নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
গল্পগুচ্ছ
অনুভৱৰ ক্যালাইডোস্কোপ
~বিক্রম পাঠক~
কথাবোৰ ঠিক তেনেকুৱা নাছিল | কোনো অজ্ঞাত উৎসৰ পৰা দুকুল বাগৰি বৈ অহা নৈৰ ঘাটৰ কঠিন শিলত বান্ধি ৰখা নাও খনৰ দৰেই আছিল | হেজাৰ বিপর্যয়ৰ সোঁততো উটি যাব নোৱাৰা, কিন্তু অত্যন্ত অস্থিৰ অথচ একেটা স্থানতে আবদ্ধ হৈ থকা বিধৰ | ঠিক ঘড়ীৰ দোলকৰ দৰে যাৰ নির্দিষ্ট গতি আছে | এটা ফাইনাইট ইনফিনিতিত বন্দী যাৰ নিজস্ব পৰিধি আছে | যিয়ে দি যায় নির্দিষ্ট সূত্র আৰু সমন্বয়ৰ বার্তা |
সেই যে মানুহ এজনে নিশা বাৰত প্রবেশ কৰি ৰঙা নীলা পোহৰত নিজৰ দুচকুক সমাযোজন কৰাৰ অদ্ভুত প্ৰয়াস কৰে! ওপৰৰ পৰা বাগৰি অহা পোহৰৰ নিজৰাত নিজক বিলীন কৰাৰ মুহূৰ্তত; বেৰত মূৰ্তমান কিছু ছাঁ পোহৰৰ বাংময়তা আৰু সুক্ষ্ম পৰ্য্যবেক্ষণৰ এক নির্বোধ প্রকাশ | ৰঙা নীলা হালধীয়া কাচৰ সিপাৰে ওলমি থকা নিস্তেজ অথচ চকু চাৎ মৰা বগা পোহৰ | যিয়ে ৰঙীন কাচৰ ফ্ৰেমৰ মাজেৰে আহি সমগ্র মজিয়াত উবুৰিয়াই দিয়ে ৰামধেনুৰ সপ্ত ৰঙীন খেল |
অ, ঠিক কথাবোৰ তেনেকুৱাই আছিল | যাৰ স্রোত একেটাই | প্ৰখৰ মস্তিষ্কৰ জোলোঙাৰে উন্মুক্ত হৈ চাৰিওফালে সিঁচি দিয়ে বিয়োগ ফলৰ উত্তৰ | যাৰ নাছিল কোনো দীঘ প্ৰস্থ অথবা আয়তন | কেবল বুকুৰ বেৰত খুন্দিয়াই আছিল নৈৰ ঘাটত বান্ধি ৰখা নাও খনৰ দৰে|
ময়ুৰী যেতিয়া টাইলচৰ মজিয়াত ট্ৰলী বেগটো চোচৰাই গুছি গৈছিল ,তাৰ বহু সময় পাছতো ট্ৰলী বেগৰ চকাৰ ঘৰ ঘৰনী শব্দ টো কাকলীৰ বুকুত বাজি আছিল | ঠিক ভগা বীণৰ ৰেপনীৰ দৰে | হৃদয়বিদাৰক নে মর্মান্তিক?
বিয়াৰ পাছত কাকলি অনিৰ্বানৰ লগত দীঘালৈ গৈছিল | দীঘাৰ ভিতৰুৱা গাঁও খনত দুয়ো শংখ বিচাৰি গৈছিল | সমুদ্র পুৰৰ গলিত অসংখ্য শংখৰ দোকান| “দিদি এখানে আসবে; ভাল' চংখ পাবেন ".....
খৈনী আৰু তামোলৰ দীৰ্ঘদিনীয়া অত্যাচাৰ সহ্য কৰা দাঁত দুপাৰীৰে বাঙালী বেপাৰী জনৰ ভেবা লগা নির্দোষ, হাঁহিটোৰ প্ৰত্যুত্তৰত দুয়ো ট্রিপাল দিয়া দোকান খনৰ বাৰাণ্ডাত থিয় হৈছিল |
“জানানে কাকলি ! শংখৰ মুখত কাণ পাতিলে সাগৰৰ উচ্ছল ঢৌৰ শব্দ শুনা পায় "|
হয় নে!!
