নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
গল্প গুচ্ছ
বাঘৰ পোৱালী লোৱা ছোৱালীজনী
~ কানন দাস ~
ছোৱালীজনী ওখ-পাতল মিঠা বৰণৰ, ৰায়মণা গেষ্ট হাউচৰ বাংলোৰ আগত সমবয়সীয়া ইউৰোপীয়ান মেম এগৰাকীৰ লগত দুটা বাঘৰ পোৱালী লৈ আমালৈ আগুৱাই আহিছিল৷ মই তেতিয়া প্ৰথম শ্ৰেণীত (১৯৬২) পঢ়ি থকা সৰু ছোৱালী৷ দুপৰীয়া জিৰণিৰ সময়ত বিদ্যালয়ৰ বন্ধু-বান্ধৱী সকলৰ লগত দৌৰি-দৌৰি গৈ তম্বুৰে ঢাকি খোৱা দমবোৰৰ পৰা হাত ভৰাই কুঁহিয়াৰ উলিয়াই আনিছিলো৷ সৰু সৰু পাবৰ শকত মিঠা কুঁহিয়াৰবোৰ দাঁতেৰে কামুৰি খাইছিলো৷ এয়া হাতীৰ বাবে অনা কুঁহিয়াৰ৷
লালজীয়ে হাতী ধৰিবলৈ ৰায়মনা ফৰেষ্ট ৰেঞ্জ অফিচত বাহ লৈছে৷ লগত বহুত মানুহ আহিছে৷ ৰায়মনা অভয়াৰণ্যৰ অন্তৰ্গত সনকোচ যমদুৱাৰত হাতী ধৰিছে৷ পিচদিনা আমি ছুটিৰ পিচত কুঁহিয়াৰ চুৰ কৰি খাই খাই এক ফাৰলং মান দূৰত হাতী চাব গ’লো৷ হাতী চাবলৈ যোৱাৰ কথা ভিনদেউ আৰু বাইদেউক নোকোৱাকৈ মনে মনে গ’লো৷ ভিনদেউ ৰায়মনা ৰেঞ্জ অফিচৰ ফৰেষ্টাৰ৷ গৈ গৈ হাতী ধৰি বান্ধি থোৱা ঠাইখিনি পালো৷ ভয় কি নাজানো৷ কিছুমান সৰু, কিছুমান অলপ ডাঙৰ আৰু কিছুমান বহুত ডাঙৰ দঁতাল হাতী দেখিলোঁ৷ সিহঁতক ওখ-ওখ, শকত শাল গছত শিকলিৰে বান্ধি থৈছে৷ প্ৰত্যেক হাতীৰ কাষত ডাঙৰ হাতী কেইটামানে পায়চাৰি কৰি থকা দেখিলোঁ৷ হাতীবিলাকৰ মাউত আছে৷ আমি থকা বাংলোটো দুমহলীয়া, শাল কাঠৰ তক্তাৰে নিৰ্মিত৷ চাৰিওপিনে বাঁহৰ বেৰেৰে ঢকা৷ পিছফালে সনকোচৰ সুতি জানালী নদী৷ আমাৰ বাংলোৰ বেৰৰ কাষে-কাষে হাতী, হৰিণবোৰ অহা-যোৱা কৰা দেখা পাওঁ৷ আমাক একো নকৰে৷ সেয়ে ডাঙৰ-ডাঙৰ শিকলিৰে বান্ধি থোৱা হাতীবোৰ দেখাত ভয় লগা, চিঞৰ ভয় লগা হ’লেও আমি ভয় কৰা নাছিলো৷ ৰায়মনা অভয়াৰণ্যত বাঘ, হৰিণ, বনৰীয়া গাহৰি, হাতী, ডাঙৰ-ডাঙৰ অজগৰ, সূন্দৰ সূন্দৰ চৰাই, ময়ুৰ, বনৰীয়া মুৰ্গী, শহাপহু জানালীৰ পাৰত বিৰচণ কৰি ফুৰিছিল৷ তাৰোপৰি অগনন কাছ-দুৰাহ আদিয়ে বালিৰ মাজত কণী দিছিল৷ স্কুল ছুটীৰ পিছত অলপ জিৰণী লৈ মই বাইদেউ আৰু ভিনদেউ জিৰণী লোৱাৰ সুযোগ লৈ স্কুলৰ লগৰবোৰৰ লগত জানালীলৈ গৈছিলো৷
