নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
গল্পগুচ্ছ
শৈশৱ সোৱঁৰণ
~নিপন গোস্বামী~
বছৰৰ আনকেইটা দিনতকৈ এই চিজনৰ দিনবোৰত মোৰ স্কুললৈ যোৱাৰ ধাউতি আছিল প্ৰৱল৷ দহ বজাত আৰম্ভ হোৱা আধা কিলোমিটাৰ আতঁৰৰ স্কুললৈ যাবলৈ আঠমান বজাৰ পৰাই তৰা-নৰা লগাইছিলো ৷ মোৰ এই দুৰ্বাৰ বিদ্যালয়প্ৰীতিৰ কাৰণ কিন্তু মুঠেই অধ্যয়নকেন্দ্ৰিক নাছিল বৰঞ্চ এই কিতাপ-পত্ৰসোপা আছিল মোৰ বাবে এক চৰম বিৰক্তিকৰ বোজা যিয়ে মোৰ উৰন্ত ৰঙীন শৈশৱক কলা-বগা টিভিটোৰ দৰে অহৰহ নিস্তেজ, নিস্প্ৰাণ কৰি তুলিছিল ৷ মোৰ এই অহেতুক বিদ্যালয়প্ৰীতিৰ ঘাই কাৰণ আছিল - মোৰ বিদ্যালয়ৰ যাত্ৰাপথৰ দুয়োপাৰে টেঙা-মিঠা স্বাদযুক্ত কেবাডালো বগৰী গছ৷ এই চিজনত এই গছবোৰ লোমালোমে লাগিছিল, আহোতে যাওতে এইবোৰৰ ওপৰত আছিল আমাৰ অবাধ উৎপীড়ন৷ দুই এগৰাকী পৰম অহিতাকাংক্ষী চকুচৰহা ( সেই সময়ৰ আমি দিয়া বিশেষণ ) বাটৰুৱাই আমাৰ এই ৰসাস্বাদনত অতীষ্ঠ ( নে ঈৰ্ষান্বিত!!) হৈ ঘৰে-বিদ্যালয়ে আমাৰ এই সুকীৰ্তিৰ ৰসোদ্বীপক বৰ্ণনা দি আমাৰ পিঠি,ঠেং আদিবোৰত চেকনিৰে ৰঙীন চেলাউৰি বলোৱাৰ পথ প্ৰশস্ত কৰি তুলিছিল৷ এই বৰ্বৰ আক্ৰমনৰ পোতক তুলিবলৈ আন কোনো সাফল্যমণ্ডিত পন্থা নাপাই আমি আমাৰ মাজতেই সম্প্ৰচাৰ কৰিছিলো কেতবোৰ বিশেষ নাম- কোনোবাজনক যদি শিয়াল কৈছিলো কোনোবাজনক আকৌ নেউল...
ৰন্ধন গেছৰ ৰঙীন চিলিণ্ডাৰ খালী হোৱা প্ৰায় দহদিন হওঁ হওঁ ৷ সাদৰী পত্নীয়ে কেচা খৰিৰে চৌকা ফুৱাঁই ফুৱাঁই চকুৰ পানী, নাকৰ পানী একাকাৰ কৰি হলেও নৈমিত্তিক ভাতমুঠি খুৱাই আছে ৷ বেচেৰীয়ে পঢ়ক নপঢ়ক কৃতজ্ঞতা এটা নজনালে নিজকে পাপৰ পুখুৰীত আবদ্ধ হৈ থকা যেন লাগিব ৷ (জনাই থলো, সৌভাগ্যক্ৰমে কেতিয়াবা লগ পালে মোৰ এই মহানুভৱতাৰ বিষয়ে পত্নীক কয় যেন) ৷ মাজে- মধ্যে ক্ষোভ-বিক্ষোভ প্ৰদৰ্শন কৰে তথাপি নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰ বিক্ষোভৰ দৰে সৱল আৰু সৰ্বত্ৰ নহয়, মোটামুটিভাবে পাৰিবাৰিক পৰিবেশ নিয়ন্ত্ৰনাধীন বুলিবই পাৰি ৷
