নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
গল্পগুচ্ছ
এখন নতুন সমাজ
~গোপীবালা দাস~
সন্ধিয়া আঠ বাজিছে। যিহেতু মই ৰুগীয়া গতিকে সোনকালে খাই-বৈ বিছনাত শুই পৰিছোঁ। মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ। সেয়ে সকলোৱে মোক নীলিমা বাইদেউ বুলিয়ে মাতিছিল। বাহিৰত ভৰিৰ শব্দ, জোতা-চেন্দেলৰ শব্দ। কেইজনমান মানুহ যেন মোৰ দুৱাৰমুখলৈ আহিছে— তেনেকুৱা শব্দ। বিছনাতে কাণ দুখন ঠিয় কৰি মই উচাপ্ খাই উঠিলোঁ আৰু ভয়তে বাহিৰত কিহৰ শব্দ বুলি মন স্থিৰ কৰি শুনিবলৈ ল’লো। ভয়তে বুকুখন কঁপিবলৈ ধৰিছে। কাৰণ মই এনেকুৱা ঘটনাৰ সম্মুখীন হৈছোঁ যিবোৰে মোৰ জীৱনৰ সৰ্বস্ব কাঢ়ি নিছে। সেয়ে গোটেই জীৱন যেন মৰীচিকা হৈ পৰিছে। অকলশৰীয়া, বঞ্চিত, এঘৰীয়া, লাঞ্চিত আৰু ক’ত যে ককৰ্থনা। এই সকলোবোৰ হৈ পৰিছে মোৰ জীৱনৰ সংগী। কোনো দিনে মুখেৰে নমতা নীলিমা বাইদেউ আজি বাহিৰত যেন কেইজনমান গাওঁৰ আপোন মানুহে আগ্ৰহেৰে বিচাৰিছে, সেই কথা স্পষ্ট ৰূপত বুজিব পাৰিছোঁ।
নীলিমা বাইদেউ! নীলিমা বাইদেউ! পেহী! পেহী! মাহী! মাহী! বাইদেউ-বাইদেউ! জেঠাই-জেঠাই বুলি আজি বাহিৰৰ পৰাই অজিত, বিজিত, বিনয়, নিকুঞ্জ, অভিজিত হ’তে বৰ আদৰেৰে মাতিছে। কি আচৰিত কথা গাওঁৰ যি কেইজন মানুহে মোৰ গোটেই জীৱনটো বিপদত পেলাই দিলে, সেইকেইজন মানুহৰ ল’ৰাহৈ! যি কেইজন ল’ৰাই মোক দেখিলে তলমূৰ কৰে, ঠাট্টা মস্কৰা কৰে সেইকেইজন ল’ৰাই আজি এই ন বজাত বুকুৰ কুটুম হৈ মোক বিচাৰিছে বুলি ভাবি মই অবাক হৈ পৰিলোঁ। এইটো কোনো বিপদৰ সংকেত নহয়টো, এই বুলি লগে লগে মোৰ পুৰণি কথালৈ মনত পৰিল। বাহিৰত সঁজাতী হৈ মতা মাত কেইষাৰে মোক পুৰণা স্মৃতি ঘূৰাই দিলে, মই সেই অতীতৰ দিনটোলৈ ঘূৰি গলোঁ।
ৰাইজ মোক আপোনালোকে এঘৰীয়া নকৰিব। জুই-পানী এলাগ নকৰিব। মই আপোনালোকৰ ভৰিত ধৰিছোঁ, কাবৌ কৰিছোঁ, মোক তেনেকুৱা অন্যায় নকৰিব। মই আপোনাসৱৰ লগত মিলা-প্ৰীতিৰে থাকিম বুলি আপোনালোকৰ গাঁৱলৈ উঠি আহিছোঁ। আজি আপোনালোকে এই এঘাৰ বছৰীয়া ছোৱালীজনীৰ কাৰণেই যদি এঘৰীয়া কৰে, আমি কেনেকৈ থাকিম! নীলিমা মোৰ একমাত্ৰ ছোৱালী। তাই ভাল-বেয়া একো বুজি পোৱা হোৱা নাই। তাইক অবুজা বুলি আপোনালোকে ক্ষমা কৰি দিয়ক। তাই চটফটীয়া-তজবজীয়া আৰু বুদ্ধিটো বৰ চোকা। তাই সকলোৰে সৈতে হাঁহি মাতি খেল-ধেমালি কৰি ভাল পোৱা ছোৱালী। তাই ভবিষ্যতে গাঁওৰ সুনাম অৰ্জন