নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
ভাৰ্চুৱেল সমাজ, সামাজিক মাধ্যম আদি...
~ড° জিতুমণি চৌধুৰী~
বিশেষকৈ একবিংশ শতিকাৰ দ্বিতীয় দহকৰ পৰা তথ্য-প্ৰযুক্তিৰ ব্যাপক উন্মেষণে মানুহৰ অভিৰুচি তথা ধ্যান ধাৰণাৰ যি এক আমূল পৰিৱৰ্তন সাধন কৰিবলৈ ধৰিলে, সেই পৰিৱৰ্তনে সমাজ সভ্যতাৰ পৰিধিটো বহলাই তুলিলে আৰু “ভাৰ্চুৱেল জগত” এখনৰ অস্তিত্বৰ কথা পোহৰলৈ আনিলে। সমাজ প্ৰিয় মানুহৰ ‘সমাজৰ সংজ্ঞা’ সলনি হৈ গ’ল, আৰু দুখন সুকীয়া সমান্তৰাল সমাজ গঢ়লৈ উঠিল। এফালে ‘বাস্তৱ সমাজ’ আৰু আনফালে ‘ভাৰ্চুৱেল সমাজ’। ‘বাস্তৱ সমাজ’ বুলি কওঁতে আমাৰ তাহানিৰ গাঁও বা চুবুৰিটোক কেন্দ্ৰ কৰি গঢ়ি উঠা— ঐক্যতান, সভ্যতা, কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ এখন আদৰ্শ সমাজৰ কথা ক’বলৈ বিচৰা হৈছে। আনহাতে, ভাৰ্চুৱেল সমাজখনৰ কোনো কায়িক অৱয়ব নাথাকিলেও ইয়াক অমূৰ্ত ধাৰণা বুলিও ক’ব নোৱাৰি। সামাজিক মাধ্যমৰ প্ৰসাৰ আৰু প্ৰৱলতাই ভাৰ্চুৱেল সমাজ গঠনৰ প্ৰধান উপজীব্য বুলি ক’ব লাগিব। দেশ, কালৰ অৱধি মানি নচলা ভাৰ্চুৱেল সমাজখনৰ এক সুকীয়া উপস্থিতি উপলব্ধি কৰিব পাৰি আৰু ই বিভিন্ন ধৰণে ব্যক্তি জীৱনক প্ৰভাৱিত কৰা দেখা গৈছে। ব্যক্তি জীৱনত ভাৰ্চুৱেল সমাজৰ উপস্থিতি সৰ্ব বিদ্যমান; ব্যক্তি চেতনাই ভাৰ্চুৱেল সমাজৰ প্ৰভাৱক নস্যাৎ কৰাৰ দুঃসাহস যেন এতিয়া আৰু নাই। ব্যক্তি জীৱনৰ অনুব্যক্তিক, আৱেগীক, মানসিক, পাৰিপাৰ্শ্বিক অৱস্থাক ব্যাপকভাবে প্ৰভাৱ পেলোৱাৰ লগতে ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতিমূলক অভিধা সমূহৰ ওপৰত ই এক গভীৰ প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে। ভাৰ্চুৱেল সমাজ ব্যৱস্থাই ‘স্থান’ৰ ধাৰণাটোক যথেষ্ট খিনি সলনি কৰিছে। মানুহে স্থান-কাল ভেদে এতিয়া আন্তঃব্যক্তিক সম্পৰ্ক গঢ়ি তুলিবলৈ সামৰ্থ্য হৈছে। ভাৰ্চুৱেল সমাজত মানুহ দূৰৈত থাকিও যেন নিচেই ওচৰত। কিন্তু ভাৰ্চুৱেল সমাজত যি আন্তঃব্যক্তিক সম্পৰ্ক গঢ়লৈ উঠে সেয়া কেৱল আন্তঃব্যক্তিক যোগাযোগ সম্পৰ্কৰ ফল মাথোন। ভাৰ্চুৱেল সমাজত ঘটা এনে আন্তঃব্যক্তিক যোগাযোগ সম্পৰ্ক কিছু ক্ষেত্ৰত ধনাত্মক যদিও ইয়াৰ ঋণাত্মক অভিধা বেছি। এনে ঋণাত্মক অভিধাৰ মূলতে আছে তথ্য বিভ্ৰান্তি আৰু আমোদ প্ৰৱণতা। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতত ৪৬২ মিলিয়ন সামাজিক মাধ্যম ব্যৱহাৰকৰী আছে যিয়ে তথ্য-বন্যা আৰু আমোদ প্ৰৱণতাৰ মাজতেই সৰহ সময় অতিবাহিত কৰিছে।
তথ্য-বন্যা ভাৰ্চুৱেল সমাজৰ এটা বৈশিষ্ট্য। ব্যক্তিৰ সৰ্বাংগীণ বিকাশত তথ্য সমৃদ্ধ জ্ঞানৰ ভূমিকা যথেষ্ট। সামাজিক মাধ্যমৰ ক্ষিপ্ৰ প্ৰসাৰৰ ফলতেই তথ্য-বন্যা ব’বলৈ লৈছে, কিন্তু তেনে তথ্য কিমানখিনি জ্ঞান সমৃদ্ধ সেয়া প্ৰথম বা দ্বিতীয় দৃষ্টিত নিৰূপণ কৰাটো কঠিন হৈ পৰে। সামাজিক মাধ্যমত ভেটি গঢ়া ভাৰ্চুৱেল সমাজখনত উপলব্ধ তথ্য কিমান দূৰ সঁচা আৰু জ্ঞান সমৃদ্ধ সেয়া অতিকৈ বিচাৰ্য বিষয়। তথ্য উভয়নদী হোৱাৰ ফলতেই তথ্য বিভ্ৰান্তি