কাকলীয়ে হাতৰ তলুৱাৰ পৰিধিৰ বাহিৰৰ আকৃতিৰ এটা মস্ত দক্ষিণাবর্তী শংখ তুলি কাণ পাতি শুনিছিল।
“কতা !মই দেখোন একো শুনা নাই।"
“চাওঁ তুমি নাজানা "
অনির্বানে দুচকু জপাই শংখটোৰ মুখখন কাণত লগাই শুনি ৰৈছিল| সেই সময়ত তেওঁক সাইলাখ বুদ্ধ যেন দেখাইছিল। যেন মানস সৰোবৰত যুগ যুগ ধৰি ধ্যানত মগ্ন কোনো সিদ্ধ তপস্বী | আৰু বহু যোজন দূৰৈৰ পৰা ভাহি আহিছিল কোনো বাঙালী বাবাজীৰ ভগা বীণৰ ৰেপনী | যাৰ সুৰত সৃষ্টি হৈছিল জাগতিক সৃষ্টিৰ আদিম কোলাহল। বিক্ষিপ্ত আৰু লোমহৰ্ষক ; কাতৰ অথচ নগ্ন সত্যৰ পৰিমিত আকুল আবাহন |
“মই কিন্তু শুনিছোঁ|"
“কি শুনিছা?"
“সাগৰৰ ঢৌৰ চঞ্চল শব্দ যিয়ে কৈ আছে তুমি আৰু মই জন্ম জন্মান্তৰৰ লগৰী| এৰাব নোৱাৰা বান্ধোনৰ সাক্ষী|"
কাকলিৰ মুখখন লাজত ৰঙচুৱা হৈ গৈছিল | বৰফৰ দেশত উপলব্ধ ৰঙা আপেলৰ দৰে গাল দুখনত ৰঙবোৰ থুপ খাই ওলমি আছিল |
ধপ্ কৈ অর্ণবৰ টয়টা খনৰ দর্জা খন জপাই ময়ুৰী গড়ীখনত বহিল | কাকলিয়ে এজন ফৰিয়দীৰ দৰে চোতালত ৰৈ চাই থাকিল | গালে মুখে ধোৱা আৰু ধুলি ছটিয়াই অর্ণব আৰু ময়ুৰী গুছি গৈছিল | নিমজ পথটোত টয়টা খন ধুসৰ হৈ বিলীন হৈ গৈছিল | সেই ধুসৰতাত পিয়াপি দি ফুৰি আছিল কিছুমান উত্তৰ বিহীন প্রশ্নৰ ছায়া ঘন নিষ্প্রাণ সাথঁৰ |
কলিকতাৰ আর্ট গেলাৰীত কাম কৰা অনির্বাণনৰ বন্ধু মধুসুদন দত্তৰ নিমন্ত্রন এৰাব নোৱাৰি দুয়ো দীঘাৰ পৰা পোনে পোনে আর্ট গেলাৰীৰ দুমহলীয়া দালান টোৰ দীঘল কৰিডৰত উপস্থিত হৈছিল | দীর্ঘদিনীয়া বন্ধুৰ লগত কথাৰ মজলিচ্ পতা অনির্বানক এৰি কাকলিয়ে আর্ট গেলাৰীটোত পিতপিতাই ঘুৰি ফুৰিছিল | ছালভাদাৰ ডালী ; পিকাচো; ভেন গগ আদিৰ কিছু অমৰ সৃষ্টি গেলাৰী টোৰ বেৰত ওলমি আছিল | বিশ্ব বিখ্যাত চিত্ৰকৰৰ দুর্বোধ্য কল্পনাৰ প্ৰাণবন্ত স্বৰূপ চিত্ৰবোৰে প্রকাশ কৰি গৈছিল | যেন কিছুমান অবুজ সাথঁৰ; এবচট্ৰেক্ট থিয়লজী | যাৰ অর্থ ভেদ কৰা বহু কঠিন কিন্তু অন্তর্ষ্পশী ; ভাৱগধুৰ অথচ নিছিদ্র পাতল |
