নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
ভঠেলি উৎসৱ
~প্ৰাঞ্জনা দাস~
‘ভঠেলি’ বা পাউৰা তোলা হ’ল হিন্দু ধৰ্মত প্ৰচলিত বাঁহ গছক দেৱতা জ্ঞান কৰি পালন কৰা এক ধৰণৰ পূজা। প্ৰাধানকৈ নামনি অসমত এই পূজাৰ প্ৰচলন দেখা যায়। ব’হাগৰ এক নিৰ্দিষ্ট দিনত বেলেগ বেলেগ গাঁৱত এই উৎসৱ এদিনীয়াকৈ পালন কৰা হয়। কোনো জাক-জমকতা নকৰাকৈ উদ্যাপিত হৈ অহা এই ভঠেলি (bhatheli) উৎসৱৰ দিনাখন পুৱাৰ ভাগতে গাঁৱৰ ডেকা ল’ৰাহঁতে জাতি বাঁহ এডাল আগলি নকটাকৈ মূঢ়াৰ সৈতে উভালি আনি ভালদৰে চাঁচিলৈ ধুই লয়। তাৰ পিছত সেই বাঁহডালত ৰং-বিৰংঙৰ কাপোৰ মেৰিয়াই ফুলৰ মালা পিন্ধাই সজাই তোলে। এই সু-সজ্জিত বাঁহডালকে পাউৰা বোলা হয়। মেৰিওৱা কাপোৰখিনিক ‘পাউৰা কাচ’ বোলে। পাউৰা অনা মানুহজনে গা-ধুই উপবাসে থাকি পবিত্ৰ সাচ পৰিধান কৰি পাউৰাটো কান্ধত তুলি ভঠেলি খোলালৈ আনিব লাগে। পিছত শংখ, ঘণ্টা, বৰকাঁহ, ঢোল-খোল, তাল আয়তী সকলৰ উৰুলি, হৰিধ্বনি আদি মাংগলিক ধ্বনিৰ মাজত উলহ-মালহৰ মাজেৰে আটায়ে এই সু-সজ্জিত বাঁহডালক তুলি দি গুৰিটো পুতি দিয়ে। সাধাৰণতে গাঁৱৰ নামঘৰ বা থান আদি উমৈহতীয়া ঠাইত থকা ভঠেলি উৎসৱ খোলাৰ ডাঙৰ গছত সু-সজ্জিত বাঁহডাল ওলোমাই ৰখা হয়।
ভঠেলিৰ দিনা ৰাতিপুৱাই ডেকা ল’ৰাহঁতে ভঠেলি খোলাৰ একাষে এটি বাহঁৰ খুটি পুতি খুটিটোৰ মূৰত কলৰ ছটিয়াৰে এটি এঢলীয়া ঘৰ সাজে। এই ঘৰটোক ‘ভঠেলি’ বোলা হয়। ঘৰটোৰ ভিতৰত এখন ডাঙৰ পীৰাৰ ওপৰত নতুন বিহুৱান এখন পাৰি দি তাৰ ওপৰত একলহ চাউল, এথোক কল, এথোক তামোল, বিশ মুঠি পাণ, নাৰিকল, ফল-মূল আদি ৰখা হয়। ধূপ-ধুনা জ্বলাই এই ঘৰটোত বাঁহ দেৱতা অগ্নি লৈ এখন নৈবদ্য আগবঢ়ায়। তাতেই নাম-প্ৰসংগ কৰি নতুন বছৰটো যাতে ভালে-কুশলে যায় তাৰ বাবে প্ৰৰ্থনা কৰে।
সাতাম পুৰুষীয়া ভঠেলি উৎসৱ চোৱাৰ বাবে ডেকা-বুঢ়া সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বাটকুৰি বাই আহে। এই জাতীয় উৎসৱ ভঠেলি লোকাচাৰ আৰু ৰং ধেমালিৰ প্ৰাচুৰ্য আছে।
****