নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
হাউলীৰ ঐতিহ্য বহনকাৰী মৈৰামাৰা নমাটী সত্ৰ
~মনজিৎ দাস~
সত্ৰৰ পৰাই সংস্কৃতিৰ আৰম্ভ। অসমৰৰ সত্ৰ সমূহৰ ভিতৰত বৰপেটা জিলাৰ হাউলী অঞ্চলৰ মৈৰামাৰা স্থিত মহাপুৰুষ দেবদামোদৰদেৱ প্ৰপন্ন শিষ্য কবিৰত্ন ভট্টদেবৰ বংশধৰ শ্ৰীশ্ৰীমুকুন্দদেৱ প্ৰতিষ্ঠিত মৈৰামাৰা নমাটি সত্ৰ। অসমত প্ৰতিষ্ঠিত দামোদৰীয়া সত্ৰসমূহৰ ভিতৰত মৈৰামাৰা নমাটি সত্ৰই প্ৰাচীন কালৰ পৰাই এক ঐতিহ্য বহন কৰি আহিছে। সত্ৰ-সংস্কৃতিত মৈৰামাৰা নমাটি সত্ৰই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। কবিৰত্ন ভট্টদেৱৰ কথামতে পাটবাউসীৰ পৰা আহি মুকুন্দদেবে কেওটকুচী নামে ঠাইত সত্ৰ স্থাপন কৰে। তেখেতৰ দুগৰাকী পত্নী আছিল। সেয়েহে ধৰ্মপ্ৰচাৰৰ উদ্দ্যেশ্যেৰে সৰুজনী পত্নীক কেওটকুচীত থৈ ডাঙৰজনীক লৈ ভবাণীপুৰ অঞ্চলৰ নমাটিত সত্ৰ স্থাপন কৰে। সত্ৰখনৰ ধৰ্মপ্ৰচাৰ আৰু প্ৰসাৰত সেই সময়ছোৱাত আগভাগ লৈছিল। কিন্তু ১৮৯৮ চনত হোৱা প্ৰবল ভূঁইকপৰ ফলত সত্ৰখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। সত্ৰখনত বানপানী মাৰি মৰকে আগুৰি ধৰাত মানুহৰ বসতিৰ বাবে অনুপযোগী হৈ পৰে। উপায়হীন হৈ ভকতসকলে ওখ সুচল ঠাই বিচাৰি আহি হাউলী মৈৰামাৰাত উপস্থিত হয়। ১৩০৬ শকত তদানিন্তন সত্ৰাধিকাৰ ৺যোগেশ্বৰ গোস্বামীদেৱ মৈৰামাৰাত বৃহৎ চতুৰ্ভুজ বিগ্ৰহ আৰু শালগ্ৰাম প্ৰতিষ্ঠা কৰি সত্ৰখন নতুনকৈ পুনৰ স্থাপন কৰে। সেই সময়ৰ পৰা সত্ৰখন মৈৰামাৰা নমাটি সত্ৰ নামে জনাজাত হৈ পৰে। নমাটি সত্ৰৰ প্ৰতিষ্ঠাতা শ্ৰীশ্ৰীমুকুন্দদেৱৰ পিতৃৰ নাম বাসুদেৱ বিদ্যানিবাস আৰু মাতৃ উমাপ্ৰিয়া। তেওঁৰ পৰৱৰ্তী বংশধৰ কন্দৰ্পদেৱ, ৰামদত্তদেৱ, বিষ্ণুদত্তদেৱ, দৈৱকী নন্দদেৱ আদিয়ে সত্ৰাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ভগৱান গোস্বামীৰ আতাপুৰুষ যোগেশ্বৰ গোস্বামীয়ে সত্ৰাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তাৰ পাছত ভগৱান গোস্বামীৰ পিতৃ পুণ্যশ্লোক সত্ৰাধিকাৰ ত্ৰৈলোক্যনাথ গোস্বামীয়ে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁৰ দিনত সত্ৰখনৰ অধিক উন্নয়নৰ কথা চিন্তা কৰি সত্ৰ পৰিচালনা সমিতি এখন গঠন কৰা হয়। বৰ্তমানেও সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে সত্ৰ পৰিচালনা সমিতি গঠন কৰি অহা হৈছে। এই বছৰৰ ব’হাগ মাহৰ পৰা ভগৱান গোস্বামী সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰিছে।
মৈৰামাৰা নমাটি সত্ৰৰ পৰম্পৰাগত নীতি- নিয়মসমূহৰ সৰহ ভাগেই আধুনিক যুগতো শিথিল হোবা নাই। মৰা-জীয়া, অশৌচ, শ্ৰাদ্ধ আদি বৈদিক নিয়মমতে সমাপন কৰিব লাগে। উল্লেখ্য যে অশৌচত পৰ পৰিয়ালৰ শৰাই, ভোগ, দান আদি লোৱা নিষেধ। পূৰ্বাপন চলি অহা ৰীতি অনুযায়ী শ্ৰীশ্ৰীচতুৰ্ভুজ প্ৰভুলৈ শৰাই ভোগ, উছৰ্গা আদি আগবঢ়াবলৈ এদিন আগতে পালাধৰীয়াক উছৰ্গাৰ বস্তুখিনি দি যাব লাগে। পাছৰ দিনা নিয়ম মতে নিয়ম মতে সত্ৰৰ পুৰোহিতে প্ৰসংগৰ সময়ত শ্ৰীশ্ৰীচতুৰ্ভুজ মহাপ্ৰভুলৈ সেইখিনি আগবঢ়ায়। সত্ৰৰ প্ৰসংগ মহাপুৰুষ দামোদৰদেৱ গুৰুজনাই থৈ যোৱা নীতি-নিয়ম আৰু তেৰাৰ প্ৰধান শিষ্য ভট্টদেৱৰ প্ৰসংগমালাৰ আধাৰত চলে। মণিকূট গৃহত শ্ৰীশ্ৰীচৰ্তুৰ্ভূজ আৰু শালগ্ৰাম বিগ্ৰহৰ পূজা-অৰ্জনা চলে। মণিকূট গৃহৰ সংলগ্ন নামঘৰত ৰাতিপুৱা ভকতসকলে জাগৰণ ভটিমা গাই প্ৰসংগ আৰম্ভ কৰে। পাছত সন্ধিয়া চাকি-বস্তি জ্বলাই ডবা কোবাই দিনটোৰ কাৰ্য সমাপ্ত কৰে। সত্ৰত স্ত্ৰী-শূদ্ৰ নিৰ্বিশেষে সকলোৰে অবাধে প্ৰৰেশ কৰিব পাৰে। ভকতসকলৰ প্ৰসংগৰ পিছত আইসকলে পৰম্পৰাগত বিধিমতে প্ৰসংগ কৰাৰ নিয়ম আজিকোপতি চলি আছে।
সত্ৰখনত বছৰটোত পালন কৰা উৎসবসমূহ হ’ল অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে ব’হাগ বিহুৰ সংক্ৰান্তিৰ দিনাখন নাম প্ৰসংগ কৰি গণকৰ দ্বাৰা সত্ৰ আৰু দেশৰ ভবিষ্যৎ গণনা কৰি ৰাইজক শুনোৰা হয়। এই কথাটোৱে ঐতিহ্যপূৰ্ণ সমাজৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়ে। তদুপৰি কাতি আৰু মাঘ বিহু সংক্ৰান্তিও পালন কৰা হয়। ভাদ মাহত কৃষ্ণৰ জন্মাষ্টমী দিনটোত উপবাস পালন কৰা হয়। পিছদিনাখন নন্দোৎসৱত নাম-কীৰ্তন কৰি সত্ৰৰ আইসকলে বিশেষভাবে প্ৰস্তুত কৰা গন্ধ তেল সানি সমবেত ধৰ্ম প্ৰাণসকলে প্ৰসাদ গ্ৰহণ কৰি ব্ৰত ভাঙে। পচতি উৎসৱত আইসকলে কীৰ্তন ঘৰৰ চাৰিওফালে দধিভাৰ লৈ পৰিভ্ৰমণ কৰে। কদম গছৰ তলত শিশু কৃষ্ণই লীলা কৰে।
সত্ৰখনত বেছিভাগ উৎসব অনুষ্টুপীয়াকৈ পালন কৰা হয় যদিও দামোদৰদেৱৰ তিথি, মুকুন্দদেৱৰ তিথি, ভট্টদেবৰ তিথি, জগন্নাথৰ নাম, দৌল উৎসৱ আদি জাক জমকতাৰে পালন কৰা হয়। গণতান্ত্ৰিক পদ্ধতিৰে গঠন হোৱা সমিতিৰ দ্বাৰা পৰিচালিত সত্ৰৰ বিষয়ববীয়াসকল এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মালা-নিৰ্মালিৰে দায়িত্বভাৰ প্ৰদান সত্ৰৰ সত্ৰাধিকাৰে কৰে। মৈৰামাৰা নমাটি সত্ৰত থকা বিষয়বাক কেইটা হ’ল- সত্ৰাধিকাৰ, পুৰোহিত বা পূজাৰী, ভাগৱতী, প্ৰসংগ-পাঠক, পদ-পুথি পাঠক, ব্যাস-কীৰ্তনৰ পাঠক, দেউৰী, পালাধৰীয়া, বৰা, মজুমদাৰ, সজতোলা আদি।
ঐতিহ্যপূৰ্ণ্য সত্ৰখনত পুৰণি বস্তু কেইপদমান এতিয়াও সংৰক্ষিত হৈ আছে। যেনে- লোৰ ওখ গছা, সাঁচিপাতৰ পুথি, ভট্টদেবৰ গা ধোৱা এচটা শিল, পিতলৰ প্ৰকাণ্ড এটা ডবা আৰু সোণ-ৰূপৰ পুৰণি অলংকাৰৰ লগতে বাচন-বৰ্তন আদি। সত্ৰত সংৰক্ষণ হৈ থকা ভট্টদেৱৰ বিৰচিত শ্ৰীশ্ৰীকৃষ্ণলীলা কীৰ্তন ‘সাচিপতীয়া’ পুথিখন ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে শ্ৰীশ্ৰীদামোদৰদেৱ সেৱা সমিতি, বজালী। এই প্ৰাচীন সত্ৰখনৰ নিৰ্মাণ বা মেৰামতি ৰাইজৰ দান বৰঙনিৰে কৰিছিল। এতিয়া সত্ৰখনৰ বাটচ’ৰা কীৰ্তনঘৰ ভোগ গৃহ আদি পুনৰ নিৰ্মাণৰ দ্বাৰা ধুনীয়া হৈ পৰিছে। এই প্ৰাচীন দামোদৰী সত্ৰসমূহ ৰজাঘৰৰ পৰা আগত অবহেলিত হৈ আহিছিল যদিও বৰ্তমান চৰকাৰখনে সত্ৰ-সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে সত্ৰখনৰ সাৰ্বাঙ্গীন উন্নয়নত দৃষ্টি দিলে অধিক উন্নত হব।
****