নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
মানৱী সত্তাৰ মনুষ্যত্ব জ্ঞান
~ধৃতি সুন্দৰ দাস~
মানুহ হৈছে এই পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱ। কিন্তু, কিছুমান মানুহে বহুত, ডাঙৰ ডাঙৰ ভুল কৰে। কিয় জানো এনে কিছুমান অদ্ভুত, জানি বুজি ভুল কৰে। বোধহয় নিজ স্বাৰ্থৰ উপভোগৰ কাৰণেহে কিজানি । নুবুজে তেওঁলোকে মানুহৰ মনুষ্যত্ব জ্ঞান-বুদ্ধিৰ মানসিকতা আৰু দায়ত্ববোধ। মানুহৰ অনুভৱ আৰু অনুভূতিৰ একাগ্ৰতা বোধৰ ভাৱ। তাৰে আকৌ কিছুমান হৈছে স্বাৰ্থপৰ; নিজ স্বাৰ্থৰ হকে সকলো কৰিব পাৰে। নুবুজে আনৰ দুখ- বেদনা, অনুভৱ-অনুভূতি কথাবোৰ। ধৰ্ম শাস্ত্ৰ সমুহত লিখা আছে মানুহ হৈছে শ্ৰেষ্ঠ জীৱ পৃথিৱীৰ। কিন্তু, কিছুমান জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ মানুহতকৈ বহুত বেছি জ্ঞান-বুদ্ধি, অনুভৱ-অনুভূতি থকা দেখা যায়। অথচ, সিহঁতে কথা কৱও নোৱাৰে, কিন্তু মানুহতকৈ বহুখিনি বুজে, মানুহৰ মৰম- প্ৰীতি আৰু আন্তৰিকতা। সকলো জীৱৰে আত্মা কিন্তু একে; পৰমাত্মাৰ অংশ বিশেষ।
সেই কাৰণে মানুহৰ মনুষ্যত্ব জ্ঞানৰ অতি আৱশ্যক। যদি আমি মানৱ জন্ম লৈ পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ হও, তেতিয়া হলে আমাৰ শ্ৰেষ্ঠ জীৱ মনুষ্যত্বৰ জ্ঞান ক’ত বৰ্তি থাকিল। গুৰু জনাই কৈছিল সত্যানুসৰণ গ্ৰন্থত- অনুভূতিৰ দ্বাৰা যি জনা যায় সেয়া হৈছে জ্ঞান। আচলতে, জ্ঞান অবিহনে মনুষ্যত্বৰ কোনো মূল্য নাই। যদি আমি পুথি অধ্যয়ন কৰি বহুত জ্ঞান পাও; লিখা-পঢ়া কৰি শিক্ষা অনুষ্ঠানবোৰত অধ্যয়ন কৰিও বহুত ডিগ্ৰী লাভ কৰো; কিন্তু, যদি আমি এইবিলাক জ্ঞান লাভ কৰি সৎ কামত প্ৰয়োগ নকৰি, নিজ স্বাৰ্থৰ কাৰণেহে নিজকে প্ৰাতিষ্ঠা কৰো, আনৰ উপকাৰ সাধন নকৰো আৰু নিজক নিকা সৎ কামত প্ৰতিষ্ঠা নকৰো, তেনেহ’লে আমাৰ সেই শিক্ষাৰনো মূল্য ক’ত থাকিল।
শিক্ষাই আমাক সজাগ কৰে আৰু বন্তিৰ শিখাৰ দৰে আমাক পোহৰাই তুলি জীৱনৰ গতি নিয়ন্ত্ৰণ কৰে। এইয়াই হৈছে আমাৰ জীৱনটো বাছা আৰু বঢ়াৰ কৱচ। আজিকালি দেখা যায়, কিছুমান মানুহে এনেয়ে শিক্ষাৰ ডিগ্ৰী বহুত লাভ কৰে বিভিন্ন বিষয়ত। অথচ কৰ্ম ক্ষেত্ৰত একো প্ৰয়োগ নকৰে। নামতহে লয় শিক্ষাৰ বহুত প্ৰমাণপত্ৰ ইত্যাদি। কিন্তু কিছুমান মানুহক দেখা যায় অসঙ্গত কামত নিজকে নিয়োজিত কৰি কলঙ্কিত হোৱাওঁ দেখা যায়। এনেকৈ সমাজখন বিপথে পৰিচালনা কৰি, কলংকিতহৈ সমাজৰ পৰা এঘৰীয়া হোৱাওঁ দেখা যায়।
যদি আমি সকলোৱে ইষ্ট কেন্দ্ৰিক হওঁ মানে, সকলোৱে ভগৱানৰ লগত জড়িত বা সংযুক্ত হৈ থাকো, তেতিয়া হলে মানুহ বিপথে নাযায়। কলঙ্কৰ দাগও নপৰে ক’তো। মানুহ হৈ থকা মানুহৰ গৰ্বৰ কথা। যদিহে আমি মানু্হৰ সন্তান। গুৰু শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই কৈছিল--
সৎ শ্ৰেষ্ঠ আশ্ৰয় যাৰ।
অবাধ হয় উন্নতি তাৰ।।
মানুহ, আপোন, টকা পৰ।
যিমান পাৰা মানুহ ধৰ।।
আচলতে, আমি মানুহ সকলৰ অনুভৱ-অনুভূতিৰ দৰকাৰ। অনুভৱ-অনুভূতিৰ দ্বাৰা যি জনা যায়, সেয়াই হৈছে জ্ঞান। এই পৃথিৱীত আমি কোনেও চিৰ দিন জীয়াই নাথাকো। জীৱনটো কচু পাতৰ পানী। কোন সময়ত কোনে, কেতিয়া গুছি যাৱ লাগিব কোনেও এই কথা নাজানে। থকা কেইদিন আমি সকলোৱে সকলোৰেই লগত মিলি-জুলি থকিব লাগে। এইটো হৈছে মানুহৰ মহান এটা কৰ্তব্য। যিহেতু মানুহে হৈছে পৃথিৱীৰ ভিতৰতে জীৱ-জগতৰ সৰ্বশ্ৰেষ্ঠ জীৱ।
****