কৰিব পাৰিব। আপোনলোকে তাইক অপৰাধী নকৰিব। নীলিমা কোনো মুছলমান ল’ৰাৰ সৈতে অসৎ কৰ্ম কৰা ছোৱালী নহয়। ইজাম সিখন গাঁওৰ ল’ৰা হয়। আমাৰ গাঁওৰ ল’ৰা-ছোৱালীসকলৰ লগত সিখন গাঁওৰ ল’ৰা-ছোৱালীহঁতে খেল- ধেমালী কৰে; সেয়ে তাইও ইজামৰ লগত খেল-ধেমালী কৰে সঁচা, কিন্তু আপোনালোকে তাইক যিটো অপযশ দিব বিচাৰিছে সেইটো কিন্তু মিছা। মই জানো মোৰ ছোৱালী তেনে অসৎ কাম কেতিয়াও কৰিব নোৱাৰে। সেইটো সঁচা নহয়। সঁচা নহয় বুলি তাই বাৰে বাৰে দোহাৰিছে। তাইক এবাৰ সুধি চাওঁক আৰু আপোনালোকে তাইক বুজি চাওঁক। মই আপোনালোকৰ ভৰিত ধৰিছোঁ, ভৰিত ধৰিছোঁ ৰাইজ। মিছা অপবাদ এটাৰ বাবে আমাক এঘৰীয়া নকৰিব ৰাইজ। মই বাৰে বাৰে আপোনালোকৰ ভৰিত ধৰিছোঁ। ৰাইজ… ৰাইজ… ৰাইজ… !!
ৰাইজৰ সভাপতিজনে মাত লগালে, “শনিৰাম, শনিৰাম! তুমি এতিয়া ইজনৰ ভৰিত ধৰি সিজনৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে নহ’ব, হয়নে ৰাইজ! নে কি কয় ৰাইজ?” আন সদস্য কেইগৰাকীও হয় হয় বুলি চিঞৰি উঠিলে। তাৰ মাজৰ আন এজন সদস্যই চিঞৰি চিঞৰি ক’লে, তাইক গাঁৱৰ পৰা খেদি দিম, নহ’লে শনিৰাম এঘৰীয়া হ’ব লাগিব। আমি এনেকুৱা অশুচি আৰু জাতিভ্ৰষ্ট ছোৱালী গাঁৱত নাৰাখো। গতিকে শনিৰাম তুমি কোৱা ছোৱালী ঘৰত ৰাখিবা নে সমাজৰ লগত থাকিবা। ছোৱালী ঘৰত ৰাখিলে সমাজৰ পৰা এঘৰীয়া হব লাগিব, ই নিশ্চিত”। এই বুলি কোৱাত সকলোৱে সহমত জনাই চিঞৰিবলৈ ধৰিলে- “আমি গাঁৱত অশুচি ছোৱালী নাৰাখো, তাইৰ লগতে আমাৰ ছোৱালী কেইজনীও নষ্ট হৈ যাব। এনেদৰে হুলস্থুল বাঢ়ি গ’ল; কোলাহলৰ মাজত তাইক খেদি দি খেদি দি ধ্বনি। দুজনমানে গৈ মোক পঢ়া-পাটিৰ পৰা টানি আনিলে আৰু দুই-এটা চৰ-ঠাপৰ মাৰি ৰাইজৰ মেললৈ টানি লৈ গ’ল। মোক ৰাইজৰ সভাঘৰৰ খুঁটাত বান্ধি থলে। মই চিঞৰি চিঞৰি কান্দি থাকিলোঁ। এতিয়া কি বিচাৰ কৰে তাইক কৰক ৰাইজ বুলি সকলোৱে একেস্বৰে ক’লে। গাঁও বুঢ়াই মাত লগালে- “ৰাইজ এটা উপায় আছে। সেইটো কৰিলে ছোৱালীজনীও গাঁৱত থাকি যাব আৰু শনিৰামো এঘৰীয়া নহ’ব। কেইজনমানে কওঁক কওঁক বুলি চিঞৰি উঠিল। হ’ব ৰাইজ আপোনালোকে অলপ ধৈৰ্য ধৰক। সকলো সমাধান হ’ব।
মোৰ মূৰত এশ আঠ কলহ পানী নাঢালিব। মোক কিয় বান্ধি থৈছে, মোক এৰি দিয়ক, মোক এৰি দিয়ক। মই ইজামৰ সৈতে খেলাধূলা খেলোঁ সঁচা, কিন্তু সি মোক অশুচি কৰা নাই। আপোনালোকে মোক মিছাতে সন্দেহ কৰিছে। খেলাধূলা কৰাক জানো অশুচি বুলি কয়? অসৎ কৰ্ম বুলি কয়! তাক মই ভাল নাপাওঁ। সি মোৰ খেলাৰহে বন্ধু। মোক পানী নাঢালিব, মই বৰ ঠাণ্ডা পাম। মোক এৰি দিয়ক। এই ৰাতি দহ বজাত মোৰ গা ধোৱা অভ্যাস নাই। মায় মোক ৰাতি গাঁ ধুবলৈ নিদিয়ে, মোৰ জ্বৰ উঠিব। মই মৰি যাম। এই বুলি চিঞৰি চিঞৰি বান খুলি যাবলৈ বাৰে বাৰে চেষ্টা কৰি আছিলোঁ। কিন্তু মোৰ কথা শুনে কোনে? ঠিক সেই সময়তে কেইজনমানে কলহত পানী আনি মোৰ মূৰত একলহ একলহকৈ এশ আঠ কলহ পানী ঢালিলে। ঠাণ্ডাত কঁপি কঁপি মই বান্ধোনৰ সৈতেই পানীৰ মাজত বহি পৰিলোঁ। তাৰ পিছত গাঁও বুঢ়াই মাত লগালে—শনিৰাম তুমি এতিয়া তোমাৰ ছোৱালীক ঘৰলৈ লৈ যোৱা। এইবুলি কোৱাত দেউতাই মোক হাতত ধৰি ঘৰলৈ লৈ গ’ল। কোনেও এবাৰ ভাবি নাচালে এঘাৰ বছৰীয়া ছোৱালীজনীক শুচি কৰিলে নে অশুচি কৰিলে! সেই সময়ত মই শুচি অশুচি বুজি পোৱা নাছিলোঁ। যেতিয়া বুজি পোৱা হ’লোঁ এই ঘটনাটোৱে মোক বৰ আঘাত দিলে। তাৰ পিছৰ পৰা এই ঘটনাই মোৰ নিদ্ৰা হৰণ কৰিলে। মোৰ হৃদয়খন যেন শৰবিদ্ধ হৈ থাকিল। তেতিয়াই মই বিয়া নহওঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ। মনতে ভাবিলো, মই পঢ়ি শুনি চাকৰি এটাকে কৰিম। ডাঙৰ মানুহ হ’ম।
কিছু সময় পিছত মই নিমাত হৈ থকা দেখি বিজিতে ক’লে- নীলিমা পেহী, তুমি আমাক কিয় মাত দিয়া নাই, তুমি ওলাই আহা, তোমাৰ সৈতে আমাৰ অলপ কথা আছে। তুমি আমাক ভুল নুবুজিবা। আজি আমি তোমাৰ ওচৰত কৰা ভুলবোৰ শুধৰণি কৰিব আহিছোঁ। তুমি আমাক ক্ষমা কৰি দিয়া। নিকুঞ্জই কাতৰ ভাবে ক’লে- নীলিম বাই, তুমি ওলাই আহা আৰু মোক ক্ষমা কৰি দিয়া। মই দাদা-খুৰা জেঠাহঁতৰ কু-পৰামৰ্শ মতে তুমি গম নোপোৱাকৈ তোমাক আনৰ ওচৰত হেয়জ্ঞান কৰিবলৈ, লাঞ্ছনা আৰু অপমান দিবলৈ তোমাৰ ভাল ফটো সংগ্ৰহ কৰি বেয়া ফটো বনাই মোবাইলত ভাইৰেল কৰিছিলোঁ। সেয়া গাঁওবুঢ়াৰ খুলশালিয়েকৰ ষড়যন্ত্ৰ বুলি জনা নাছিলোঁ। আজি আমি গাঁওবুঢ়াৰ পুতেকৰ কু-কৰ্মৰ কথা সকলোৱে বুজি উঠিছোঁ। গতিকে আমি গাঁৱৰ ডেকা চাম অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ ওলাই আহিছোঁ বাই। তুমি মোক ক্ষমা কৰি দিয়া। নতুন গাঁওবুঢ়াও আমাৰ লগত আহিছে। সেই কালকূট গাঁওবুঢ়াই আমাৰ গাঁওখন শেষ কৰিহে মৰিছে। সেয়ে আমি আটায়ে মিলি এখন নতুন সমাজ গঢ়িব বিচাৰিছোঁ। তুমি আমাক সঁহাৰি দিয়া। আমি তোমাৰ ওচৰত ক্ষমা মাগিছোঁ।