হঠাতে কাণত পৰিল- শান্ত-সমাহিত পত্নীৰ অস্বাভাবিক তৰ্জন-গৰ্জন, তাল-আফাল লগাই যেন কুৰুক্ষেত্ৰ যুদ্ধৰ ঘন্টাধ্বনিহে বজাইছে ৷ কথাটোনো কি— উমান লৈ গম পালো এই দহদিনে পইচা নাই নাই বুলি দৰদ দেখুৱাই থকা মোৰ পেন্টৰ পকেটত হেনো হঠাতে উদ্ধাৰ দুখন পাচশটকীয়া নোট ৷ মই বোলো- এইটোনো কি এনে ডাঙৰ কথাটো হ'ল, যেনেকুৱাহে কৰিছা যেন আৰ্কিমিডিছৰ ঘৈনীয়েকে প্লাবিতাৰ পিছৰ সূত্ৰটোহে উদ্ঘাটন কৰিছে ! শেষত এই সকলোবিলাক বাক-বিতণ্ডাৰ সামৰণি ঘোষনা কৰি পত্নীৰ প্ৰত্যক্ষ নিৰ্দেশত আজিকালিৰ সম্ভ্ৰান্ত পশুটোৰ দৰে নেজ নিম্নগামী কৰি চাইকেলৰ কেৰীয়াৰত চিলিণ্ডাৰটো টিপেৰে বান্ধি-বুন্ধি চিলিন্ডাৰ সালসলনিৰ জাগাত গৈ নিগনি চিকাৰৰ বাবে দুৱাৰৰ আৰঁত খাপ পিতি ৰৈ থকা বিড়াল তপস্বীৰ দৰে দিনজোৰা প্ৰতীক্ষাৰ শুভাৰম্ভ কৰিলো ৷
মেন্নিৰ গৰুৰ দৰে চেকেণ্ডৰ কাটা নিৰন্তৰ ঘূৰিয়ে আছে , মিনিটৰ কাটাইও তাল মিলাই চলি আছে, লেহেমীয়া বুলি পৰিচিত ঘন্টাৰ কাটাইও দুটা সম্পূৰ্ণ ঘূৰ্ণন অতিক্ৰম কৰিলে অথচ চিলিণ্ডাৰ সৰবৰাহী গাড়ীৰ দেখা-দেখি নাই ৷ চিলিণ্ডাৰ সম্ৰাট চালক শৰ্মাই এই প্ৰতীক্ষাৰত ক্ষোভিত মুখবোৰ কল্পনা কৰি সম্ভব বেছ আমোদ লৈ বেঞ্চখনতেই ইকাটি সিকাটি কৰি মেদবহুল দেহটো জুৰাই আছে ৷ ২০,২৫ টা চিলিণ্ডাৰৰ গৰাকীৰ সমাগম হল ৷ পৰেশ কাৰ চাহৰ দোকানৰ দমকলৰ গুৰিত ধুবলৈ থোৱা কাচৰ গিলাচৰ সংখ্যা ক্ৰমশ: বাঢ়িবলৈ ধৰিলে...
মোৰ ওচৰতে হেনা কৰা চুলিৰ বলিউডী সাজোনেৰে চৌখিন যুৱকৰ এটা দল, তেওলোকো চিলিণ্ডাৰমুখী দৃষ্টিভংগীৰ যুৱক ৷ হানি সিংৰ পৰা চানি লিয়নী কোনো সাৰি যোৱা নাই তেওলোকৰ আলাপ-আলোচনাৰ পৰা ৷ হলিউদ,বলীউদ, ক্ৰিকেট,ৰবীনহুদ ৷ আলোচনাৰ তালে তালে পকেটৰ পৰা ২'×৩' জোখৰ আয়তাকাৰ পেকেট উলিয়াই ৰুনজুন ধ্বনি তুলি গগনচুম্বী ভংগিমাত ইংৰাজী O বৰ্ণৰ আৰ্হিত ওঠযুগল প্ৰসাৰিত কৰি হলাৰ মেচিনত ধান ভৰাই দিয়াৰ দৰে পেকেটৰ পৰা দানা-গুড়ি মিশ্ৰিত সুগন্ধি দ্ৰব্যবোৰৰ মুখগহ্বৰলৈ প্ৰক্ষেপন চলি থাকিল ৷ মাজে মাজে পিৰিক পিৰিক ( পিক পেলোৱা ক্ৰিয়া) ৷
চকটোৰ ইমূৰে ফুল-কমলীয়া কেইটামান ৷ কাষেৰে ৰেলেই চলিছে নে ৰাফেল বিমানেই পাৰ হৈ গৈছে একোৰে তৎ নাই এইচামৰ ৷ মুখত উল্লাস,আক্ৰমনৰ ধ্বজা উৰুৱাই মোবাইলৰ পাবজি গেমত মন-প্ৰাণ সমৰ্পিত সৰ্বসমাদৃত সম্ভাৱনা আমাৰ!!
অদূৰত লোমালোমে পকি থকা ভৰুণ বগৰী এজোপা ৷ ফলৰ ভৰত হাউলি পৰা ডাল ৷ নাই কোনো আচোঁৰ, নাই কোনো আক্ৰোশ-আক্ৰমনৰ চিন ৷ তলত কেৱল শিখৰ, চুৰট, ৰজনীগন্ধাৰ লানি নিছিগা বৰ্ণিল খালী পেকেট আৰু ভিন্ন ব্ৰেন্ডৰ সুৰাৰ বটল ৷
তাহানিতে এৰি থৈ অহা মোৰ শৈশৱ সুৱঁৰি মুহূৰ্তৰ বাবে নিজকে অকলশৰীয়া অৱহেলিত বগৰীজোপা যেন লাগিল ৷