নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
ব’হাগ অনুভৱ
~বন্দনা শৰ্মা~
চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি ফুলিলে ভেবেলি লতা;
কৈনো কৈ থাকিলে ওৰকে নপৰে বহাগৰ বিহুৰে কথা।
লঠঙা ফাগুনৰ মন-প্ৰাণ সেউজীয়া ৰঙেৰে বোলাই চিৰযৌৱনা প্ৰকৃতিৰ বুকুলৈ আগমন ঘটে ঋতুৰাজ বসন্তৰ। কুলীজনীৰ কল্লোলিত কণ্ঠই নাচনিৰ মন উদ্বাউল কৰি তোলে। বৰদৈচিলাজনীও ওলায় মাকৰ ঘৰলৈ বুলি, বসন্তৰ লগতে। প্ৰকৃতিয়ে ন-কুঁহিপাতেৰে সজ্জিত হৈ যেন বুজাব খোজে জীৱন মানেই সম্ভাৱনা, সকলো হেৰুওৱাৰ পিছতো নিজকে পুনৰ গঢ়ি তোলাৰ প্ৰয়াস, ন-কৈ সজোৱাৰ প্ৰস্তুতি।
ব'হাগ এক আবেগ, এক আশা, এক সমন্বয়ৰ সেঁতু। প্ৰকৃতিৰ ৰঙতে ৰঙীয়ান হৈ এই ব'হাগতে অসমীয়াই উদযাপন কৰে প্ৰাণৰো প্ৰাণৰ বিহুটি। প্ৰকৃতিৰ সু-সজ্জিত বেশভূষাৰ অনুৰূপভাৱে নিজকে ন-সাজেৰে সজাই ঢোল পেঁপা গগণাৰ মাতত আপোনপাহৰা হৈ চেনাইৰ লগত কঁকাল ভাঙি নাচে গাৱঁৰ ৰঙিলীজনীয়ে। ব'হাগ মানেই পাৰভঙা উল্লাস। জাত-পাত, ধৰ্ম-বৰ্ণৰ সীমাবদ্ধতাক নেওচি অসমীয়াত্বত আহ্লাদিত হোৱাৰ সময়। গাৱঁৰ ডেকাৰ দলটোৱে হুচৰিৰ সুৰেৰে দি যায় নতুন বছৰৰ আগমনীৰ শুভেচ্ছা। মন-প্ৰাণ জুৰোৱা এক অপূৰ্ব মাদকতা।
ব'হাগ অসমীয়া জাতিৰ জীৱনৰেখা। চহৰৰ কৰ্মব্যস্ততাৰ পৰা খন্তেক বিৰতি লৈ নিজৰ আপোনজনৰ সৈতে পুৰণি গাওঁখনত পাৰ কৰা কিছু একান্ত ব্যক্তিগত সময়। যেন কৃত্ৰিমতাৰ পৰা প্ৰকৃতিৰ বুকুলৈ আগমন অথবা সংকীৰ্ণতাৰপৰা বিস্তৃৰ্ণতালৈ আগমন। হিংসা, কলুষতা আতৰাই বিহুৱানত গথা ফুলৰ চানেকিটোৰ দৰেই সকলোকে একেটি বান্ধোনেৰে গাথি ৰখা এটি সামাজিক বান্ধোন... ব'হাগ।
ড° ভূপেন হাজৰিকাদেৱৰ ভাষাত...
ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ;
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ............
****