নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
বোল বোম
~কৈলাস চন্দ্র দাস~
‘বোল ব্যোম'ৰ সাহিত্যিকেই নহয় ভাষিক অর্থও আছে। প্রথমতে চাও আহক ‘বোল'ৰ অৰ্থ আৰু ব্যৱহাৰ। ‘বোল', ‘বুলা', ‘বুলি' একেটা ক্ৰিয়াৰ তিনি ৰূপ। অর্থাৎ ইয়াক স্থান কাল অনুসৰি ব্যৱহাৰ কৰা হয়। যেনে ‘তেওঁ এই বুলি কৈছিল’। ভকতগণক কোৱা হয় ‘বোল, বোল হৰি বোল’। সৰু ল'ৰা-ছোৱালীক কয় ‘বুলা, বুলা ককা বুলা’। ইয়াত প্রতিটো বাক্যই কোৱাৰ কাৰ্য্য বা অর্থকেই প্রকাশ কৰিছে। এই ক্রিয়াটো হিন্দী ভাষাৰ ‘बोलना’ ৰ পৰা আহিছে বা মিল আছে। তাকেই সৰু বা তুচ্ছার্থত ‘बोल' কোৱা হৈছে। এয়াও সত্য যে অসমীয়া ভাষাটোত বিদেশী ভাষাৰ প্ৰভাৱ যথেষ্ট আছে। এয়া তাৰেই উদাহৰণ।
সন্মানীয় প্রভূসকল এইবাৰ আহক ‘ব্যোম' শব্দলৈ। ‘ব্যোম’ মানে শূন্য মানে আকাশ, আকাশ মানে মহাশুন্য মানে পৰোক্ষ ভাবে পৃথিবী। ‘ব্যোম' বোলাৰ লগাতে দেৱলোক, ভূলোকৰ, পাতালপুৰিৰ তেত্ৰিশ কৌটি দেৱতাক স্মৰণ কৰা হয়। ইয়াৰোপৰি গ্রহ- নক্ষত্র, চৰাই-চিৰিকটি আদিৰতো কথাই নাই! এই প্রসংগতে ব্রহ্মা-বিষ্ণু-মহেশ্বৰকো বিশেষকৈ কোৱা হৈছে। কাৰণ সকলোৰে মূল এই ত্রিমূর্তি। পৃথিবীৰ মঙ্গলেই এই ত্রিমূর্ত্তিৰ মঙ্গল।
হে শ্রদ্ধেয়সকল আহক এইবাৰ ‘বোল বোমৰ' প্ৰসংগলৈ হিমৰাজৰ ঘৰত পার্বতীয়ে দ্বিতীয় জন্ম লোৱাৰ সময়লৈ যাওঁ। মহাদেৱৰ পৰীক্ষাত উত্তীর্ণ হ'ব নোৱাৰি, পাৰ্বতীয়ে হিমৰাজৰ কন্যাৰ (জীৰ) ৰূপত জন্ম ল'ব লগা হৈছিল। আগৰ জনমৰ নিচিনাকৈ কিছুমান চিম্বোলিক কার্যাৰ দ্বাৰা পাৰ্বতীয়ে মহাদেৱৰ পানি পার্থী হোৱাৰ দিশে আগবাঢ়িছিল। তাৰেই উদাহৰণ ‘শিৱ লিংগ' পূজন কার্য্য। এই শিৱ লিংগ পূজা কৈলাসত পার্বতীয়ে কৰিব বিচাৰিছে। সেইফালে মহাদেৱেও সকলো গম পায়। যি নদীৰ পৰা পাৰ্বতীয়ে কলহেৰে পানী আনিব গৈছে, সেই নদীৰে উজনীত/ ভটিয়নীত মহাদেৱেও পানী খাবলৈ গৈছে। খোৱা কাৰ্য্যৰ আগতেই পাৰ্বতীয়ে পানী কলহত ভৰাই ভাৰ বান্ধি আনিব খোজে, ভর্তি কলহৰ পানী আপুনা-আপুনি নোহোৱা হয়। পার্বতীয়ে এনেকৈ কেবাবাৰো লক্ষাভ্রষ্ট হ'ল। সেইফালে মহাদেৱেও পানী খোৱাই নাই। মহাদেৱৰ সকলো জ্ঞাত। পার্বতী অজ্ঞাত। সময় সমাগত। মহাদেৱ নদীৰ পাৰত। শিৱ চতুদর্শী আছিল। পার্বতীও কলহসহ নদীৰ পাৰত। শেষত মহাদেৱে তৃষ্ণা নিবাৰণ কৰিলে। তাৰ পিছত পাৰ্বতীৰ কলহো পূর্ণ হৈয়ে থাকিল। আগৰ দৰে পানী নোহোৱা হোৱা নাই। শিকিয়া ভাৰৰ দৰে পাৰ্বতীয়ে পানী আনি শিৱলিংগক পূজা কৰিলে। মহাদেৱেও সকলো গ'ম পালে। সফল পূজা পাৰ হ'ল। সেই দিনটো আছিল শাওনৰ শেষৰ সোমবাৰ।
