নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
ধ্ৰুপদী অসমীয়া ভাষা :: স্বীকৃতি আৰু আমাৰ কৰ্ত্তব্য
~ৰঞ্জিত কুমাৰ কলিতা~
ভাষাতাত্বিক , সামাজিক, সাংস্কৃতিক, সাহিত্যিক আৰু ঐতিহাসিকভাৱে বিশ্বৰ চহকী ভাষা সমূহৰ ভিতৰত অন্যতম অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ সকলো লক্ষণ আৰু বৈশিষ্ট্য অক্ষুণ্ণ ৰখাৰ সুবাদতে পলমকৈ হ'লেও নানান প্ৰক্ৰিয়াৰ মাজেৰে অৱশেষত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ভাৰতীয় ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰ স্বীকৃতি আনুষ্ঠানিক ভাৱে যোৱা ৩ অক্টোবৰ, ২০২৪ তাৰিখে লাভ কৰে। অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাকো এই স্বীকৃতি দিয়া হয়। ইয়াৰ পূৰ্বে ইং ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত তামিল, সংস্কৃত, তেলুগু, কানাড়া, মালয়ালম আৰু ওড়িয়া- এই ছয়টা ভাৰতীয় ভাষাইহে ধ্ৰুপদী মৰ্যাদা লাভ কৰিছিল। সম্প্ৰতি সৰ্বমুঠ এঘাৰটা ভাৰতীয় ভাষাই এই বিৰল সন্মানৰ অধিকাৰী হ'ল।
ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তিৰ বাবে পূৰণ কৰিবলগীয়া আটাইকেইটা চৰ্তই অসমীয়া ভাষাৰ সুস্পষ্টকৈ থকাটো সমগ্র অসমীয়া জাতিৰ বাবে গৌৰৱৰ কথা । কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সাহিত্য অকাডেমিৰ অন্তৰ্গত ভাষাতাত্বিক বিশেষজ্ঞ সমিতিয়ে শেহতীয়াভাৱে ২০২৪ ইং চনত নিৰ্দ্ধাৰণ কৰা নীতি অনুযায়ী ধ্ৰুপদী ভাষাৰ চৰ্ত/বৈশিষ্ট্য/লক্ষণসমূহ হৈছেঃ
(১) সংশ্লিষ্ট ভাষাৰ উৎপত্তি তথা ক্ৰমবিকাশ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমলসমূহৰ প্ৰামাণিক তথ্যসহ ইতিহাস কমেও ১৫০০ ৰ পৰা ২০০০ বছৰ পুৰণি হ'ব লাগিব আৰু এই সমলসমূহৰ ঐতিহাসিক, ভাষাতাত্বিক আৰু সাহিত্যিক গুৰুত্ব থাকিব লাগিব।
(২) এই প্ৰাচীন সমলসমূহ তথা সাহিত্য/ভাষিক কৰ্মৰাজি ভাষিক গোষ্ঠীটোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ঐতিহ্য হিচাপে গ্ৰহণ কৰি থকা হ'ব লাগিব।
(৩) এই সমলসমূহৰ ভিতৰত তথ্যসমৃদ্ধ প্ৰমাণ হিচাপে জ্ঞানমূলক গদ্য, বিশেষকৈ গদ্য লেখাৰ উপৰি পদ্য/ কাব্য আদিৰ লগতে শিলালিপি আৰু তাম্ৰলিপিৰ দৰে নিজস্ব ভাষাতাত্বিক সমলসমূহ থাকিব লাগিব।
(৪) ভাষা আৰু সাহিত্যৰ ধ্ৰুপদী ৰূপৰ সৈতে বৰ্তমানৰ ৰূপৰ স্পষ্ট প্ৰভেদ থাকিব পাৰে অথবা পৰৱৰ্তীকালত সেই ভাষিক ৰূপৰ প্ৰচলন বন্ধ হৈ যাব পাৰে নাইবা ক্ৰমবিৱৰ্তনত তাৰ পৰা উদ্ভূত শাখা - প্ৰশাখাৰ ৰূপত ভাষাটো বৰ্ত্তি থাকিব পাৰে।
অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ সুদীৰ্ঘ ইতিহাস প্ৰাগ্ঐতিহাসিক যুগৰ পৰাই বৰ্তমানলৈকে নিৰৱচ্ছিন্ন পৰিক্ৰমাৰে প্ৰবাহিত হৈ আছে । এই পৰিক্ৰমাৰ আৰম্ভণি তৃতীয়, চতুৰ্থ শতিকাৰ আগৰে পৰাই হৈছিল। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত ৰচিত কৌটিল্যৰ অৰ্থশাস্ত্ৰত প্ৰাচীন অসমীয়া শব্দৰ উল্লেখ পোৱা যায়। অসমীয়া লিপিৰ সুস্পষ্ট নিদৰ্শন খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ পুৰাতাত্বিক সমলসমূহত পোৱা যায়। চতুৰ্থ শতিকাৰ পূৰ্বৰ ডুবৰাণী শিলালিপি, সেই শতিকাৰ শেষ ভাগৰ নাগাজৰী খনিকৰ গাঁৱৰ শিলালিপি আৰু সেই সময়ৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰৰ বিভিন্ন শিলালেখ, তাম্ৰ ফলি তথা শাসনসমূহ অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ প্ৰামাণ্য তথ্য। অসমীয়া সাহিত্যৰ উন্নত স্বকীয় নিদৰ্শন নৱম-দশম শতিকাৰ চৰ্যাপদসমূহত স্পষ্ট ৰূপত পোৱা যায়। অৰ্থাৎ তাৰ আগতেই নিশ্চয় অসমীয়া ভাষা-সাহিত্যই পৰিপক্ক ৰূপ পৰিগ্ৰহণ কৰিছিল। সংৰক্ষণৰ অভাৱত অথবা মৌখিক ৰূপত থকা বাবে হয়তো বহুতো অমূল্য ভাষিক- সাহিত্যিক সমল কালক্ৰমত হেৰাই গৈছে। প্ৰাচীন ৰূপৰ অসমীয়া ভাষাৰ ব্যৱহাৰ চতুৰ্থ শতিকাৰ আগৰে পৰাই আছিল। সপ্তম শতিকাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ কামৰূপ ভ্ৰমণৰ টোকাত ভাৰতৰ অন্যান্য প্ৰান্তৰ ভাষাতকৈ অসমীয়া ভাষাৰ নিজস্ব পৃথক ৰূপ থকা কথাটো উল্লেখ আছে।
অসমীয়া ভাষাৰ মূল ভাৰতীয় আৰ্যভাষা হ'লেও পুৰণি অসমত বসতি স্থাপন কৰা অষ্ট্ৰিক, চীন-তিব্বতীয় , দ্ৰাবিড়ীয় তথা নৃগোষ্ঠীয় লোকসকলৰ ভাষাসমূহৰ প্ৰভাৱত অসমীয়া ভাষাই স্বকীয় ৰূপ পৰিগ্ৰহণ কৰিছে । মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ হোৱা বুলি অনুমান কৰিলেও পূৰ্বৰ বৈদিক ভাষাৰ উপাদানো যথেষ্ট আছে। আনহাতে কোনো কোনো ভাষাতাত্বিক গৱেষকৰ মতে কামৰূপী প্ৰাকৃত নামৰ এক সুকীয়া ৰূপৰ প্ৰাকৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ হৈছে। সি যি কি নহওক, অসমীয়া ভাষাৰ যে দুহেজাৰ বছৰৰো অধিক কালৰ এক চহকী ইতিহাস আছে, সেয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ স্বীকৃতি প্ৰাপ্তিয়ে বিশ্বমানসত প্ৰতিপন্ন কৰিলে।
ভাৰতৰ চৰকাৰীভাৱে স্বীকৃত ২২টা ভাষাৰ ভিতৰত অন্যতম অসমীয়া ভাষাৰ লগতে অসমত প্ৰচলিত অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত আন ছয়টা ভাষা— বড়ো, বাংলা , হিন্দী, মণিপুৰী, নেপালী আৰু চাওতালী ভাষাৰ বিকাশৰ দিশতো এক ইতিবাচক প্ৰভাৱ পৰিব। তদুপৰি অসমত শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলিত আঠটা ভাষা -- অসমীয়া, বড়ো, বাংলা , হিন্দী, ইংৰাজী, গাৰো, মাৰ আৰু মণিপুৰীৰ ভাষা-সাহিত্যৰ চৰ্চ্চা আৰু বিকাশৰ ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্টমহলে মনোযোগ দিয়াৰ অৱকাশ মুকলি হৈছে। আনহাতেদি ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ অনুযায়ী বিদ্যালয়ৰ বুনিয়াদী পৰ্যায়ত মিচিং, কাৰ্বি, ৰাভা, দেউৰী, সান্তালী আৰু ডিমাছা ভাষাত শিক্ষাদান কৰাৰ ব্যৱস্থা চৰকাৰে প্ৰৱৰ্তন কৰিছে। অসমবাসী হিচাপে আমি প্ৰত্যেকেই গৌৰৱ বোধ কৰা উচিত যে মহান ভাৰতীয় আদৰ্শ ‘বৈচিত্ৰ্যৰ মাজত ঐক্য'ৰ অনন্য নিদৰ্শন দাঙি ধৰি আমাৰ ৰাজ্য অসমে বহুভাষিক তথা বহু-সাংস্কৃতিক বৈশিষ্ট্যৰে সমৃদ্ধিশালী অন্যতম ৰাজ্য হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে।
পিছে আমাৰ সুৱদি সুৰীয়া মাতৃভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ আনন্দ উদযাপন কৰা আৰু সন্তুষ্ট হোৱাতে ক্ষান্ত নাথাকি ইয়াৰ পিছত আমাৰ কৰণীয় কি সেই বিষয়েও চিন্তন-মন্থন কৰাৰ আৱশ্যকতা নিশ্চয় আছে। ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰাৰ পিছত আমাৰ বহুতৰে মনত ইয়াৰ লাভালাভ সম্পৰ্কে কেতবোৰ প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰা প্ৰধান ভাৰতীয় ভাষাসমূহৰ মাজৰ পৰা শাস্ত্ৰীয় বা ধ্ৰুপদী বুলি এক নতুন ভাষাৰ শ্ৰেণী সৃষ্টি কৰিবলৈ সিদ্ধান্ত লৈ ১২ অক্টোবৰ, ২০০৪ তাৰিখে পোন প্ৰথমে তামিল ভাষাক এই মৰ্যাদা প্ৰদান কৰে। সেই সময়তে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা এই শ্ৰেণীত অন্তৰ্ভুক্ত ভাষাসমূহৰ বিশেষ মৰ্যাদা আৰু সুযোগ-সুবিধা সন্দৰ্ভত ভাৰত চৰকাৰে কেতবোৰ ঘোষণা আগবঢ়াইছিল। তদানুসৰি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনেক ব্যৱস্থা গ্ৰহণ কৰিছে। ধ্ৰুপদী ভাষাসমূহৰ চৰ্চ্চা, অধ্যয়ন, গৱেষণা , বিকাশ আৰু উন্নয়নৰ কাৰণে আইন প্ৰণয়ন, কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান, শৈক্ষিক কেন্দ্ৰ আৰু বিশ্ববিদ্যালয়সমূহত আসন সৃষ্টি, পাঠ্যক্ৰম তথা গৱেষণাৰ সা-সুবিধা আৰু বৃত্তি বা আৰ্থিক অনুদান প্ৰদান, ভাষা অধ্যয়ন শৈক্ষিক প্ৰতিষ্ঠান স্থাপন, ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত লাভ কৰা বিশেষ কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ তথা সন্মান লাভৰ সুযোগ ইত্যাদি ব্যৱস্থা গ্ৰহণ কৰিছে ।
সৱাৰোপৰি ধ্ৰুপদী ভাষাৰ শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ ফলত নিয়োগৰ সুযোগ সৃষ্টি হ'ব, বিশেষকৈ বিদ্যায়তনিক আৰু গৱেষণাৰ ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱনীয়তা ওলাব। তদুপৰি এই ভাষাসমূহৰ পুৰণি সমল আৰু প্ৰাচীন গ্ৰন্থসমূহৰ সংৰক্ষণ, তথ্যৱদ্ধকৰণ, পঞ্জীকৰণ, ‘ডিজিটাইজেচন' ইত্যাদি কামবোৰৰ বাবে লেখাগাৰ, গ্ৰন্থাগাৰ, অনুবাদ, প্ৰকাশন, আৰু ডিজিটেল মাধ্যম আদি ক্ষেত্ৰসমূহত নিয়োগৰ সুযোগ-সুবিধা যথেষ্ট পৰিমাণে ওলাব। ফলত বহল ভিত্তিত ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত সাংস্কৃতিক আৰু বিদ্যায়তনিক পৰিসৰ বৃদ্ধি পাব।