সৃষ্টি হৈছে। তথ্য বিভ্ৰান্তিয়ে ব্যক্তিৰ মানসিক, সামাজিক, বিদ্যায়তনিক আৰু আন্তঃব্যক্তিক সম্পৰ্কবোৰ বিনষ্ট কৰে। ভাৰ্চুৱেল সমাজত উপলব্ধ তথ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অতি নিৰ্ভৰশীলতাই মানুহৰ বৌদ্ধিক, বিচাৰ-বিশ্লেষণ তথা সংশ্লেষণৰ ক্ষমতাক বহু পৰিমানে ক্ষতিগ্ৰস্থ কৰিছে। তথ্যৰ যথাৰ্থতা বিচাৰ নকৰাকৈ যিকোনো তথ্য গ্ৰহণ কৰাৰ ফলত ‘বাস্তৱ বিভ্ৰান্তি’ৰ সৃষ্টি হয়।
এই ক্ষেত্ৰত তথ্য আহৰণক জ্ঞান অৰ্জনৰ লগত একাকাৰ কৰিব নোৱাৰি। জ্ঞান অৰ্জন সম্পূৰ্ণ এক বৌদ্ধিক প্ৰক্ৰিয়া। জ্ঞানৰ ৰূপৰেখা গঠন হ’য় আহৰণ কৰা তথ্য-উৎসৰ নিৰ্ভৰযোগ্যতা তথা তথ্যক বিচাৰ-বিশ্লেষণ আৰু সংশ্লেষণ প্ৰক্ৰিয়াৰ মাজেৰে ছালি-জাৰি চাই বিষয়বস্তুৰ লগত ৰজিতা মিলালেহে। জ্ঞানৰ যথাৰ্থতা তথ্য শুদ্ধতাৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে। সেয়ে, সামাজিক মাধ্যমত লাভ কৰা তথ্যক পোনচাতে যথাৰ্থ বুলি ভাবি গ্ৰহণ কৰাটো একেবাৰে উচিত নহয়। অবিচাৰ্য ভাবে যথাৰ্থ বুলি গ্ৰহণ কৰা যিকোনো তথ্যই বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্ঠি কৰিব পাৰে। বৰ্তমান ভাৰ্চুৱেল সমাজত “অতি ছলাহী” (deep fake) তথ্য দ’কৈ শিপাই আছে, যিবোৰ বিনাবিচাৰ্যে গ্ৰহণ কৰিলে ভ্ৰান্তি সৃষ্টি হয়। তথ্য ভ্ৰান্তিৰ ফলতে বিষন্নতা, বিশ্বাসহীনতা আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছে। তথ্য বিভ্ৰান্তিয়ে সমাজত বিশৃংখলতা আৰু অসহিষ্ণুতা বিয়পায় দিয়ে। এনে অসহিষ্ণুতা আৰু অসংবেদনশীলতা ভাৰ্চুৱেল সমাজত, বিশেষকৈ সামাজিক মাধ্যমৰ প’ষ্ট সমূহৰ মাজত পৰিলক্ষিত হয়।
সামাজিক মাধ্যমৰ মাজেৰে ভাৰ্চুৱেল সমাজৰ সদস্যতা লাভ কৰা প্ৰতিজন ব্যক্তিযে জ্ঞান সৃষ্টি কাৰি হ’ব তেনে নহয়। কাৰণ, সামাজিক মাধ্যমত থকা প্ৰতিজন ব্যক্তিৰ বিচাৰ-বিশ্লেষণৰ অৰ্হতা নাথাকে। সেয়ে ইয়াত গুৰু-গম্ভীৰ কথাৰ পৰা সাধাৰণ টুলুঙা কথালৈ সকলো অনায়াসে প্ৰকাশ পায়। সামাজিক মাধ্যমত প্ৰকাশ পোৱা পোষ্ট সমূহৰ পৰা সমুদায় লোকৰ মানসিকতা আৰু সমাজৰ প্ৰকৃত গতি সহজে অনুমেয় হয়। সমীক্ষাত প্ৰকাশ পাইছে যে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলৰ গৰিষ্ঠ সংখ্যকে উদ্বিগ্নতা আৰু এক ধৰণৰ মানসিক অস্থিৰতাত ভুগি থাকে, আৰু সেয়া সিহঁতৰ পোষ্ট সমূহত প্ৰকাশ পায়। ভাৰ্চুৱেল সমাজখনে এচাম লোকৰ বিচাৰ-বিবেচনা নাইকীয়া কৰি এক তৰল জীৱন-যাপন কৰিবলৈ যেন বাধ্য কৰাইছে, আৰু তেওঁলোকেও তেনেকুৱা জীৱনধাৰাত অজানিতে আৰু স্বতঃস্ফূৰ্তভাবে সোমাই পৰিছে। ইয়াৰ ফলত ব্যক্তি জীৱনৰ লগতে জাতীয় জীৱনতো অশনি সংকেত নামি আহিছে। পৰম্পৰাগত আদৰ্শ সমাজখনৰ মূল্যবোধ, সম্পৰ্কবোধ, ভাষা-সাহিত্য, শিষ্টাচাৰ, সাংস্কৃতিক ধাৰাবাহিকতা আদি সকলোবোৰ যেন ভাৰ্চুৱেল সমাজৰ অগ্ৰাসনত ম্লান পৰিব লৈছে। এয়া হয়তো এক নতুন যুগ সূচনাৰ ইংগিত হ’ব পাৰে, য’ত আধ্যাত্মিক মূল্যবোধ বস্তুবাদী ক্ষণিকতাৰ মাজত হেৰাই গৈ ভোগবাদৰ নতুন পোছাক পিন্ধি পৰিস্ফুট হ’ব।
****