ইয়াৰ আগতেই শিৱই/মহাদেৱে নাৰায়ণৰ ভাতৃৰ ৰূপত পাৰ্বতীক সহায় কৰাৰ প্ৰতিশ্রুতি দি থৈছিল। অর্থাৎ সেইদিনা আছিল শাওন মাহৰ পূর্ণিমা তিথি। সেই দিনাখনে নাৰায়ণে পাৰ্বতীক দেখা দি, পার্বতীৰ ভাইৰ ৰূপত, পাৰ্বতীৰ হতুৱাই হাতত ৰাখী বান্ধিছিল। প্রতিজ্ঞাবদ্ধ হৈছিল সহায়কাৰী ৰূপ লোৱাৰ বাবে। সেই দিন ধৰি শাওনৰ পূর্ণিমা তিথিটোত ভনীয়েকে ভায়েকৰ হাতত ৰাখী বান্ধি সম্বন্ধৰ বান্ধোন কটকটীয়া কৰাৰ মানসেৰে ‘ৰাখী বন্ধন' ৰ নিচিনা মহত্বপূর্ণ, মাঙ্গলিক কার্য্য চলি আহিছে। সেইকাৰণে সেই দিনটোত অর্থাৎ সদায় শাওন মাহৰ শেষ সোমবাৰটোত ‘বোল ব্যোম'ৰ বিভিন্ন মাঙ্গলিক কার্য্য সমাপন কৰা হয়। ইয়াতেই সতীৰ সতীত্বৰ মন্ত্ৰৰ গাম্ভীৰ্য্যতাও প্রকাশ পাইছে।
এই অনুষ্ঠানটোৰ লগত অকণমান দধিচী মুনিৰ কথাৰো প্ৰাসংগিকতা নথকা নহয়। দধিচী মুনি জন্মসূত্রে ১২ বছৰ আয়ুস লৈহে জন্ম লৈছিল। বাৰ বছৰ বয়সত যমৰাজাই দধিচী মুনিক নিবলৈ আহিছিল। তেতিয়া মহাদেৱে অতীতৰ বৰ মতে ডম্বৰুৰ দ্বাৰা যমৰজাক প্রতিহত কৰি, দধিচী মুনিক অমৰত্ব প্রদান কৰিছিল। এই যে ‘বোল ব্যোম' আৰু ‘ৰাখী বন্ধন' এই দুই মহান কাৰ্য্যৰ মহত্বত দধিচী মুনি অমৰ হৈছিল। এয়াও সত্য যে মহাদেৱে দধিচী মুনিক ইচ্ছা মৃত্যুৰো আশীর্বাদ দিছিল। তাৰেই পৰিণতিত দেৱতা আৰু অসুৰৰ যুদ্ধৰ মাজতে দেৱগণে অসুৰ নিধনৰ বাবে দধিচী মুনিৰ হাড়ৰ দ্বাৰা অস্ত্র তৈয়াৰ কৰাৰ স্বাৰ্থত দধিচী মুনিৰ ওচৰত তেখেতৰ স্বমৃত্যুৰ ভিক্ষা মাগিছিল। দধিচী মুনিয়েও, সৎ কৰ্মৰ স্বাৰ্থত ইচ্ছামৃত্যুৰে দেৱকূলক সহায় কৰি, অসুৰ নিধনেৰে খ্যাতি ৰাখিছিল। এয়া বুৰঞ্জীতে নহয় আধ্যাত্মিক দিশতো চিৰন্তন সত্য আৰু প্রয়োজনীয়।
সেয়ে আজিও মানৱ সমাজে শাওন মাহৰ সোমবাৰ কেইটা মহাদেব/ শিবৰ ভক্তিত বিভিন্ন মাঙ্গলিক কাৰ্য্য কৰি কটায়। শেষৰ সোমবাৰৰ দিনা ভক্তগণে যি নদীলৈ/সাগৰলৈ নাযাওক কিয় টেকেলী/ঘটি দুটা ভাৰ বান্ধি পৱিত্ৰ জল ঘৰলৈ আনিব চিন্তা কৰে। এই প্রথাটো সৌ-অতীতত পার্বতীয়ে কৈলাসত ‘শিৱ লিংগ পূজন'ৰ সময়ত কৰিছিল। এই প্রথা আজি নহয় পৃথিৱীত মানৱজাতি থকালৈকে চলি থাকিব। দুখৰ বিষয় এয়ে যে ভাৰতবৰ্ষত যিকোনো কিবা এটা চলি অহাৰ বহু বছৰৰ পিছতহে অসমত প্ৰচাৰ হয়। এই ‘বোল ব্যোম' আচলতে হিন্দী ভাষাৰ ওপৰত প্ৰতিষ্ঠিত। বর্তমান এই ‘বোল ব্যোম' (শির-পার্বতী ধর্মই) অসমত বাৰুকৈ শিপাইছে। এয়া অসমৰ আধ্যাত্মিক জগতৰ এক শুভ লক্ষণেই নহয়, ভোটা তৰা সদৃশ হ'বই হ'ব।
এয়া পুৰুষ-মহিলাৰ মনোবাঞ্চা পুৰণৰ এক মাহাত্ম্যশীল পূজা। যি পূজাত নাই কোনো জাতি, নাই ভাষা, নাই কৃত্রিমতা কেবল এটাই চিন্তা “বোল ব্যোম, জয় বোল ব্যোম”। অর্থাৎ বিশ্বৰ জয়েই মানুহৰ জয়, পৃথিৱীৰ জয়েই জীৱকুলৰ জয়। এই তিথিত একান্তমনে মহাদেৱক পূজিলে হৰ-পাৰ্বতীৰ আশীৰ্বাদ পাব পাৰি। নোৱাৰিলেও কথা নাই ভগৱানকতো স্মৰণ কৰাৰ সুবিধাকণ পাব পাৰি। ভগৱানৰ নামতো অকণমান সময় দিব পাৰি ....!! সেয়ে ...!
****