নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনত ‘নামঘৰ' সংযোজন
~ধীৰেন্দ্ৰনাথ বৰ্মন~
(সভাপতি, নামঘৰ উপ-সমিতি, অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন)
২০২৫ খ্রীষ্টাব্দৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কার্য্যসূচীৰে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ পাঠশালা অধিৱেশনত প্রথমবাৰৰ বাবে জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ পৃষ্ট ‘নামঘৰ সংযোজন কৰা হয়। প্ৰস্তাৱিত ‘নামঘৰ’ ভাগ নিৰ্মাণ আৰু একশৰণ নাম ধৰ্মৰ নীতি নিয়মেৰে পৰিচালনা কৰাৰ বাবে আদৰণি সমিতিয়ে আমাক সভাপতিৰ দায়িত্ব অৰ্পন কৰি ৪৬ জনীয়া এখনি নামঘৰ উপ-সমিতি নামেৰে এখনি সমিতি গঠন কৰি দিয়ে। আমি দায়িত্বভাৰ গ্রহণ কৰি উপ-সমিতিৰ সম্পাদক, অন্যান্য বিষয়-ববীয়া, সদস্য-সদস্যা, বজালী অঞ্চলৰ সত্ৰাধিকাৰ, পদাধিকাৰ সকল, বাপ-বান্ধৱ সকল আৰু আই-মাতৃ সকলক লগত লৈ পৰিচালনা কার্য্য আৰম্ভ কৰো।
২০২৫ খ্ৰীষ্টাব্দৰ ১৭ জানুৱাৰীৰ ৰাতিপুৱা ১১ বজাত নামঘৰ নির্মাণৰ বাবে নাম প্রসঙ্গ কৰি আদৰণি সমিতিৰ প্রধান সম্পাদক মাননীয় শ্ৰীযুত গিৰিধৰ চৌধুৰী দেৱে ভক্ত সৱ হৰি ধ্বনিৰে নামঘৰৰ শুভ নির্মান কার্য্য আৰম্ভণি কৰে। সম্পূর্ণ বাঁহ-খেৰেৰে মূল নামঘৰ, মণিকূট, বাটচ’ৰা, ৰজৰ চাৰিওফালৰ বাৰান্দা আৰু চৌহদত বাঁহৰ জেওৰাৰে নির্মান কৰা হয়। বাহৰ জেওৰাৰ ভিতৰত চাৰিখন ফুলনি বাগিচা বনোৱা হয়।
৩১ জানুৱাৰীৰ দিনা ৰাতিপুৱা অধিবেশনৰ প্রথম কাৰ্যসূচী নামঘৰ উদ্বোধন। ভক্ত সকলৰ হৰি ধ্বনিৰে বামাখাটা সত্ৰাধিকাৰ শ্রীযুত প্ৰবোধ অধিকাৰী দেৱে আদৰণি সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত নামঘৰটো শুভউদ্বোধন কৰে। সেই সময়ৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ নিতৌ ৰাতিপুৱা ৫ বজাত আৰম্ভ কৰি নিশা ১১ বজালৈ নাম-প্রসঙ্গ, বৰগীত, ভাগৱত পাঠ, বীৰ নাম, জুৰা নাম, ঘুৰা নাম, দিহা নাম, ঘোষা নাম আদি অবিৰত ভাবে পৰিৱেশন কৰি ভক্তি ৰসেৰে ভট্টদেৱ ক্ষেত্র ৰঞ্জিত কৰি ৰাখে।
আমি বজালী অঞ্চলৰ ভক্তসৱে আৰু সাহিত্য প্ৰেমী ৰাইজে পাঠশালা অধিবেশনৰ আদৰণি সমিতি আৰু অসম সাহিত্য সভাৰ ‘নামঘৰ সংযোজনৰ সিদ্ধান্তৰ বাবে ধন্যবাদ জনাইছো। তেৰাসৱৰ সিদ্ধান্তলৈ সেৱা ধৰিছো। ভবিষ্যতলৈ যাতে এই ভাগ অনুষ্ঠান সাহিত্য সভাৰ কার্য্যসূচীত অন্তর্ভুক্ত হয় তাষ বাবে অনুৰোধ জনালো।
ভট্টদেৱ ক্ষেত্রৰ এই নামঘৰটোৱে এক বিশেষ গুৰুত্ব লাভ কৰিছে কিয়নো এই নামঘৰৰ বাকৰি সমন্বয় ক্ষেত্রলৈ ৰূপান্তৰ হৈছে। বিভিন্ন মতবাদৰ ভক্ত সৱে নিজ নিজ নিয়ম নীতিৰে নাম-প্রসঙ্গ কৰি সেৱা জনোৱাৰ সুবিধা পাইছে। নাম পৰিবেশন কৰি থকা সময়ত আদৰণি সমিতিৰ সভাপতি তথা মাননীয় মন্ত্রী শ্রীযুত ৰঞ্জিৎ কুমাৰ দাস ভাঙৰীয়াই নামঘৰ বাকৰিত উপস্থিত হৈ নামদলৰ লগত বহি নাম গাই এটি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে আৰু সৱাবেগ উৎসাহিত কৰা দেখা যায়।
সাহিত্য সভৰ প্রতিনিধি সৱৰ বৃহৎ অংশই নামঘৰ বাকৰিলৈ সেৱা ধৰাটো এটি ভাল লগা দৃশ্য। প্রায় সমূহ দর্শকেও নামঘৰলৈ গৈ সেৱা লোৱা দেখা গ’ল। সমস্ত সাহিত্য সভাৰ অধিৱেশনত নামঘৰত সেৱা ধৰা, এই অঞ্চলৰ নামদল সমূহে অবৈতনিক নাম পৰিবেশন কৰা, সকলো ভক্তৰ স্বতঃস্ফূৰ্ত সহযোগ আদি এই অনুষ্ঠানৰ শুভ-লক্ষণ। সৰ্বশেষত, সাহিত্য সভাৰ নামঘৰত সেৱা ধৰা সকলো ভক্তলৈ সেৱাধৰি সাহিত্য সভাৰ নামঘৰ অনুষ্ঠান ভাগৰ স্থায়ীত্ব বাসনাৰে ভগৱানৰ ওচৰত প্রার্থনা জনাই সামৰিলোঁ।
****