নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
সম্পাদকীয়
~ড° চুলতান আলী আহমেদ~
"ঐশানু" হাউলীৰ পৰা প্ৰকাশিত প্ৰথমখন অনলাইন আলোচনী। এইখন আলোচনীৰ মূল উদ্যোক্তা আৰু জন্মদাতা হাউলীৰ সুসন্তান আৰু সুশিক্ষক ড: জিতুমণি চৌধুৰী। ইংৰাজী সাহিত্যৰ কৃতী ছাত্ৰ আৰু গৱেষক ডঃ জিতুমণি চৌধুৰীয়ে বৃহত্তৰ হাউলী অঞ্চলত সাহিত্যচৰ্চাৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা এই অভিনৱ পদক্ষেপৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।
"ঐশানু" ৰ বৰ্তমান সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব আমাক দিয়া হৈছে যদিও সেই দায়িত্ব আমি কিমান নিষ্ঠাৰে পালন কৰিব পাৰিছো, সেয়া এক বিচাৰ্য বিষয়। এই সংখ্যাৰ বাবে যিবোৰ কবিতা, প্ৰবন্ধ বা আন লেখা আমি পাইছিলো তাৰ পৰা বাছি বাছি মানবিশিষ্ট লেখাখিনি প্ৰকাশ কৰা হৈছে।
যিকোনো এখন আলোচনী হৈছে সমসাময়িক চিন্তাৰ দাপোণ। এই সময়ছোৱাত আমাৰ সমাজত যিবোৰ চিন্তা বা সমস্যা জীৱন্ত হৈ আছে - - সেইবোৰৰে প্ৰতিফলন ঘটিছে আমাৰ লেখকসকলৰ লেখা-মেলাত। আমি ব্যক্তিগতভাৱে মত প্ৰকাশৰ স্বাধীনতাত বিশ্বাস কৰোঁ। সেয়েহে কোনোবা লেখকৰ চিন্তাধাৰা বা বক্তব্যৰ সৈতে আমি একমত নহলেও লেখা প্ৰকাশ কৰাত অসুবিধা হোৱা নাই। এখন আলোচনীত বিভিন্ন বিচাৰধাৰাৰ সংমিশ্ৰণ ঘটাটো এটা ইতিবাচক কথা বুলি ভাৱো। বিতৰ্ক, বিৰোধ বা মতভেদ হৈছে এখন আদৰ্শ গণতান্ত্ৰিক সমাজৰ বৈশিষ্ট্য। সেয়েহে আমাৰ "ঐশানু" আলোচনীখন মুক্তচিন্তাৰ মুক্তমঞ্চ হিচাপে পৰিগণিত হৈছে। তাৰবাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন।
****