নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
কৃতজ্ঞঃ অকৃতজ্ঞ
~যুগান্ত বায়ন~
আজিৰ পৃথিৱীত কোনো লোকে নিজকে বেয়া বা অপদাৰ্থ বুলি অনুভৱ নকৰে। সকলোৱে নিজ নিজ কৰ্মক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্য্য ব্যৱস্থাক সঠিক আৰু শুদ্ধ বুলি অনুভৱ কৰে। অতি কম সময়ৰ ভিতৰতে যি পথেৰেই নহওঁক কিয় নিজৰ আৰ্থিক তথা সামাজিক অৱস্থা স্বচ্ছল হোৱাৰ প্ৰতিযোগিতাত নামি পৰা লোকসকলে কেতিয়াও তেওঁলোকে গ্ৰহণ কৰা পথটো সূচল বুলিয়ে প্ৰতীয়মান কৰিব খোজে। এনে প্ৰকৃতিৰ লোকে সমাজত নিজৰ আধিপত্য বজাই ৰখাৰ বাবে সমাজখনক বা দেশখনক আগুৱাই লৈ যোৱাৰ বাবে নিজৰ জীৱন পৰ্যন্ত উচৰ্গা কৰা লোকসকলৰ অৱদানক মান্যতা দিয়াটো দূৰৰ কথা তেনেধৰণৰ লোকৰ ৰাজহুৱা অৱদানৰ ইচ্ছাকৃতভাৱে অবদমিত কৰাৰ বাবে কুটিল ৰাজনীতিত মত্ত হৈ পৰে। এইচাম লোকৰ ধাৰণা মতে তেওঁলোকে কৰা কামবোৰই শ্ৰেষ্ঠত্ব দাবী কৰাৰ অধিকাৰ আছে। এনে লোকসকলে সমাজৰ অগ্ৰজসকলে সমাজখনৰ বাবে কৰি যোৱা কৰ্মৰাজিক স্বীকৃতি দিয়াৰ বাবে ইচ্ছুক নহয়। এতিয়া এনে পৰিস্থিতি দেখা গৈছে যে একো একোটা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানত জঢ়িত থকা ব্যক্তিসকলৰ মৃত্যুৰ পিছত অনুষ্ঠিত হোৱা সোঁৱৰণী সভাটো এনেধৰণৰ লোকে অংশ গ্ৰহণ কৰাটো এক দুৰূহ কাৰ্য্য হিচাপে চিহ্নিত হৈছে। সাধাৰণ চোৰ এটাইও তেওঁ কৰা কামটোক উত্তম কাম হিচাপে গণ্য কৰে। কাৰণ তেওঁ ধনৱান মানুহৰ ঘৰতে তেঁওৰ কাৰ্যকলাপ সমাপন কৰে। চোৰটোৰ ধাৰণা তেঁও সমাজৰ পৰা পাবলগীয়া আচাৰ-ব্যৱহাৰৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাৰ কাৰণে চৌর্য্য বৃত্তিৰ দৰে বৃত্তিত জঢ়িত হ'ব লগা হৈছে।
কিন্তু দুখ আৰু পৰিতাপৰ কথা এইয়ে যে বৰ্তমান আমাৰ সমাজ ব্যৱস্থাক অকৃতজ্ঞ লোকৰ চাহিদা দিনক দিনে বাবে বৃদ্ধি পাব ধৰিছে। যিটো ব্যৱস্থা এখন সমাজ বা এটা জাতিৰ ভৱিষ্যতৰ উত্তৰণৰ বাবে কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। এখন সমাজৰ বা অঞ্চলৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পৰিকাঠামো শক্তিশালী হোৱাৰ ক্ষেত্ৰত একো একো জন ব্যক্তিৰ অৱদানে একোটা অঞ্চল আৰু অনুষ্ঠানক মহিয়ান কৰি তোলাৰ উদাহৰণ আমাৰ সমাজত অতি সুলভ। এনেধৰণৰ ব্যক্তি তথা অনুষ্ঠানৰ পাৰদৰ্শিতাৰ বাবে সেই অঞ্চলসমূহ মানুহৰ মাজত চিৰস্মৰণীয় হৈ ৰয়। কিন্তু এনে পৰ্যায়ৰ লোকৰ বা অনুষ্ঠানৰ অৱদানক আমি আজি সোৱৰণ কৰিবলৈ পাহৰি যাবলৈ ধৰিছো। যিসকল চনাম ধন্য ব্যক্তিৰ বদান্যতাত একো একোটা অঞ্চল শক্তিশালী হৈ উঠিছিল সেইসকল ব্যক্তিৰ অৱদানক আমি আজি নস্যাৎ কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰিছো। আমি যদি আমাৰ অগ্ৰজসকলৰ অৱদানক মান্যতা দিয়াৰ মানসিকতা গঢ়ি তুলিব নোৱাৰো তেনেহ'লে সমাজক নেতৃত্ব দিয়াৰ অধিকাৰ আমি দাবী কৰাটো এক অনৈতিক কাৰ্য্য হ'ব। কলিংগ যুদ্ধৰ ৰক্তক্ষয়ে সম্ৰাট অশোকৰ মনত অত্যন্ত বিষাদৰ ভাৱ অনাৰ কাৰণে আৰু ইয়াৰ কোনো যুক্তি-যুক্ততা নিজৰ বিবেকেও বিচাৰি নোপোৱাৰ বাবে তেওঁ যুদ্ধ আৰু হিংসাৰ পৰা সম্পূৰ্ণ আঁতৰি আহি জনহিতকৰ কাম কৰি দুখ মোচনৰ চেষ্টা চলাইছিল। কিন্তু পৃথিৱীৰ অধিকাংশ শাসকে ইতিহাসৰ বিভিন্ন সময়ত এনে ৰক্তক্ষয় যুদ্ধ শেষ সময়লৈকে চলাই নিয়াৰ নজিৰ বিৰল নহয়। সেয়েহে আমি যেতিয়া নিজৰ পূৰ্বপুৰুষৰ অক্লান্ত শ্ৰমৰ বিনিময়ত আজিৰ সমাজখন ঠন ধৰি উঠা কাৰ্য্যক অনুভৱ কৰিবলৈ সমৰ্থ হ'ম তেতিয়াহে সমাজ আকাশ ৰঙীন ৰঙেৰে ৰঙীয়াল কৰিবলৈ সমৰ্থ হ'ম। এটা কৃতজ্ঞ জাতিয়েহে পৃথিৱীত অনিৰ্দিষ্ট কালৰ বাবে জীয়াই থকাৰ সাহস লাভ কৰিব পাৰে।
****