নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
বসন কথা
~ ড° দীপমণি দাস~
মই হয়তো আছোঁ
নতুন চোলাত
হয়তো নাই
পেণ্ট নতুন নিপিন্ধিলেও হ'ব
কিন্তু পিন্ধিব লাগিব
সভ্যতা পেণ্টেই ৰাখে
চোলাটোৱে মাথো নতুন বিশেষণ লৈ
বিশেষণৰ পোহৰত বিশেষ্যই উদ্ভাসিত হোৱাৰ দৰেই
কেবল লয় ক্ৰেডিট
সময় বাগৰে
চোলাটো পুৰণি হয়
পেণ্টে মহানতাৰ সপোন ৰচে
সভ্যতাৰ আদিপাঠ বুকুত লৈ
পুৰণি পেণ্টে পুৰাতন
সভ্যতাৰ গানটো জুৰে
এন্ধাৰ বাটত
বুদ্ধিদীপ্ত শব্দচয়নেৰে
লালিত্যৰ কথা নাই
জীৱন আগবাঢ়ে
পুৰণি পেণ্ট
আৰু পুৰণি চোলাৰে
জীৱন আগবাঢ়ে
****
দুৱাৰডলি
~নমিতা তালুকদাৰ~
দুৱাৰডলি এটা অন্তহীন প্ৰতীক্ষাৰ
ৰেখ হ'ব পাৰে
বিচ্ছেদৰ ভাৰ এবোজা লৈ
মুহূৰ্ততে পংগু এচটা
শিলাখণ্ড হ'ব পাৰে
হাতৰ মুঠিৰ পৰা
হাত এখন সৰকি যোৱাৰ
তেজগ'লা চকুলোবোৰ
ই পি পি খাব পাৰে
কাৰোবাৰ বিশ্বাসক
আন কাৰোবাৰ অবিশ্বাসে
মাৰি পেলোৱাৰ
নিৰ্মোহ পৰিণাম ই
নিজ চকুৰে চাব পাৰে
দুৱাৰডলি এটা
প্ৰাৰ্থনাৰ প্ৰথম খোজ
হ'ব পাৰে
ভগৱান সেই বাটে
গোপনে অহা -যোৱা
কৰিব পাৰে
কেতিয়াবা দুৱাৰডলি এটা
অমংগলৰ সহজ বাট
হ'ব পাৰে
আমি নজনাকৈ দুৱাৰডলি এটা
পুঞ্জীভূত বেদনাৰ কবৰ হ'ব পাৰে
দুৱাৰডলি এটা বিধ্বস্ত হ'লে
জীৱনবোৰ যাযাবৰী হ'ব পাৰে
দুৱাৰডলি এটা ইন্দ্ৰধনুৰ ৰং
আৰু সুখৰ হিৰণ্ময় কলচি হ'ব পাৰে ,
অথবা হ'ব পাৰে আন্ধাৰতকৈও অন্ধকাৰ
শেষ নোহোৱা ৰাতিৰ কথা...
****
এসাগৰ নীলা আশা
~জুৰি গোস্বামী শৰ্মা~
এসাগৰ নীলা আশা সাৱটি
তাই বাট চায়
হালধীয়া সোণাৰু ফুলা সময়লৈ,
কিজানি সোণাৰুৰ হালধীয়াত
উভতি আহে তাইৰ হৃদয়ৰ ৰঙবোৰ ।
পংকিলময় সময়ৰ নিঃকৰুণ কাহিনী
এতিয়াও বাজে তাইৰ বুকুৰ চেতাৰত,
অবাধ্য আশাবোৰ বগুৱাই যায়
ভিতৰৰ পৰা আৰু ভিতৰলৈ
তাই হৈ পৰে দিশহাৰা,
যেন হেৰায় তাইৰ ঠিকনা
মাটি খামুচি ওখ হ'ব খোজে তাই
হেৰুৱাব নোখোজে মাটিৰ ঠিকনা
শূণ্যতাত হাত বুলাই যেন চিঞৰি উঠে হৃদয়
অ' আকাশ মোক উৰিব দিয়া
তোমাৰ হেঁপাহী নীলা আচলত
অ' বতাহ মোক লৈ যোৱা
সেই মাটিৰ বুকুলৈ
য'ত মই বিচাৰি পাম
সেউজীয়াৰ মাজত নীলা আশাবোৰ ।
****
নোকোৱা কথা
~পবিত্ৰ বৰগোহাঁই~
নোকোৱা কথাবোৰো এদিন
বুকুতে গোট মাৰি বুকুখন গধুৰ হৈ পৰে
নোকোৱা কথাবোৰ এদিন
বতাহৰ ভাজে ভাজে ফুচফুচাই ফুৰে
শিপাডালেকে চিনিব নোৱাৰা গছজোপাই
লতাডালক সাৱতি নিজৰ সেউজীয়া হেৰুৱায়
বসন্ত ভাল নোপোৱাজনক হৃদয় যাচি
কিয় যে বুকুত ঘা লগাও
যি সময়ৰ সোঁতত নিজকে এৰি দিয়ে
সেইজনে পাহৰে অতীতৰ কথা
অতীতবোৰ যে শীতৰ সৰা পাত !
এদিন সেই অতীতবোৰে আছিল
বুকুৰ কোণত আঁকি লোৱা সাঁচ
যি নিতে সোঁৱৰায় জীৱনৰ ঘাত- প্ৰতিঘাত।
****