নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
লোক সংস্কৃতিত জুহাল বা জুইহাল
~তৰু ডেকা~
লোক সংস্কৃতি বুলিলে থাউকতে এনেদৰে ক'ব পাৰি যে লোক অৰ্থাৎ মানুহৰ সংস্কৃতিয়ে হৈছে লোক সংস্কৃতি। লোক সংস্কৃতিয়ে এখন সমাজৰ চিন্তা, দৰ্শন, হাঁহি -কান্দোন, প্ৰেম-প্ৰীতি, ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ, কলা-কৌশল আদিক বুজায়। আদিম কালৰ অনাখৰী লোকৰ পৰম্পৰা আৰু বিশ্বাসেই হৈছে লোক সংস্কৃতিৰ আধাৰ। লোক সমাজৰ সামাজিক প্ৰক্ৰিয়া, জনজীৱনৰ কাৰ্যাৱলীয়েই হৈছে লোক সংস্কৃতিৰ বৈশিষ্ট্য। লোক সংস্কৃতি কেতিয়াৰ পৰা কেনেকৈ সৃষ্টি বা আৰম্ভ কৰিছে সেয়া বিচাৰ্য নহয়। ই পুৰণি গ্ৰাম্য সমাজত মুখ বাগৰি মুখে মুখে প্ৰচলিত হৈ অহা দৈনন্দিন জীৱন নিৰ্বাহৰ একপ্ৰকাৰ নীতি-নিৰ্দেশনা। লোক সংস্কৃতি লোকজীৱনৰ আদৰ্শবাদ আৰু সৌন্দৰ্যবোধ। ই এটা জাতিৰ জনম কুণ্ডলী স্বৰূপ।
অসমৰ লোকজীৱনত প্ৰচলিত বিভিন্ন কৃষ্টি-সংস্কৃতিৰ ভিতৰত অতীতৰ জুহাল বা জুইহালৰ প্ৰাসংগিকতা আজিও বিদ্যমান। জুহাল অসমীয়া গ্ৰাম্য জীৱনৰ অবিচ্ছেদ্য অংগ। গ্ৰাম্য জীৱনৰ অসংখ্য লোক-কথাৰ আলোচনাৰ স্থল জুহাল। অকল লোক কথাই নহয়, পৰিয়ালৰ লোকৰ মাজত হোৱা “মৌ মেল”ৰো উত্তম স্থল জুহাল। ডাকৰ বচনেও কয় _ “জুহাল অকল ৰন্ধনৰ বাবে নহয়, ই ঘৰৰ মংগল আৰু বুঢ়া-মেথাৰ পৰামৰ্শৰ স্থান”।
জুহাল মানে ৰান্ধনীশাল নহয়। আগৰ কালত প্ৰত্যেক ঘৰে ঘৰে তুঁহ জুই জ্বলাই ৰখা জুহাল এখন আছিল। তাত অনবৰতে জুই ৰখা হৈছিল, ঘৰৰ মানুহে প্ৰয়োজন হ'লেই তাৰ পৰা ফুৱাই ফুৱাই জুই জ্বলাই নিছিল। বিশেষকৈ জাৰকালি জুহালত বহি জুইৰ উত্তাপ লোৱা অভিজ্ঞতা প্ৰায় সকলোৰে আছে। জুহালখন পৰিয়ালৰ কেন্দ্ৰবিন্দু; ঘৰখনৰ উমৈহতীয়া মিলন, সংস্কৃতিৰ চৰ্চা, সাধুকথা বা লোক গাথাৰ জৰিয়তে নতুন প্ৰজন্মক জ্ঞান দিয়াৰ স্থান জুহালখনেই। শীতকালত জুই পুওৱাৰ উপৰিও জুহালত আলু,বেঙেনা, কঠাল গুটি, মাছ আদি পুৰি খোৱা হয়। তাৰোপৰি জুহালত শলাত দিয়া বা বিন্ধিত দিয়া আৰু চালনীত দি শুকোৱা মাছ যিয়ে এবাৰ খাই পাইছে তেওঁলোকৰ জিভাত নিশ্চয় সোৱাদ লাগিয়ে আছে। জুইত সেকি-পুৰি খোৱা বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ থল জুহালখন।