খৰালীৰ জানালী নদীত পানী কম৷ ঠায়ে-ঠায়ে ঠিয় হ’ব পৰাকৈ মাটিবোৰ ওলাই থাকে৷ দূৰ-দূৰলৈ বালিয়ে বালি৷ নদীৰ আনটো পাৰত ওখ-ওখ শালগছৰ বাগান৷ তাৰ মাজে মাজে বাঘ, হাতী, গাহৰি,ভালকু আদি জন্তুবোৰৰ লগত কত যে বাৰেবৰণীয়া চৰাই কিৰিলি পাৰি থাকে! মোৰ বন্ধু-বান্ধৱীবোৰ মুলত চাওঁতাল, ওৰাও, বড়ো লগতে ৰায়মনা ৰেঞ্জ অফিচৰ ষ্টাফবোৰ আৰু কৰ্মীবোৰৰ ল’ৰা-ছোৱালী৷ এবাৰ লগৰবোৰৰ লগত নদীৰ সিপাৰলৈ গৈছিলো৷ মোৰ বন্ধুবোৰে গছত বগাই উঠিল৷ মই আৰু মোৰ বান্ধৱী শান্তি গছ বগাব নাজানো বাবে ইপাৰলৈ গুচি আহিলো আৰু নদীৰ বালিত কাছৰ কণী বিচাৰিব ধৰিলোঁ৷ বহুত কণী গোটালো৷ মই মোৰ চোলাটো তলৰফালৰ পৰা ওপৰপিনে অলপ ভাজ কৰি মোনাৰ নিচিনা বনাই আটাইবোৰ কণী বাংলোলৈ লৈ আহিলো৷ আহি দেখো ভিনদেউ নাই, অফিচলৈ গৈছে৷ বাইদেৱে চকু ৰঙা কৰি সুধিলে, ক’ত গৈছিলি? এইবুলি কৈ সৰুকৈ গালত চৰ এটা মাৰিছিল৷ মই চোলাটোৰ ভাজৰ পৰা কণী কেইটা উলিয়াই দেখুৱালত আচৰিত হৈ মোলৈ চাইছিল৷ আবেলি ৪ মান বজাত যেতিয়া ভিনদেৱে অফিচৰ পৰা আহিলে মই ভয়ত পেপুৱা লাগিলো৷ কিজানিবা মোক কিবা কয়৷ কিন্তু সেই মূহুৰ্তত একো নক’লে৷ গধূলি যেতিয়া বাংলোৰ তলৰ পাকঘৰত চাহৰ টেবুলত চাহ খাবলৈ দিলে, দেখিলো ভিনদেৱে বাঁহৰ চেকণী এডাল লৈ চকু ৰঙা কৰি মোলৈ চাই আছে৷ মোক ওচৰলৈ মাতি চেকণীৰে মাটিত চেটেপ্ চেটেপ্কৈ কোবাই ডাঙৰকৈ সুধিলে, ‘‘ছুটীৰ পিছত ক’ত গৈছিলি? জানালীৰ পাৰত কাক সুধি গৈছিলি? নাজান নেকি যে তাত বাঘ, হাতী, ঘৰিয়াল কত কি জন্তু থাকে? সৰ্ব্বনাশ কৰিব লৈছ? কিবা এটা ঘটিলে পিতাক (মোৰ দেউতা) কি বুলি কৈফিয়ৎ দিম? এই বুলি মোৰ হাতখন আগুৱাই লৈ চেটেপ্কৈ একোব দিলে হাতৰ তলুৱাত৷ চেঙচেঙাই গৈছিল৷ কান্দি-কান্দি শুই গৈছিলোঁ৷ গধূলি ৭ টা মান বজাত যেতিয়া সাৰ পালো, কাষৰ ৰুমৰ পৰা বাইদেউ আৰু ভিনদেৱে কিবা কথা পাতি থকা শুনিলো৷ কানখন ঠিয় কৰি শুনিবলৈ চেষ্টা কৰাত গম পালো ভিনদেউৰ বদলী হৈছে৷ ঠাইখনৰ নাম ৰূপচী৷ এই মাহতে যাব লাগিব৷
মাহটোৰ শেষৰফালে মোৰ প্ৰথম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা৷ বৰদিনৰ এদিন আগতে শেষ হ’ব পৰীক্ষা৷ মোৰ স্কুলৰ হেড মাষ্টৰণী বাইদেউৰ নাম সত্যৱতী ৰায়৷ তেওঁৰ স্বামী বড়ো সম্প্ৰদায়ৰ৷ মোক উদ্দেশিৎ মাষ্টৰণী বাইদেৱে ভিনদেউক কলে, ‘‘দাসবাবু, পৰীক্ষা শেষ হোৱালৈ তাইক মোৰ লগতে থাকিব দিয়ক৷ বৰদিনৰ পিছদিনা তাইক ৰূপচীত থৈ আহিম৷ চিন্তা কৰিব নালাগে’’৷ কথা হিচাপে কাম৷ পিছদিনা