নিসন্দেহে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ লগে লগে অসমীয়া ভাষাৰ সমান্তৰালকৈ অসমত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ চৰ্চ্চা আৰু বিকাশৰ হকে চৰকাৰৰ লগতে সংশ্লিষ্ট জাতীয় অনুষ্ঠানসমূহৰ সচেতনতা আৰু দায়বদ্ধতা বৃদ্ধি হৈছে। নিজৰ ভাষা-সাহিত্যৰ চৰ্চ্চা বঢ়োৱাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাটোও অসমীয়া ভাষা-ভাষী তথা অন্যান্য জনগোষ্ঠীসমূহৰ কৰ্তব্য। আমাৰ সম্মুখত অনেক কৰ্ত্তব্য থকাৰ লগতে সমস্যা আৰু প্ৰত্যাহ্বানো যথেষ্ট আছে।
অসমত সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ স্থিতি আৰু ভূমিকা অনস্বীকাৰ্য। কেৱল অসমৰ বিভিন্ন ভাষা-ভাষী জনগোষ্ঠীয় অধিবাসীসকলৰ সংযোগী ভাষা হিচাপে পূৰ্বতকৈ ম্লান পৰা অৱস্থাৰ উত্তৰণ ঘটোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ তথা দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখ স্বৰূপ অসমৰ বাণিজ্যিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ লগতে শিক্ষা, চিকিৎসা, ৰাজনৈতিক আদি ক্ষেত্ৰতো অসমৰ ভৌগোলিক স্থিতিৰ গুৰুত্ব অনুধাৱন কৰি অসমীয়া ভাষাক প্ৰধান সংযোগী ভাষা হিচাপে বিকশাই তোলাৰ আৱশ্যকতা আছে। চুবুৰীয়া অন্যান্য ৰাজ্যৰ লগতে বন্ধুভাৱাপন্ন আৰু কাষৰীয়া দেশসমূহত অসমীয়া ভাষা শিক্ষাৰ প্ৰসাৰণ কৰাৰ সুবিধা সৃষ্টি কৰিব পৰা যায়।
ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমসমূহৰ লগতে বিভিন্ন সামাজিক মাধ্যমত শুদ্ধ ৰূপত নিকা অসমীয়া ভাষা আৰু লিপি বহুল পৰিমাণে ব্যৱহাৰ কৰিব লাগিব। বিশেষকৈ বিশ্বব্যাপী প্ৰচলিত ‘ইউনিকোড'ত অসমীয়া ভাষাৰ সবল অৱস্থিতি তথা অস্তিত্ব অনতিপলমে সাব্যস্ত কৰাৰ বাবে আমি পাৰ্যমানে অসমীয়া লিপি ব্যৱহাৰ কৰি অসমীয়া ভাষাত লেখা-মেলা আৰু ভাৱ বিনিময় কৰাৰ প্ৰতি গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।
শিক্ষানুষ্ঠান আৰু ৰাজহুৱা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহত শুদ্ধ ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱাটো বাঞ্ছনীয়। বিশেষকৈ নিজৰ মাতৃভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি সন্মান তথা মৰ্যাদা প্ৰদৰ্শন কৰাৰ মনোবৃত্তি শিশু আৰু নৱপ্ৰজন্মৰ মনত গঢ়ি তোলাৰ ক্ষেত্ৰত ঘৰ-পৰিয়ালৰ লগতে শিক্ষানুষ্ঠান আৰু সমাজৰ যথেষ্ট ভূমিকা, প্ৰভাৱ আৰু দায়িত্ব আছে। বিশেষকৈ শিক্ষানুষ্ঠান সমূহত শিক্ষা-মনোবিজ্ঞান তথা শিশু-মনোবিজ্ঞানৰ নীতি অৱলম্বন কৰি আৰু ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নিৰ্দেশনা তথা ত্ৰিভাষা সূত্ৰ অনুসৰণ কৰি শিক্ষাৰ্থীসকলক অসমীয়া ভাষা শিকনৰ সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগিব। নৱ প্ৰজন্মৰ মাজত নিজৰ ভাষা-সাহিত্য চৰ্চ্চা আৰু সাহিত্য কৰ্ম সৃষ্টিৰ প্ৰতি উৎসাহ যোগাব লাগিব। লেখক সকলোৱেও গ্ৰন্থ ৰচনা কৰি আৰু আন ভাষাৰ গ্ৰন্থ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ দিশত অৱদান আগবঢ়াব লাগিব। লগতে অসমৰ অন্যান্য জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ বিকাশতো সহায়-সহযোগিতা আগবঢ়াব লাগিব। এই ক্ষেত্ৰত চৰকাৰ, শিক্ষা ব্যৱস্থা আদিৰ লগতে সামাজিক অনুষ্ঠান, সাহিত্য সভা, লেখিকা সংস্থা, আদি জাতীয় অনুষ্ঠানসমূহৰ যথেষ্ট পালনীয় ভূমিকা আছে। বৃহত্তৰ অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ প্ৰতি অসমত বাস কৰা অন্য ভাষা-ভাষী সকলো শ্ৰেণীৰ লোকৰ আস্থা আৰু বিশ্বাস স্থাপন কৰাটো সময়ৰ আহ্বান।
পৰিতাপৰ কথা এয়ে যে দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো ১৯৬০ চনতে ৰাজ্যিক ভাষা আইন বলৱৎ কৰা হৈছিল যদিও আজিকোপতি প্ৰকৃতাৰ্থত অসমৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, কোৰ্ট-কাছাৰী, বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠান আদিৰ কাম-কাজত ৰাজ্যিক ভাষা তথা মাতৃভাষা অসমীয়া আৰু আঞ্চলিক ভাষা বঙালী, বড়ো আদি প্ৰয়োগ কৰা সচৰাচৰ পৰিলক্ষিত হোৱা নাই। বাট-পথৰ নিৰ্দেশনা ফলক, ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰৰ নাম-ফলক, বিভিন্ন চৰকাৰী-বেচৰকাৰী চাইনবোৰ্ড, হ'ৰ্ডিং আদিত মুখ্যত: অসমীয়া ভাষা আৰু লগত আঞ্চলিক তথা ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ প্ৰতি লক্ষ্য ৰখাটো বাঞ্ছনীয়।
অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে সন্দেহ কৰিব লগীয়া একো নাই। কাৰণ, বৰ্তমান প্ৰায় ১৫.৫ মিলিয়নতকৈও বেছি মানুহে মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা, গভীৰলৈ শিপা থকা চহকী ভাষিক আৰু স্বকীয় সাহিত্যিক উপাদানেৰে সমৃদ্ধ অতি প্ৰাচীন ঐতিহ্যমণ্ডিত এই অসমীয়া ভাষাই বিকাশ আৰু উন্নতিৰ উচ্চ শিখৰত অৱতীৰ্ণ হৈছে। বিশ্বমানৰ সাহিত্য এই ভাষাত সৃষ্টি হৈছে। এতিয়া কেৱল অসমত বাস কৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহে নিজস্ব ভাষা, সাহিত্য, সংস্কৃতিৰ ঐতিহ্য চৰ্চ্চা আৰু ৰক্ষা কৰাৰ লগতে আপোন মাতৃভূমিৰ প্ৰতি সন্মান আৰু প্ৰেম প্ৰদৰ্শন কৰি ধ্ৰুপদী মৰ্যাদা লাভ কৰা সকলোৰে সংযোগী ভাষা অসমীয়া ভাষাৰ উন্নতি কল্পেও নিজৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰোঁহক। তেতিয়াহে আমি স্বকীয় মৰ্যাদা অটুট ৰাখিও সৱে মিলি বৰ অসমৰ সাহিত্য- সংস্কৃতি- ঐতিহ্যৰে চহকী জাতি বুলি বিশ্বৰ সমুখত সগৌৰৱে নিজৰ চিনাকি দাঙি ধৰিব পাৰিম।
চিৰ চেনেহী মোৰ ভাষা জননী !
জয় আই অসম !!