বহুত কাকূতি মিনতি কৰাৰ পিছতো মই ওলাই নোযোৱাত অজিতে কৰুণ সুৰেৰে ক’বলৈ ধৰিলে- মাহীদেউ মই অজিত। মাহীদেউ, আমাৰ দেউতাহঁতে অপকাৰ কৰাৰ দৰে আমি অপকাৰ কৰিবলৈ অহা বুলি তুমি ভাবিছা! আমি সেই গাঁওবুঢ়া, গাঁওবুঢ়াৰ আমোলা চিপাহী, ঠগ-প্ৰবঞ্চক নহয়। আজি আমি তাৰেই প্ৰতিবাদ কৰিব বিচাৰিছোঁ। যোৱাকালি আমি ডেকাচামে এখন ৰাইজমেল পাতিছিলোঁ, আৰু তাত আমাৰ সকলোৱে সমাজৰ পৰিৱৰ্তন বিছাৰিছে। মেলত সৰ্বসম্মতি মৰ্মে তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে মাহীদেউ। তোমাৰ বিশ্বাস হোৱা নাই যদি ওলাই আহি চোৱা মই পঢ়ি দিছোঁ। এক নং প্ৰস্তাৱ- আজিৰ পৰা আমাৰ গাঁৱত এঘৰীয়া প্ৰথাৰ ব্যৱস্থা নাথাকিব। দুই নং প্ৰস্তাৱ- নাৰীসকল সম্পূৰ্ণ সুৰক্ষিত হ’ব লাগিব। গাঁৱৰ লম্পট, চোৰ, ধৰ্ষণকাৰী বা অন্যায়কাৰী সকলক পুলিচত গোটাই দিয়া হ’ব। তিনি নং প্ৰস্তাৱ- আমাৰ গাঁৱৰ বৃদ্ধ পিতৃ-মাত সকলক বৃদ্ধাশ্ৰম বা আলহী-কুটুম্বৰ ঘৰত মৰিবলৈ দিয়া নহ’ব। মাহীদেউ তুমি ওলাই আহা। আজি আমি উপলব্ধি কৰিছোঁ তোমাৰ সবল নেতৃত্বই সমাজখন আগুৱাই নিব। কেইজনমান প্ৰবঞ্চকৰ কাৰণে সমাজৰ উন্নতি লাঘৱ হৈছে। কুসংস্কাৰী জ্যেষ্ঠ সকলৰ প্ৰৰোচনাত আমি তোমাক বহু অসম্মান কৰিছোঁ, অপমান কৰিছোঁ। তুমি বহুত মানসিক যন্ত্ৰণা সহ্য কৰি ৰুগীয়া হৈ পৰিছা। তুমি এতিয়া হৃদয় ৰোগত ভুগিছা। আমি তোমাক শুশ্ৰুষা কৰিম। চোৱা, তোমক আদৰিবলৈ আজি ডেকা-চাম ওলাই আহিছে। আনকি গাঁওবুঢ়াই হাতত গামোচা লৈ তোমাক আদৰিবলৈ আহিছে।
হঠাৎ দৰ্জাখন খোল খালে। মুহূৰ্ততে নীলিমা বাইদেউ মাটিত বাগৰি পৰিল। আটাইকেইজনে দুৱাৰ-ডলি ধাৱমান হ’ল। নীলিমা বাইদেউ চিৰদিনৰ বাবে শুই পৰিল। সকলোৱে চিঞৰ-বাখৰ লগালে। নীলিমাৰ সহোদৰ ভাতৃ অজয়ে ইনাই-বিনই কান্দিবলৈ ধৰিলে- তুমি আমাক ডাঙৰ-দীঘল কৰিলা, সকলো দ্বায়িত্ব পালন কৰিলা, আমাৰ সকলো অভাৱ পূৰণ কৰিলা, কিন্তু আমি তোমাক বুজি নাপালোঁ। মই তোমাক ঘৰৰ পৰা উলিয়াই দিবৰ বাবে, গাঁওৰ বিদ্যালয়খনৰ পৰা খেদিবলৈ মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি ঘৰত অনা বুলি অভিযোগ দিছিলোঁ। তুমি কিন্তু কোনোদিনে এমুঠি চাউল, এটি টকাও আত্মসাৎ কৰা নাছিলা। অথচ নিজৰ গাঁঠিৰ ধন খৰচ কৰি ছাত্ৰ-ছাত্ৰীসকল ইটো সিটো বস্তু কিনি দিছিলা। মই যে ল’ৰা কেইজনমানক হাতত লৈ এঘৰীয়া কৰিছিলোঁ। বাইদেউ, তুমি মোক ক্ষমা কৰি দিয়া। তেওঁৰ এনেকুৱা কৰুণ আৰ্তনাদ পূৰ্ণ কন্দোনত মই সাৰ পালোঁ।
****