ভিনদেৱে ৰিলিজ ল’লে৷ মোৰ বাইদেউ, তিনিবছৰীয়া ভাগিনীজনী আৰু এবছৰীয়া ভাগিনজনক লৈ ভিনদেউ ফৰেষ্টৰ জিপ এখনত যাবলৈ ওলাল৷ মই কান্দিব লোৱাত বাইদেউ আৰু ভিনিদেৱে মৰম কৰি ক’লে যে, ‘‘ভালকৈ থাকিবি মাষ্টৰণী বাইদেউৰ লগত আৰু পঢ়িবি ভালকৈ৷ পৰীক্ষা শেষ হ’লে লৈ যাম’’৷ এইবুলি কৈ গ’লগৈ৷ মই চকুৰে মণিব নোৱাৰা হোৱালৈ চাই থাকিলো৷ মাষ্টৰণী বাইদেৱে মৰম কৰি মোক ভিতৰলৈ লৈ গ’ল৷ বাইদেউৰ চাং বাংলোটো দহ-বাৰফুটমান ওখ৷ শাল গছৰ তক্তাৰে বনোৱা৷ স্কুলৰ নিচেই কাষত৷ তাৰ কাষে-কাষে চাপৰ-চাপৰ কাঠেৰে বনোৱা চাংহোষ্টেল৷ হোষ্টেলৰ আটাইবোৰ ছোৱালী ডাঙৰ৷ মইহে সৰু৷ পৰীক্ষা শেষ হ’ল৷ বৰদিনৰ আগদিনা মই মাষ্টৰণী বাইদেউৰ অনুমতি লৈ বাংলোৰ গাতে লাগি থকা হোষ্টলৰ বাইদেউসকলৰ লগত থাকিলো৷ হোষ্টলৰ আটাইবোৰ বড়ো সম্প্ৰদায়ৰ৷ ৰাতি বাইদেউসকলে নাচ-গান কৰি কৰি আপোন পাহৰা হৈ পৰিল৷ বহুত ভাল লাগিছিল৷ ৰাতি ভাত খাই উঠাৰ পিছত মাষ্টৰণী বাইদেৱে আমাক আটাইকে ক’লে, ‘‘এতিয়া তোমালোকে শুই যোৱা৷ অহাকালি বৰদিন নহয়৷ ৰাতিপুৱা এন্ধাৰ থাকোতেই উঠিব লাগিব’’৷
পিছদিনা ৰাতিপুৱা পোহৰ হ’ব নৌপাওতেই বাংলোৰ পিছফালৰ পৰা চিহিহিহি-কেউউট এনেকুৱা শব্দত উচপখাই উঠিলো৷ বাউদেউবিলাকে ক’লে ব’লা গাহৰি কটা চাওঁ৷ গৈ দেখিলো চাৰিওপিনে বাঁহৰ বেৰেৰে ভীমযেন গাহৰি এটাক আৱৰি ধৰি বাঁহৰ বল্লভ, জাঠী-জোং লৈ খুচী আছে৷ কি হৈছে ধৰিব পৰা নাই৷ ঠিক তেনেতে মাষ্টৰণী বাইদেৱে মোক ৰিঙিয়াই মাতিলে৷ গাহৰিৰ লগত পিছত কি হ’ল মই গম নাপালো৷ কেৱল ৰাতিপুৱা ১০:৩০ মান বজাত কিছুমান বস্তু বাল্টিত ভৰাই ভৰাই জানালীৰ পাৰলৈ লৈ গৈছে৷ হেষ্টেলৰ এগৰাকী বাইদেৱে মোক হাতত ধৰি লৈ গৈছে৷ লগত মোৰ সহপাঠী শান্তি আৰু নিৰঞ্জন৷ পানীত নামি হেষ্টেলৰ বাউদেউবিলাকে বাল্টিৰ পৰা উলিয়াই কিবাবোৰ ধুই আছে৷ দীঘল-দীঘল কিবা ৰচীৰ নিচিনা টিপি-টিপি চাফা কৰি আছে৷ এগৰাকী বাইদেৱে বুজাই দিলে যে এয়া গাহৰিৰ মাংস আৰু দীঘল-দীঘল ৰছী নিচিনাবোৰৰ গাহৰিৰ নাড়ী-ভুড়ু৷ সকলো মাংস চাফা কৰা হোৱাৰ পিছত পুনৰ বাল্টিত ভৰাই লৈ ৰান্ধনীশাললৈ লৈ গৈ প্ৰস্তুত কৰাত লাগিল৷ ৰান্ধনীশালটো বহুত ডাঙৰ৷ কেইবাটাওঁ চৌকা আছে৷ ওপৰত বাঁহ বান্ধি ডাঙৰ ডাঙৰ গাহৰিবোৰ জুই-জ্বলাই পুৰি আছে৷ গধুলি চৰাই বিলত থকা গীৰ্জাটোলৈ বুলি ওলালো ৷ গীৰ্জাটো বহুত ডাঙৰ অগণন তক্তা ওখকৈ পাৰি দিছে বহিবলৈ৷ অইন ল’ৰা-ছোৱালীৰ নিচিনা ময়ো তাত বহি ল’লো৷ গীৰ্জাৰ পুৰোহিত সকলে ভালেমান ভাষণ দিলে৷ একো তলকিবই নোৱাৰিলো৷ মাত্ৰ এটাই বুজিলো যে সকলোৱে বৰদিনৰ দিনা প্ৰাৰ্থনা কৰিব লাগে ঠিয়হৈ৷ মই কিন্তু ঠিয় হ’ব নালাগে বুলি বহিয়ে থাকিলো৷ সিদিনা ৰাতিটো বৰদিনৰ নাচ-গান, ফূৰ্তি কৰি কটালো৷
পিচদিনা প্ৰতাপ নামৰ ওৰাও ল’ৰা এজনৰ লগত ৰূপচীলৈ বুলি ওলালো৷ কুকুৰা ভৰ্ত্তি ডাঙৰ খাঁচা এটা আমাৰ লগতে ৰূপচীলৈ বুলি বাচত উঠাই দিলে৷ প্ৰতাপ আৰু মই দুটা চিটত বহি লৈ খিৰিকিৰে ভুমুকি মাৰি বাহিৰলৈ চোৱাত দেখিলো মাষ্টৰণী বাইদেউ, শান্তি নিৰঞ্জনহতে হাত জোকাৰি জোকাৰি বিদায় দিছে৷ ৰায়মনাৰ পৰা ৰূপচীৰ আহি পোৱাৰ ঠিক পাঁচ দিন পিছতে মাষ্টৰণী বাইদেৱে খবৰ পঠিয়ালে যে মই প্ৰথম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছোঁ৷ ৰূপচী ফৰেষ্ট ৰেঞ্জঅফিচত বাইদেউ আৰু ভিনদেউৰ খুব ফূৰ্তি৷ ৰূপচী ফৰেষ্ট ৰেঞ্জ অফিচটো এটা টিলাৰ ওপৰত অৱস্থিত৷ অফিচৰ পৰা নামি অহা ৰাস্তাটোৰ কাষতে মহামায়া মন্দিৰটো৷ বছৰেকীয়া পূজা-পাৰ্বন চলি আছে৷ তাতেই মই প্ৰথম বলি প্ৰথাৰ বিষয়ে জানিলো৷ ছাগলী, পাৰ, হাঁহ, কোমোৰা বলি দিয়া দেখিলো৷ মহামায়া উৎসৱ শেষ হোৱাৰ পিছদিনা মোক ভেকুৰচৰ এল.পি. স্কুলত নাম লগাই দিলে৷ কোনোবা বন্ধৰ দিন এটাত আমাক ভিনদেৱে ধুবুৰী চাবলৈ লৈ গ’ল৷ ৰূপচী পাৰ হোৱাৰ পিছত গৌৰিপুৰ পালো৷ ভিনদেৱে ওপৰৰ টিলা এটালৈ দেখুৱাই ক’লে, ‘‘ৰায়মনাত যে হাতী ধৰিবলৈ গৈছিল লালজী, সেই লালজীৰ ৰাজবাড়ী এয়া৷ ঘপককৈ মোৰ মনত পৰি গ’ল দুই হাতত দুটা বাঘৰ পোৱালী লৈ আমাৰফালে আগুৱাই অহা মীঠাবৰণৰ ওখ লংপেণ্ট পিন্ধা ছোৱালীজনীলৈ৷
লাহে-লাহে মই দ্বিতীয় শ্ৰেণীৰ পৰা তৃতীয় পালো৷ সেইবছৰো প্ৰথম স্থান লৈ উত্তীৰ্ণ হৈছিলো৷ আমাৰ বিদ্যালয়ত বছৰেকীয়া সভা এখন হয়৷ আমাৰ হেডছাৰৰ নাম বীৰেন্দ্ৰ ৰায়৷ তেওঁৰ ঘৰ গোলকগঞ্জত৷ তেওঁ আমাক ক’লে যে এইবাৰ সভাত নাচ এটা নাচিব লাগিব৷ সেয়েহে মোক ক্ষীৰোবালা, শান্তি, মঞ্জু (আৰু দুজনীৰ নাম পাহৰিলো) আখৰা দিবলৈ মাতিলে৷ যিটো গানত আমি নৃত্য কৰাৰ কথা আছিল অথাৰ্ৎ আখৰা দি আছিলো সেই গানটো আছিল–
‘‘ভাল’ কৰিয়া বাজাওগো দোতাৰা’’
‘‘ সুন্দৰী কমলা নাচে...............’’
