নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
গল্পগুচ্ছ
নুপুৰৰ ধ্বনি
~নিৰুপমা ডেকা~
অবিৰতভাৱে মনৰ ভাৱনাবোৰ মানুহজনে কৈ গৈছিল—
কথাবোৰ শেষ হয়, সাধুকথা হয়। এয়েতো জীৱন। পোৱা-নোপোৱাৰ চাকনৈয়াত অবিৰত ! হেজাৰজনৰ অলেখ, অদেখা কাহিনী মন গহনত। আচলতে প্ৰত্যেকজন মানুহৰ ভিতৰত এক ছায়ামুৰ্তি লুকাই থাকে। তাতে অন্তৰ্নিহিত হৈ থাকে অকল্পনীয় ভাৱনাবোৰ মানৱসত্তাৰ। গোপন ৰহস্যৰ ভেদ অভেদ্য। ঠিক বন্দীশালৰ কোঠাৰ ভিতৰত থকা কয়দীটোৰ দৰে। কথাখিনি কৈ ৰৈ গ'ল মানুহজন। নিজৰ ভাৱনাত থকা মানুহজনে কাষত থকাজনৰ কথাও উমান পোৱা নাই। লাহেকৈ মাত লগালোঁ— আপুনি কি কৈ আছে বৰুৱা চাহেব? আজি আপোনাৰ পেগ বেছি হ'ল নেকি? মোৰ মাতত সম্বিত ঘূৰাই পালে। তেওঁ কৌতুকপূৰ্ণ দৃষ্টিৰে মোলৈ চাই ক'বলৈ ল'লে—
:এৰা, পেগ লোৱা মানুহৰ মুখেৰে ওলোৱা কথাবোৰ হেনো অপ্ৰিয় সত্য ! যাক নুই কৰিব নোৱাৰি। কিছু জীৱই প্ৰয়োজন সাপেক্ষে শামুকৰ খোলাত আবদ্ধ হৈ থাকি ভাল পায়। পিছে মই সেই চিন্তাৰ বাহিৰত। কিতাপ পঢ়াতো নিচা পিছে লেখাটো পেচা নহয়। মনোজগতখনত পৰিভ্ৰমণ কৰি বৰ ভাল পাওঁ। প্ৰতিটো বস্তুৰ সৌন্দৰ্য উপভোগ কৰিও ভালপাওঁ।
: ঠিক কৈছে। নহ'লে সৰাপাতৰ মৰমৰণিত জানোঁ সজীৱতা দেখিবলৈ পায় ! প্ৰেমত পৰে বাৰে বাৰে। ক'বনে বন্ধু, আপোনাৰ কল্পনাবিলাসত থকা সেই লাস্যময়ী নাৰী গৰাকী কোন ?
: দুভাৰ্গ্য বুজিছে। মাজৰাতি কেতিয়াবা নুপুৰৰ ধ্বনি শুনিছেনে? যাৰ পদ ধ্বনিত হৃদয়ত মৃদু আলোড়ন জাগে আৰু নিদ্ৰাবিহীন চকু কেইটা আৱেশত জাপ খায়।
: আপুনি বলিয়া হ'ল নেকি বাৰু !
: এৰা , কিছুলোকে অহৌবলিয়া বুলিয়ে ভাবে। বাস্তৱ আৰু কল্পনা জগতখনৰ মাজত টনা-আজোৰা। এক থৈয়া-নথৈয়া ৰণ। সেই শব্দৰ পদ ধ্বনি। কথাবোৰ ভবাৰ দৰেটো নহয়।
এইবোৰৰ পৰা আঁতৰি কিছু দিনৰ বাবে চুটি ভ্ৰমণৰ আয়োজন এটা কৰক। ভাল লাগিব।
পিছে সেই ভাৱনাৰ পৰা এৰাখাব পৰা যাব জানো? আপুনি মাত্ৰ ব'ৰ নহ'ব।
নাই নাই নহওঁ। আপোনাৰ সপ্ৰতিভ মুখখন দেখিলে দেখোঁ মনটো ভাল লাগে। ৰহস্যৰ আৱৰ্তত থকা মানুহজনক উৎঘাটন কৰিব পাৰি ভাল লাগিল। কোনোৱে কৈ যায় আৰু কোনোৱে শুনি যায় মন গহনৰ কথাবোৰ। বিচাৰ্যৰ বিষয় গ্ৰহণ কৰোঁতাজনৰ হাতত থাকে।
মানুহৰ ভালপোৱা ক'ত অন্তৰ্নিহিত হৈ থাকে, কেতিয়াবা সেয়া অজ্ঞাত। ঠিক নুপুৰৰ ধ্বনিৰ দৰে !
****