আকাশ চতুৰ্বেদীৰ ফিনিক্স বাৰ্ডৰ পেইন্টিং খনৰ ওচৰত আহি কাকলি ৰৈ গৈছিল | ব্যাপ্ত দুবাহুৰে ডেউকা মেলি চৰাইজনী স্বাধীন হৈ উৰি আছিল | চাৰিওফালে আগুৰি আছিল জুইৰ লেলিহান শিখা | সুমথিৰা ৰঙৰ ফিনিক্স জনীৰ দুচকুত আছিল বিশ্ব জয়ৰ দুৰ্বাৰ সপোন| সেই দিনা ৰাতি হোটেললৈ উভতি কাকলি ভাগৰত লালকাল দি শুই পৰিছিল অনির্বানৰ বাহুত | ফিনিক্স পক্ষীটোৰ দৰে ব্যাপ্ত ডেউকাৰে অনির্বানে আগুৰি ধৰিছিল কাকলিৰ কোমল শৰীৰ | ঠিক আর্ট গেলাৰীৰ ছবি খনৰ দৰে একুৰা জুইত দুয়ো যেন ফিনিক্স পক্ষী হৈ জাহ গৈছিল | গাই আছিল সৃষ্টিৰ আদিম ৰাগ | মালকোশ আৰু পাহাড়ী ৰাগৰ মিঠা সংমিশ্রণ ,যত প্রাণ পাইছিল নতুনকৈ যৌবনপ্রাপ্ত কিশোৰৰ যৌনজ কৌতূহল | বীভৎস কিন্তু কাব্যিক; যুগ্ম কিন্তু বাহ্যিক | গোঠেই কোঠাটোত উৰি ফুৰিছিল কেঁচা মাটিৰ ঘ্ৰাণ আৰু ফুলশয্যাৰ ৰজনীগন্ধাৰ সুবাস | নিজক নতুনকৈ আবিষ্কাৰ কৰাৰ ঠিক ন মাহৰ পাছত অর্ণবৰ জন্ম হৈছিল| কোমলপহীয়া হাত দুখনৰে সি কাকলিৰ তর্জনী আঙুলিত ধৰি কেনেকৈ যে ইমান ডাঙৰ হল তাই গমেই নাপালে |
দমকলৰ কাষৰ চিকুণ বেৰখনত কুমজেলেকুৱাই বাঁহ সাজি ৰৈছিল | কুমজেলেকুৱা বোৰ গুচাই দিয়াৰ পাছতো বেৰখনত এক এঠা এঠা ভাব এটা লাগি ৰৈছিল | একেই এঠা এঠা ভাব এটাই ৰাজত্ব কৰি কাকলী আৰু অৰ্ণবৰ সম্পর্ক টো সুক্ষ্ম ভাবে আগবঢ়াই নিছিল | তাৰ পাছত সকলো একে চিৰ পৰিচিত , যুগ যুগান্তৰ ধৰি চলি অহা নিয়মানুৱৰ্তীতাৰ পুৰাতন পুনৰাবৃত্তি | অর্ণব ডাঙৰ হৈছিল | দীঘলী পুখুৰীৰ পাৰৰ নির্জন চুক নতুবা ব্ৰহ্মপুত্ৰৰ বালিচৰৰ কহুৱাৰ সিপাৰৰ নিষিদ্ধ স্থানত প্ৰেয়সীৰ সৈতে গধুলি অতিবাহিত কৰি টিউচন ক্লাছৰ এক্সট্ৰা নোট বিচৰা বুলি ফাকি দিব পৰা হৈছিল |লগৰীয়াৰ লগত অ'ল্ড মংক অথবা হুইস্কিৰ পেগত দীঘলীয়া চুমুক দি ইমপৰ্টেড ফৰেইন বডিস্প্রে লগাই দোভাগ ৰাতি মোৰ ভোক নাই বুলি শুই থাকিব পৰা হৈছিল | তাৰ পাছত আৰু বহু কিবা কিবি ........
কাকলিৰ চিন্তাৰ স্তিমিত পৰিধি আৰু অৰ্ণবৰ চৰিত্ৰৰ বিন্যস, স্বয়ম্ভু বৈপৰীত্যৰ ব্যৰ্থ প্রকাশ হৈ জিলিকি ৰৈছিল |
কলিকতাত কৰ্মৰত অনির্বানৰ স্বঘোষিত স্বাধীনতা, খেয়ালী মেজাজ আৰু নিৰুদ্বেগ জীবনশৈলীৰ অজুহাতত , কাকলিৰ আত্ম- নিয়ন্ত্ৰণৰ বাহিৰত অৰ্ণৱে মুক্ত বিহংগৰ দৰে গোটেই পৃথিৱী খনকে নিজৰ ইচ্ছাৰ অধীন কৰি লোৱাৰ আত্মভ্রম আৰু তন্দ্রাত বিভোৰ হৈ স্বৈৰাচাৰী হবলৈ ধৰিছিল|
তাৰ ঠিক্ মাজতে ! অ' ! মাজত নহয় সমান্তৰালভাবে ঘটি গৈছিল লৌকিক জীৱনৰ স্বয়ংক্রিয় পুনৰাবৃত্তি .......
