নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
বিশ্বাস আৰু ভক্তিত
~ধৃতি সুন্দৰ দাস~
বিশ্বাস আৰু ভক্তিত সকলো
কাম সিদ্ধি হয়
লাগে মাথো বিশ্বাস আৰু ধৈৰ্য
সেই যি কামেই নহওঁক কিয়
সমাধান সফল হ’বই
ভগৱানক, আগত থৈ যি কোনো
জীৱন গতিৰ কামত মনোনিবেশ কৰিব লাগে
ঈশ্বৰৰ শক্তিক বিশ্বাসত লৱলাগে সদায় আমি
কৃতকাৰ্যতা আমাৰ বাঞ্ছনীয়
জীৱনক যি ভাৱে আগঢ়াই দিম
সেই ভাৱে আগুৱাই যাম আমি
হতাহাৰ ভাৱ মনত আনিব নালাগিব
দ্ৰুত গতিত আগুৱাই যাৱ লাগিব
কৃতকাৰ্যতা আমাৰ সকলোৰেই
দাসী হৈ ৰৈ যাৱ
তেতিয়া উন্নতিয়েই আমাক
আমন্ত্ৰণ কৰি সকলোকে জনাব কৃতকাৰ্যতা ।।
কবিতা
~ফুনু কলিতা~
কোলাহল শূন্য
কবিতাৰ ৰাতিবোৰ,
এই নিৰ্জ্জনতাৰ শেষ ক’ত…!
ডায়েৰীৰ হালধীয়া পৃষ্ঠাত
নীলা চিয়াঁহীৰ কুচকাৱাজ,
উফ! কি নিৰ্মম ভাবে
কলিজাৰ আধা পোৰা টুকুৰাবোৰ
হালধীয়া পৃষ্ঠাত য’ত্ ত’ত্
উফৰি পৰিছে এটা এটা কৈ,
হেৰৌ.. কোনোবাই আলফুলে
বুকুতে সাৱটি লোৱাহেঁতেন!
নাই, কোনোৱে নাই
দূৰ দূৰলৈ কোনো নাই
এইয়া যে কবিতাৰ ৰাতি
তেনেই নিৰ্জন।
*****
কল্পনা...
~ভগদত্ত দাস~
মৰহি যোৱা ফুলপাহ যেন
তোমাৰ পৰশত প্ৰাণ পাই উঠিছে।
আউল বাউল লগোৱা বতাহ জাকে
যেন ...
নিজৰ গতিত গতি কৰিছে
তুমি নহ’ব পাৰা পানী
নহ’ব পাৰা বতাহ।
তুমি যেন এক মোৰ অনুভৱ
য'ত তুমি মোৰ কলমৰ চিয়াঁহীৰ
পৰশে পৰশে নিগৰি উঠিছা ...
এক কল্পনা হৈ।
*****
জপনা
~ঋতুস্মিতা শইকীয়া~
এই যে সঠিক আৰু বেঠিকৰ জপনাখন,
সাহস আৰু ভীতিগ্ৰস্থতাৰ মাজৰ দেওনাকন,
তাতো সেই জপনাখন।
উশাহৰ আদি আৰু অন্ত ৰ মাজত ,
কিমান যে জপনা!
জপিয়াই পাৰ হ'ব নোৱাৰা এইবোৰ
আজিৰ সময়ৰ তাৎপৰ্যহীন , ভিত্তিহীন বাধা।
সেই পুৰণিকলীয়া জপনাখন ভালেই আছিল।
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জপনাখন সাক্ষী আছিল,
ভৰিৰ খোজবোৰৰ, সংস্কাৰবোৰৰ ।
****
উৎসৰ্গিত দেশৰ স্বাৰ্থত
~ড৹ ইকবাল হোচেইন খান~
আমাৰ চিন্তা-চেতনা ,কথা-বতৰা কবিতা হওক ।
অন্ত পৰক বিভাজনৰ বেমেজালি ,
হৃদয়ে বাজক মানৱতাৰ গান ।
কবিতাৰ শব্দত আলোকিত হওক জীৱন,
জীৱনৰ বাবেই হওক কবিতা ।
ঘামত থাকক গভীৰতাৰ মৰ্ম
সফলতাৰ মৰ্ম - কৰ্মই ধৰ্ম
এৰি দিয়া হওক বাজে চিন্তা
সাৰ্থক হওক ভাৰত মাতা।
কল্যাণ সকলোৰে ঘৰে ঘৰে বাহৰ পাতক
হাঁহিৰে সকলোৱে উপভোগ কৰক জীৱন
বাজক সাম্যৰ গান
বাঢ়ক জীৱনৰ মান ।
এয়াই হওক গণতন্ত্ৰৰ বাৰ্তা ,
নেতৃত্বৰ দায়ৱদ্ধতা ।
আমি ভাৰতীয় জনসাধাৰণ
এটি দীঘলীয়া সংগ্ৰামৰ ফচল,
এটি প্ৰতিশ্ৰুতি , এটি সংকল্প
সকলোৰে বাবে ন্যায়
ঘৰে ঘৰে বৈ যাব শান্তিৰ নৈ ।
এয়াই কাম্য
এয়াই শপত
সংবিধানৰ দৰ্শন
বাস্তৱৰ পোহৰ
আস্থাৰ গণতন্ত্ৰ
বিকাশৰ স্তম্ভ ।
বিশ্বত আমি
আমি শ্ৰেষ্ট
আমি ভাৰতীয়
আমি গৰ্বিত
আনন্দ কৰ্মত
উৎসৰ্গিত দেশৰ স্বাৰ্থত ।
****
শৰ সময়ৰ
~কানন দাস~
বহুত চেষ্টা কৰিলোঁ
এটা কবিতা লিখিবলৈ,
কিন্তু বিমোৰত পৰিছোঁ
বহুত শব্দ আৰু ভাষা মিলে
পঢ়া কোনোবা কবিতাৰ লগত
মন যায় পখিলাৰ পাখি লগাই
আকাশী পথেৰে উৰি যাম
সেই দেশলৈ
য'ত পৰী সকলে
বিচৰণ কৰে পবিত্ৰ মনেৰে
কোনোবাৰ ফৰিয়াদ শুনিবলৈ,
অকণমান শান্তিৰ সাতৰঙী
বোকোচাত আৱৰি লৈ
নিৰাময়ৰ পবিত্ৰ জেউতিৰে নিচুকাবলৈ।
মন যায় মোৰ অৱচেতন মনৰ
গভীৰতালৈ গৈ
স্তৰিভূত হোৱা খাজনাবোৰ খামুচি উলিয়াম
বাস্তবিক ৰূপ চাবলৈ
আছেনে বাৰু মানৱীয় ডোৰ !
দুৰ্বল শৰীৰত লুকাই থকা শক্তিশালী মন মন্দিৰ প্ৰতিষ্ঠা
তাহানিয়ে দেখোন হৈছিল
আজি দুৰ্বলতাক প্ৰশ্ৰয় কিয়?
কল্পতৰু বৃক্ষৰ তল সৰা
ধৱল কান্তি এবাৰেই চমকে
সময়ৰ শৰ নৰয় কাৰো বাবে
****