নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু কিছু অনুভৱ
~প্ৰনীতা দাস~
“চিৰচেনেহী মোৰ ভাষা জননী”।
“অʼ মোৰ সুৰীয়া মাত
অসমৰ সুৱদী মাত”।
প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। আন্তৰ্জাতিক মাতৃভাষা দিৱস হৈছে ভাষা আৰু বহু ভাষাৰ অন্তৰ্ভুক্তিৰে বিভিন্ন দিশত উন্নয়ন সাধন কৰা। এই দিনটোতে ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি দিয়াৰ লক্ষ্যেৰে প্ৰত্যেক বছৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হৈ আহিছে। তথ্য অনুসৰি ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে।
১৯৫২ চনত তদানীন্তন পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) বাংলা বা বঙলা ভাষাক মাতৃভাষাৰ মৰ্যাদাৰ দাবীত হোৱা ছাত্ৰ আন্দোলনত আজিৰ দিনটোতে বহুকেইজন ছাত্ৰকৰ্মী আৰক্ষীৰ গুলীচালনাত ছহিদ হৈছিল। সেয়ে ২১ ফেব্ৰুৱাৰীৰ দিনটো বাংলাদেশত ছহিদ দিৱস হিচাপেও পালিত হৈ আহিছে। স্মাৰ্তব্য যে পশ্চিম পাকিস্তান চৰকাৰে পূব পাকিস্তানত (বাংলাদেশত) উৰ্দু ভাষাৰহে প্ৰচলন কৰিছিল। কিন্তু ইয়াত বাংলাহে আছিল মাতৃভাষা। যাৰ কাৰণে ইয়াৰ বিৰুদ্ধে ব্যাপক ছাত্ৰ আন্দোলন গঢ়ি উঠিছিল। পৰৱৰ্তী কালত ই গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছিল। সেয়ে এই ২১ ফেব্ৰুৱাৰী দিনটোক বৰ্তমানৰ বাংলাদেশৰ নাগৰিক আৰু চৰকাৰে ‘ভাষা ছহিদ দিৱস’ হিচাপে অতি সম্ভ্ৰমেৰে পালন কৰে। এই দিনটোৰ স্মৰণতে ২০১০ চনৰ ৫ আগষ্ট তাৰিখে ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তমৰ্মে আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে স্বীকৃত হয় আৰু তেতিয়াৰ পৰাই বিশ্বজুৰি পালিত হৈ আহিছে।
“মাতৃভাষা এটা জাতিৰ মেৰূদণ্ডস্বৰূপ”। এটা কেঁচুৱাই প্ৰথম মাত ফুটিবলৈ আৰম্ভ কৰাৰে পৰাই নিজৰ ঘৰখনত যিটো ভাষাত কথা কবলৈ আৰম্ভ কৰে সেইটোৱেই মাতৃভাষা । আমি সদায় মাতৃভাষাতে কান্দো আৰু মাতৃভাষাতে হাঁহো, মাতৃভাষাতে সপোন দেখোঁ।
আমি পৃথিৱীৰ যতেই যাওঁ তালৈকে মাতৃভাষাটো কঢ়িয়াই লৈ ফুৰোঁ। পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ মাতৃভাষাক ভালপায় আৰু নিজৰ মাতৃভাষাক সকলোৱে সন্মান কৰাৰ লগতে ভাষাটোৰ স্বকীয়তা যাতে হেৰাই নাযায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। সকলোৱে মাতৃভাষা ব্যৱহাৰ কৰি, চৰ্চা কৰি, বিকাশ সাধন কৰিব লাগে আৰু নিজৰ ভাষাক লৈ গৌৰৱ অনুভৱ কৰিব লাগে।
সকলো ভাষাৰে নিজা ব্যাকৰণ আছে। কোনো এটা ভাষাৰ মূল ভেটি হ’ল ব্যাকৰণ। কোনো এটা ভাষাৰ গঠনৰ সকলো কথা বিতংকৈ বিশ্লেষণ বা আলোচনা কৰা পুথিখন হল সেই ভাষাৰ ব্যাকৰণ। অসমীয়া ভাষা সঠিকভাৱে লিপিবন্ধন আৰু প্ৰকাশ কৰিবৰ বাবে যিবোৰ নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে তাৰ সমষ্টিকেই অসমীয়া ব্যাকৰণ। প্ৰখ্যাত লেখক সত্যনাথ বৰাৰ মতে, “যি পুথি পঢ়িলে অসমীয়া ভাষাত কথা ক’বলৈ আৰু অসমীয়া লিপি লিখিবলৈ শিকিব পাৰি, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে”। ব্যাকৰণত একোটা ভাষাৰ ধ্বনি, বৰ্ণ, বৰ্ণমালা, শব্দ আৰু পদৰ সাধন, পদৰ পৰা বাক্যৰ গঠন আদি চৰ্চা কৰা হয়।
অসমীয়া আমাৰ আইৰ মুখৰ ভাষা, আমাৰ স্বাভিমান। অসমীয়া ভাষা টোক কিছুমান অসমীয়াই হেয় জ্ঞান কৰা দেখা যায় । এইটো কোৱা নাই যে আমি আন ভাষা শিকিব নালাগে কিন্তু আমি প্ৰথমে নিজৰ ভাষাটো ভাল পাব লাগিব । নিজৰ ভাষাত ভেটিটো গঢ়াৰ পিছত নিজৰ প্ৰয়োজন অনুসৰি আন সকলো ভাষা শিকিব লাগে । ভাষা শুদ্ধকৈ জানিবলৈ আনৰ লিখনি পঢ়িলে বহুত উপকৃত হ’ব পাৰি। মানুহৰ শিকাৰ শেষ নাই । যিমানেই পঢ়িব সিমানেই শিকি গৈ থাকিব।
বানানৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া প্ৰয়োজন আছে, আজিকালি যিহেতু আমি সকলোৱে মোবাইলত কী-পেড ব্যৱহাৰ কৰি লিখা-মেলা কৰোঁ কী-পেডত কেতিয়াবা সকলো বোৰ বৰ্ণ বিচাৰি পোৱা নাযায়, কেতিয়াবা বানান ভুল হয়, ভুল বানানবোৰ চকুত পৰাৰ লগে লগে শুধৰাই দিব লাগে। তেতিয়া আমাৰ ভাষাটো দৃষ্টিকটূ হৈ নপৰিব। আমি সদায় আমাৰ ভাষাটোক শুদ্ধ ভাৱে ক’ব আৰু লিখিব লাগে। অসমীয়া ভাষাটো যাতে বিশ্ব দৰবাৰলৈ নিব পাৰো তাৰ বাবে সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
আজিৰ দিনত অসমীয়া বা জনগোষ্ঠীয় ভাষা সমূহৰো বিপদ ঘনীভূত হৈ পৰিছে। বিপদটো আহিছে আমাৰ নিজৰ সজাগতাৰ অভাৱ আৰু চৰকাৰী পক্ষৰ কিছুমান হঠকাৰী সিদ্ধান্তৰ ফলত। চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ লোৱা হঠকাৰী সিদ্ধান্তই সচেতন মহলক চিন্তিত আৰু উদিগ্ন কৰি তুলিছে; আৰু নানা দল সংগঠনে প্ৰতিবাদ কৰি আহিছে। শেষত পৃথিবীৰ সকলো ভাষালৈ শ্ৰদ্ধা জনাই সামৰণি মাৰিলোঁ।
****