নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
ভেলাঘৰ
~হিৰণ্য কুমাৰ নাথ ~
আনন্দৰ উছাহৰ তালে তালে বাগৰি আহে ভোগালী, আমাৰ ভোগালী
মেজি সজাৰ আনন্দ আৰু উত্তাপে মনলৈ উভতি আনে ল’ৰালি, আনন্দৰ কিৰিলি ।
খেতি পথাৰত থকা নৰানিবোৰ থুপ থুপ কৈ জমা কৰি ওখ ভেলাঘৰ বনোৱাৰ প্ৰতিযোগিতাই আছিল আমাৰ আনন্দ।
সমনীয়াহঁতৰ দুজনক গৰু সজাই টানি টানি আনিছিলো চাৰি পাঁচ গাড়ী নৰা ।
তিনি চাৰি দিনীয়া মাঘ বিহুৰ প্ৰতিদিনে ভেলাঘৰ বনোৱাৰ প্ৰতিযোগিতাৰ আনন্দই আছিল সুকীয়া।
ভেলাঘৰৰ ওপৰৰ শীৰ্ষত বাহত বিন্ধাই থৈছিলো একোটাকৈ কলদিল।
চিৰা খুন্দা,গুৰা খুন্দা সান্দহৰ পালা কৰি কৰি ৰাতি নুপুৱাতেই তৈয়াৰ কৰিছিল খুড়ী, পেহী, বৰ মা হতে ।
সকলোৱে পুৱাই পুৱাই মাহ তিল লৈ
মেজিত সেৱা লৈ ডাঙৰৰ চৰণ চুই লৈছিলো এসোপামান আশীৰ্বাদ ।
মেজিত পুৰা বাহ গছৰ টুকুৰাৰে গছবোৰত কোবাই ছিলো লাগ লাগ বুলি।
সময়ৰ লগে লগে সলনি হবলৈ ধৰিলে মেজিৰ তাৎপৰ্য।
ভেলাঘৰ বোৰ হবলৈ ধৰিলে ৰংঘৰ, কাৰেং ঘৰ,ময়ুৰ চৰাই।
বিদ্যুৎ মাধ্যমেৰে জ্বলাবলৈ আৰম্ভ কৰিছে বিজ্ঞানৰ ভেলাঘৰ।
ভেলাঘৰ মাঘত নজ্বলি জ্বলিব ধৰিছে
অধিৱেশন আৰু প্ৰদৰ্শনী বোৰত।
হে ! ডেকা বন্ধু সকল
আমাৰ ঐতিহ্য বোৰ হেৰাই যাবলৈ নিদিবা
পৰম্পৰা বোৰ সগৌৰবে সঠিক সময়ত প্ৰয়োগ কৰিবা।
নহ’লে হয়তো এদিন আমাৰ মেজিৰ তাপ ল'বলৈ আগতীয়াকৈ অন লাইন পদ্ধতিৰে টিকট লব লাগিব।
কোনোবা দুষ্ট চক্ৰই ইয়াক লৈ ব্যৱসায় কৰিব।
মেজিৰ জুইক কোনোৱেই অবহেলা নকৰি বা ।
নহলে আমাৰ ভাতৃত্ববোধ নোহোৱা হৈ যাব ।
বিহু ৰচনা লিখিবলৈ ভাষা বিচাৰি হাবাথুৰি খাব লাগিব ।
****