জুহাল আধাৰিত বিভিন্ন ডাকৰ বচন, যোজনা,পটন্তৰ অসমীয়া লোক সমাজত প্ৰচলিত হৈ আছে। সাধাৰণতে প্ৰসূতি গৃহত জুই ৰখাতো অসমীয়া সমাজৰ চিৰ পৰিচিত পৰম্পৰা। আধুনিক কালত বিজুলী শক্তিৰ ব্যৱহাৰৰ বাবে প্ৰসূতি গৃহত যদিও জুই নাৰাখে তাত বৈদ্যুতিক যন্ত্ৰৰ সহায়ত পোহৰ আৰু তাপৰ ব্যৱস্থা কৰা হয়। উদাহৰণ স্বৰূপে দেখা যায় যে আগতে পানী কেঁচুৱাক জুইৰ সেক দি টিপি-তাপি বিভিন্ন কাৰকৰ পৰা বচাই ৰাখিছিল। কিন্তু বৰ্তমানত পৰিস্কাৰ -পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ধোৱা আৰু ছাঁইৰ পৰা পানী কেঁচুৱাটিক আঁতৰাই ৰখা হয়। কিন্তু লক্ষ্যণীয় বিষয় যে পানী কেচুৱা অৱস্থাত হোৱা জণ্ডিছ ৰোগ নিৰাময়ৰ বাবে শিশুটিক উচ্চ ক্ষমতা সম্পন্ন টিউব বাল্বৰ পোহৰৰ মাজত ৰখা হয়। মূলতঃ পানী কেঁচুৱাৰ বাবে পোহৰ আৰু তাপ অতি জৰুৰী। প্ৰসূতি গৃহত জুই ৰখাৰ ক্ষেত্ৰত ডাকৰ বচনত এনেদৰে পোৱা যায়---
“দীঘল দীঘলকৈ দিবা ফুক
তেহে দেখিবা জুইৰ মুখ”। __ কথিত আছে যে ডাক পুৰুষৰ জন্মৰ পিছতেই প্ৰসূতি গৃহৰ জুহালৰ জুই ভাল নোহোৱাত জুই ধৰাৰ দিহা দি উক্ত বচন কৈছিল। জন্মিয়েই ডাক (মাত) দিয়া বাবে তেখেতৰ নাম ডাক হৈছিল। লোক বিশ্বাসত প্ৰসূতি গৃহৰ জুহালৰ জুইয়ে শিশুটিক অক্ষশক্তিৰ পৰাও ৰক্ষা কৰে।
জুহালত জুইকুৰা স্তিমিত কৰি ৰাখিবলৈ তাত সৰু-সুৰা ডুখৰীয়া খৰি, তুঁহ দিহে জুই ধৰা হয়। যিহেতু পৰিয়ালৰ উমৈহতীয়া আড্ডাৰ থলী যোজনাত এনেদৰে কোৱা হৈছে __
“ল'ৰাই লুৰীয়েই ঘৰখন,
ডোখৰা ডুখুৰীয়ে জুহালখন”।
জুহালত বহি সাধুকথা, আখ্যান বা সৃষ্টিশীলতাৰ বিভিন্ন সাৰগৰ্ভ কথাও আলোচনা কৰা হয়। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি শিশুলৈকে সকলোৱে জুহালত বহিব পাৰে। গতিকে তাত আলোচিত কথা-বতৰাৰ মাজেদি বহুতো কথা জানিব-বুজিব পৰা যায়। সেই বাবেই যোজনাত এনেদৰে কৈছে __
“জুহালত গঢ়িলেহে
কমাৰ শালত গঢ়িব পাৰি”।
অৰ্থাৎ জুহালখন আমাৰ শিক্ষা- দীক্ষাৰ থল হিচাপেও পৰিগণিত হৈ আছে।
