নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
তাহানিৰ তাঁতশাল খন
~প্ৰনীতা দাস~
খিতিক্ খিতিক্ মাকোৰ শব্দত
ৰজনজনাই আছিল গাওঁখন,
যঁতৰত মহুৰা,
ঊঘা চেৰেকি ঘূৰাই ঘূৰাই
নাচনী জৰী চিগি যায়,
গৰকাত দুভৰি থৈ
চেনাই লৈ মনত পেলায়।
মৰমৰ দীঘ চেনেহৰ বানিৰে
বিহুৱান লগায়,
“সৰু সুতাৰ চেলেং খনি
বৈ দিয়া সৰু ভনী"
বুলি মনত পেলাবলৈ
হেঁপাহৰ তাঁতশাল খন যে নাই।
হাঁহি খিকিন্দালিৰে
তাঁতবাতি কাঢ়িবলৈ ,
গাঁওখনত কোনো নাই।
শিপিনী বোৰ যে
হিতাধিকাৰী হল।
বহিৰাগত বিহুৱানেৰে
চানি ধৰিলে বজাৰ খন।
কম দামত কম কষ্টত
পোৱা বাবেই হেৰুৱাই পেলালে
অতীতৰ তাঁতশাল খন।
****
নাৰী তুমি দেৱী
~প্ৰাঞ্জনা দাস~
মমতাৰ হৃদয় লৈ
গোটেই পৃথিৱীখনক
ৰঙীণ পোহৰেৰে পোহৰাই তোলা।
ফুলৰ দৰে সুগন্ধি বিলাই
ৰাখা সকলোকে একগোট কৰি,
নাৰী তুমি দেৱী…
শীতল বতাহত তুমি
ধৰিত্ৰীৰ বুকুৰ কণ কণ ধূলিকণা তুমি
এই বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰূপকাৰ তুমি
শস্য-শ্যামলা পথাৰ তুমি
বৰষুণৰ পানীত তুমি
নীৰৱতা অৱলম্বনেৰে
কঠোৰ শাসন সহ্য কৰি
ঘৰ একোখন ৰাখা ধৰি
নাৰী তুমি সচাঁকৈয়ে দেৱী…
****
মাজনিশাৰ এটি কবিতা
~প্ৰিয়ংকা মহন্ত~
তোমাৰ প্ৰতিটো কথাই ,
প্ৰতিটো কাৰ্যই, মোৰ হৃদয়ৰ দুৱাৰদলিত
সন্তৰ্পণে টুকুৰীয়াই শাৰদীয় শেৱালিজোপাৰ
সুবাস বিলায়, সেই গভীৰ মাজনিশা স্নেহময়ী
মমতাৰ নৈখনি বৈ সাৰুৱা কৰিলে
হৃদয়ৰ শুকান পথাৰ !
কি যে অকৃত্ৰিম মৰমৰ অনুভূতি
আৰু ত্যাগ তোমাৰ !
আৰু এক নষ্টালজিক মাদকতাই বিচাৰি ফুৰে
সেই ঠিকনাবিহীন বাটৰেই ঠিকনা।
****
এটি বিশেষ পথৰ বাটৰুৱা মই
~হীৰক জ্যোতি~
দেখাত একেই যেন লাগে,
সেয়ে কোনেও নুবুজে চাগে।
কৈছোঁ শুনা.....
পথৰ দাঁতিতে বহা সেয়া মানুহজন
চাৰিওফালে মানুহৰ অস্থিৰ চলন,
চালো দেখিলোঁ তেওঁ তাতেও
যেন নির্জন।
পৰিলে চোৱা সেয়া অবল হৃদয়,
তুলি দিবা তুমি হয়নে নহয়?
চালো দেখিলোঁ তেওঁ পৰিয়ে ৰ'ল,
শুনিলো “আহা যাওগৈ ব'ল।
এতিয়াও চোন তেওঁ পৰিয়ে ৰ'ল।
হয়, এই পথেৰে যায়, বহুতে যায়,
পিছে সকলোৱে জানো ঠিকনা পায়।
পথৰ দাঁতিতে কিনো হেৰায়,
হয় এই পথেৰে বহুতে যায়।
চালেওনো কিমান চাম, আকৌ সেই পথে
উভতি যাম।
এতিয়ানো কোনে কাৰ বাবে ৰয়,
পার্থক্যও সঁচাই হৃদয়ৰে হয়।
এটি বিশেষ পথৰ বাটৰুৱা মই।।
****
কুলি
~ সাহিদা খাতুন~
কুসুমাকৰ কুঞ্জ কাননে কৃষ্ণ চুড়ায়
কুলিৰ কুউ কুউ কুহৰণ,
কুসুম কাননে কুলি কেতেকীৰ
কোকিল কণ্ঠৰ কূজন।
কুলি কুহকিনী কাউৰী কূলত কণী
কুলৰ কুলপঞ্জী,
কুলি কপটীয়াৰ কূটনীতিত
কাউৰী কুল বিনাশী।
কিংবদন্তী কিচ কিচিয়া কুলি
কবিৰ কবিতাৰ কলি,
কোকিল কণ্ঠই কুলিৰ কৃতিত্ব
কুটুম্ব কলা কুলি,
কবিৰ কৌতুহল কদাকাৰ কুলি
কবি কাননে কবিতাৰ কুণ্ডুলি।
কুলি কয়, ক্রন্দসীৰ কোন কাননে কুসুমাৰৰ
কোন কূপ কুৰঙয় ?
কুৱেট, কোৰেশিয়া, কাবুল, কান্দাহাৰ
কলম্বিয়া, কানাডায়,
কাশ্মীৰ, কিৰিটি, কন্যাকুমাৰী কুঞ্জবনে
কপিতা, কদমণি, কৃষ্ণাচুড়ায়,
কিৰিং, কট্টাৰ, কুঞ্জবনে কৌতুহলী
কোকিল কণ্ঠৰ কুলি,
কোন কাৰিকৰে কুন্দত কাটিলে
কুমলীয়া কৃষ্ণাঙ্গ কুলি ?