ এইখন ঘৰলৈ অহাৰ এসপ্তাহ মান পিছতে ঘড়ীটো বেয়া হৈছিল। টং টং কৈ বাজি ঘৰখনৰ নীৰৱতা ভংগ কৰা ঘড়ীটো বন্ধ হৈ পৰিছিল। প্ৰথমতে, শাহুয়েকে দুখ কৰিছিল, ইমান পুৰণি ঘড়ীটো এনেকৈ বেয়া হৈ যোৱা বাবে। কিন্তু কোনেও ঘড়ীটো মেৰামতি কৰাৰ কথা নকলে। অৱহেলিত 'এনটিক পীচ' হৈ সেইটো দেৱালত লাগি ৰ'ল। সেই ঘড়ীটোকে আনি দেৱালৰ প্লাষ্টাৰ এৰাই যোৱা অংশটোত লগাব পাৰি নেকি, কিন্তু বেয়া ঘড়ীটো তাইৰ ব্লগৰ ভিডিঅ' বোৰত উঠি থাকিব যে; হ'লে কি হ'ব? কোনে গম পাব বেয়া বুলি, সময়টো মাজে মাজে হাতেৰে সলনি কৰি দিব পৰা যাব। সদায়টো তাই ঘৰৰ ‘লোকেশ্বন’ ব্যৱহাৰ নকৰে, বাহিৰত ‘শ্বুট’ কৰিব নোৱাৰা কেইদিনৰ কাৰণেহে লাগে। 'এনটিক পীচ' এটা দেখিলে 'ভিউৱাৰ'বোৰেও নিশ্চয় ভাল পাব। গম নোপোৱাকৈ তাইৰ মুখত এটা হাঁহি বিৰিঙি উঠিল। দুবছৰ হ'ল তাই ইউটিউব আৰু ফেচবুকত ভিডিঅ' বনোৱা আৰম্ভ কৰা; ছমাহ আগতে তাইৰ বেংক একাউন্টত ডলাৰৰ হিচাপত দুটামান টকাও সোমাইছে। গতিকে তাই দুগুন উছাহেৰে কামত লাগিছে। কিন্তু তাইৰ কামৰ অন্তৰায় হৈ পৰিছে এই সাতামপুৰুষীয়া ঘৰটো আৰু তাৰ জৰাজীৰ্ণ দেৱালবোৰ। অ'ত ত'ত ৰং, প্লাষ্টাৰ এৰাই যোৱা ঘৰটো কেমেৰাত তুলিবলৈ তাই লজ্জাবোধ কৰে। প্ৰথম অৱস্থাত শাহুয়েক আৰু গিৰিয়েকৰ ভয়ত তাই লুকাই চুৰকৈ ভিডিঅ'বোৰ নিৰ্মাণ কৰিছিল। এতিয়া পিছে সেই দিন উকলিল।
একাকীত্বৰ বেদনাৰে মৰ্মাহত হোৱা তাইৰ মনৰ শান্তিৰ বাবে বাচি লৱা ভিডিঅ' ক্ৰিয়েটৰৰ পথটোত এতিয়া কোনেও বাধা নিদিয়ে। বিয়াৰ এবছৰ পিছৰ পৰা তাই বৰ যন্ত্ৰণা কাতৰ দিন কটাইছে, মানসিক শান্তিৰ বাবে হাহাকাৰ কৰিছে। সন্তান প্ৰাপ্তিৰ আশাত তাই যিয়ে যিটো ব্ৰত, পূজা, তাবিজ, মন্ত্রৰ কথা কৈছে, তাকেই কৰিছে। কিন্তু একো সমাধান নাপালে। কেইবাবাৰো চহৰৰ নামী বিশেষ চিকিৎসকৰ ওচৰলৈও গ'ল, কিন্তু নিৰাশ হৈ উভতিব লগা হ'ল। এতিয়াও তাই শাহুয়েকৰ কথা মতে বিভিন্ন ঘৰুৱা দিহা পালন কৰে। তাই আৰু গিৰিয়েকে আশা এৰিছে যদিও শাহুয়েকৰ দুচকুলৈ চাই তাই একো ক’ব নোৱাৰে। জীৱনৰ বাটৰ ওখোৰা-মোখোৰাবোৰে তাইক বৰকৈ আমনি দিয়াৰ আগতেই তাই 'ভাৰ্চুৱেল' জগতত প্ৰৱেশ কৰি, নিজকে সম্পূৰ্ণ অন্য ৰূপত কল্পনা কৰি ললে। গিৰিয়েক আৰু তাই একেখন ঘৰতে থাকে যদিও দুয়ো যেন দুখন বেলেগ পৃথিবীৰ বাসিন্দা। কোনো আবেগিক বন্ধন নাই দুয়োৰে মাজত; নাই কোনো কাজিয়া-পেচাল। এটা সম্পৰ্কত বান্ধ খাই আছে যদিও কোনো আনুগত্য, আবেগৰ অৱকাশ নাই। দেৱাল ঘড়ীটো স্হানান্তৰ কৰাৰ কথা পাহৰি তাই অতীতত ঘূৰি ফুৰাৰ বাবে নিজকে দোষী যেন লাগিল নীৰাৰ।
“ঘড়ীটো এইখন বেৰলৈ আনি দিব পাৰিবা নেকি?” তাই গিৰিয়েকক সুধিলে।
“অসম্ভৱ, সেইটো লৰচৰ কৰা নহ'ব”। এষাৰ কথাৰে তাইক উত্তৰ দি মানুহজনে সেই ঠাই ত্যাগ কৰিলে। এনেকুৱা বজ্ৰকঠোৰ ‘অসম্ভৱ’ এইখন ঘৰত তাই বহুবাৰ শুনিছে,তাইৰ বাবে নতুন নহয়। এয়া যে সলনি নহয়, সেয়াও তাইৰ জ্ঞাত। সেইবাবে তাই ঘড়ীটোৰ আশা এৰিলে। এইবাৰ আকৌ তাই দেৱালখনলৈ চাই পঠিয়ালে। কেনেকৈ ঢাকিব পাৰি বাৰু ক্ষত চিহ্নটো ? হঠাৎ তাইৰ মনলৈ আহিল এখন ফটোৰ কথা। বিয়াৰ পিছতে কিনি অনা এহাল যমজ নৱজাতকৰ ফটোখন- সেইখন শোৱনিকোঠাৰ বেৰত আছে। সেইখন তাই নিজেই কিনিছিল, সেইখন আনিবলৈ তাইক কাৰো অনুমতি বা সহায়ৰ প্ৰয়োজন নাই। সেইখনই ভাল হ'ব। তাই বেগেৰে শোৱনিকোঠাৰ ফালে খোজ ল’লে। তাইৰ চকুত ভাহি উঠিল পৰৱৰ্তী ভিউিঅ'টোৰ বেকগ্ৰাণ্ডত ফটো বৰ ধুনীয়া লাগিব। দৰ্শকবৃন্দৰ মনত তাইৰ নতুন খবৰ এটাৰ চিন্তাত কৌতুহলৰ সৃষ্টি হ'ব। এইবাৰ তাইৰ ফ’লৱাৰ্ছ নিশ্চয় ‘টেন কে’ হ’বগৈ। কথাবোৰ সপোন নে দিঠক ঠিৰাং কৰিবলৈ নীৰাৰ বহুত সময় লাগিল।
~~~~~