জুহালৰ মহত্ব বুজোৱা ধেমেলীয়া পটন্তৰো আমাৰ সমাজত প্ৰচলিত হৈ থকা দেখা যায়। জাৰকালিৰ কথা। বোৱাৰীয়ে শহুৰক কৈছে -
“জহো হৈছি কাল, মহো হৈছি কাল
শহুৰ বুঢ়া বাইজ ওল্লিহে ভাল”।
জুহালৰ তুঁহ জুইত আলু, বেঙেনা,মাছ আদি পুৰি বৰ জুতি লগাই খাব পাৰি। সেয়ে বোৱাৰীয়েকে অকলে খাব বুলি এটা ডাঙৰ গৰৈ মাছ জুহালৰ তুঁহজুইত পুৰিবলৈ দি ঘৰুৱা বন কৰিবলৈ গ'ল। বন অটাই থৈ আহি দেখে যে শহুৰেক জুহালত বহি আছে। উপায় নাপায় বোৱাৰীয়েকে জহ আৰু মহৰ কথা কৈ আকাৰে-ইঙ্গিতে শহুৰেকক জুহালৰ পৰা উঠি যাবলৈ ক'লে। শহুৰেকে বোৱাৰীয়েকৰ স্বভাৱৰ বিষয়ে জ্ঞাত আছিল। গতিকে উত্তৰত শহুৰেকে কৈছে--
“জহো থাকক মহো থাকক বই
তুঁহৰ তলৰ ধুম গৰেটু
সিও যাওক দই”।
তুঁহৰ জুইত পুৰিব দিয়া গৰৈ মাছটোৰ কথা শহুৰেকে জানিব পাৰিয়ে বোৱাৰীয়েকৰ উদ্দেশ্যে তেনেকৈ কৈছিল। বোৱাৰীয়েকে লাজ পাই আঁতৰি গ'ল।
এনে ধৰণৰ জুহাল সম্পৰ্কীয় বিভিন্ন মুখৰোচক কথাৰ আজিও প্ৰচলন আছে। অতীতত অসমৰ জনসমাজত জুহালখন স্থায়ীভাৱে দেখা পোৱা গৈছিল। অৱশ্যে বৰ্তমানৰ অত্যাধুনিক সমাজ ব্যৱস্থাৰ মাজত স্থায়ী জুহালখন বিলুপ্তিৰ পথত। আগতে নাৰীসকলে এই জুহালতে বিভিন্ন উপাদেয় খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছিল যদিও বৰ্তমানত ধোৱা খোৱা, কাপোৰ, হাত -ভৰি লেতেৰা হোৱা আদি বিভিন্ন বৈজ্ঞানিক-অবৈজ্ঞানিক কাৰণতে জুহালৰ পৰা আতঁৰি আহে। যান্ত্ৰিকতাৰ আৱেষ্টনি আৰু পৰিয়ালৰ সীমিত সদস্য সংখ্যাৰ মাজত জুহালৰ প্ৰাসংগিকতা যেন লাহে লাহে লোপ পাই আহিছে।
জীৱন শৈলীৰ পৰিবৰ্তনে কৃষ্টি - সংস্কৃতিৰো পৰিবৰ্তন সাধে। সদাব্যস্ত মানুহে জীৱন নিৰ্বাহৰ তাগিদাত কিছু ক্ষেত্ৰত পৰম্পৰা আৰু সংস্কাৰ -সংস্কৃতি ধৰি ৰাখিব নোৱাৰাকৈ আছে যদিও একেবাৰেই বাদ দিয়াটো অনুচিত। কিয়নো এই সংস্কৃতি আৰু পৰম্পৰাইহে শিপাৰ সন্ধান দিব। ভৱিষ্যত প্ৰজন্মক জাতিৰ সৌৰভেৰে উজ্জীৱিত কৰিবলৈ হ'লে তেওঁলোকৰ মাজত লোক কৃষ্টি-সংস্কৃতিৰ ধাৰা বোৱাই জাতীয় চেতনা জাগ্ৰত কৰিবই লাগিব। ইয়াৰ বাবে আমাৰ সমাজৰ প্ৰতিটো পৰিয়াল আৰু ব্যক্তি দায়বদ্ধ।
****