মোৰ খুব ভাল লাগিছিল৷ গোৱালপৰীয়া লোকগীতৰ সোৱাদ প্ৰথম পাওঁ৷ তাৰোপৰি তাত মই প্ৰায় সম্পূৰ্ণভাৱে গোৱালপাৰীয়া ভাষাত কথা পাতিব পাৰিছিলো৷ লাহে-লাহে সময় বাগৰিল৷ মই ৪ৰ্থ শ্ৰেণী পালো৷ এদিন বন্ধৰ সুযোগত ভাগিন-ভাগিনী আৰু বাইদেউৰ লগত বাছত উঠি ঘৰলৈ ফুৰিবলৈ আহিলোঁ৷ তেতিয়া ভিনদেউৰ অসুখ হোৱাত চিকিৎসকক দেখুৱাবলৈ গুৱাহাটীলৈ বুলি লৈ গ’ল৷ পৰীক্ষা-নিৰিক্ষাৰ অন্তগত কৰ্কট ৰোগ ধৰা পৰিল৷ চিকিৎসা চলি থকাৰ সময়তে তেওঁ আমাক সকলোকে এৰি গুচি গ’ল৷ ভিনদেউৰ মৃত্যুৰ ঠিক এমাহ আগতে তৃতীয় ভাগিনৰ জন্ম হৈছিল৷ তিনি সন্তানক লৈ বাইদেউ একেবাৰে নিথৰুৱা হৈ পৰিল৷
পিতাই মোক আমাৰ অঞ্চলৰে M.E. স্কুলখনত নাম ভৰ্ত্তি কৰাই দিলে৷ কিছুদিন পিছত আমাৰ বছৰেকীয়া ছাত্ৰ একতা সভা আহিল৷ সেই সভাত মোৰ সহপাঠী ছানিয়াৰাই মঞ্চত এটি গান গাইছিল৷ ঘপককৈ মনত পৰিল গানটো৷ যিটো গানত ভেকুৰচৰ এল.পি স্কুলত আমি নাচিছিলো অৰ্থাৎ সেই বিখ্যাত গোৱালপৰীয়া লোকলগীতটো৷ ছানিয়াৰাৰ মাক খাতুন বাইদেউ আমাৰ স্কুলৰ মাষ্টৰণী বাইদেউ৷ তেওঁৱেই মোক এই গীতটো গোৱালপৰীয়া লোকগীত বুলি বুজাইছিল লগতে এই গীতটো যে প্ৰতিমা বৰুৱাৰ তাকো ক’লে৷ মই কৌতুহলত সুধিলো যে প্ৰতিমা বৰুৱা কোন? বাইদেৱে ক’লে গৌৰিপুৰ ৰাজবংশৰ শেষ ৰজা প্ৰকৃতিশ বৰুৱাৰ কন্যা৷ প্ৰকৃতিশ বৰুৱাক লালজী বুলিও জনা যায়৷ তেনেতে বাইদেৱে বিদ্যালয়ৰ পুথিভৰালৰ পৰা পৃথিৱীৰ হাঁহি নামৰ আৰু প্ৰতীমা বৰুৱা পাণ্ডেৰ কিতাপ দুখন পঢ়িবলৈ দিলে৷ তেওঁ গৌৰিশংকৰ পাণ্ডেক বিয়া কৰাইছিল৷ তেওঁৰ জন্ম ১৯৩৪ চনৰ ৩ অক্টোবৰ তাৰিখে আৰু মৃত্যু ২০০২ চনৰ ২ ডিচেম্বৰ তাৰিখে হৈছিল৷ এয়াই হ’ল আমাৰ অসম গৌৰৱ পদ্মশ্ৰী গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা ওৰফে হস্তীৰ কন্যা ওৰফে ওখ মিঠা বৰণৰ লংপেণ্ট পিন্ধি দুটা বাঘৰ পোৱালী লৈ আগুৱাই অহা ছোৱালীজনী৷
****