কলিকতাৰ পৰা অহা বেচ চুটী কিন্তু বেদনাগধুৰ ফোন ........
কাকলিয়ে শৰীৰ আৰু মনৰ সমস্ত শক্তিৰে ভৰ দি উৰি গৈছিল অনিৰ্বানৰ ওচৰলৈ |
দীনবন্ধু হস্পিতালৰ অষ্ট্রোপচাৰ কক্ষৰ ৰঙা লাইটৰ নিস্তেজ পোহৰত কাকলিৰ কপালৰ ৰঙা ফোঁটটো চালভাদাৰ ডালিৰ "Persistence of memory" ৰ দৰে যেন ক্রমাৎ গলিবলৈ ধৰিছিল | হস্পিতালৰ ঔষধৰ বিষাক্ত গোন্ধৰ মাজেৰে ৱাৰ্ড বয়ে চকা লগোৱা ট্ৰলী খনত অনির্বানৰ নিঠৰ দেহ টানি লৈ আহিছিল | ট্ৰলীখনৰ চকাটোৰো ঠিকে একেই শব্দ আছিল ঘৰ ঘৰ ঘৰ ঘৰ .........
দেউতাকৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতো অর্ণবে এলেহুৱা ভাব এটাৰে এদিন দেৰিকৈ কাকলিৰ ওচৰত থিয় দিছিল | তাৰ মুখত নাছিল কোনো দুখ অথবা আক্ষেপ নাইবা বিচ্ছেদৰ অভিব্যক্তি| কাকলিয়ে অৰ্ণবৰ দুচকুত দেখিছিল অচিন জড়তা , প্রাপ্ত বয়স্ক এক কঠিন দৃঢ়তা |
কালীঘাটৰ বাৰোৱাৰী শ্মশানত অনির্বানক সৎকাৰ কৰা হৈছিল| দপ দপকৈ জ্বলি উঠা চিতাৰ জুইত কাকলিয়ে দেখা পাইছিল ডেউকা ভগা এটা ফিনিক্স পক্ষীৰ ভয়াৰ্ত চিৎকাৰ | কুণ্ডলী পকাই উজাই যোৱা ধোঁৱা বোৰত আর্ট গেলাৰীৰ দুর্বোধ্য চিত্ৰবোৰে যেন হাঁহি হাঁহি নাৰকীয় ভংগীমাৰে তাইলৈ তাচ্ছিল্যৰ দৃষ্টি নিক্ষেপ কৰিছিল | দুখ আৰু বিচ্ছেদৰ ভৰত ক্লান্ত কাকলি শ্মশানতে ঢলি পৰিছিল | তাৰ পাছত ........
সকলো একে স্বয়ংক্রিয়, চিৰাচৰিত আৰু পুনৰাবৃত্তিৰ অভিযোজন | অর্ণবে দেউতাকৰ চাকৰিটো পাইছিল | এবছৰ পাছত ময়ুৰী আহিল সিহঁতৰ মাজত | অৰ্ণবৰ বিয়াৰ দিনা লগত মাকক নিবলৈ বৰকৈ জোৰ কৰিছিল |
“মাক বোৰে পুতেকৰ বিয়া চাব নাপায় অ সোণ "
কাকলিয়ে বহুত কষ্টেৰে সামাজিক নিয়মৰ চৰ্ত সমূহ অর্ণবক দৃঢ়তাৰে বুজাইছিল | “You are too old fashioned মা" - এই বুলি সি খঙত মাকক সেৱা নকৰাকৈ গাড়ীত উঠিছিল |
ৰভাতলীত কাকলি নিশ্চুপ হৈ ৰৈ গৈছিল | বুকুৰ ভিতৰত উৎপত্তি হোৱা হেজাৰটা দুখে বাট বিচাৰি হাহাকাৰ কৰি দুচকুৰে নিগৰি আহিছিল | অজস্র ভীৰৰ মাজত কাকলি এটা স্থানুৰ দৰে অপৰিবর্তিত হৈ ৰৈ গৈছিল | তাৰ পাছত ......
বহুদিন পাছত নিজৰ নাৰী মনৰ Sadistic pleasure ক সাৰ পানী দিবলৈ কাকলিয়ে বিয়াৰ ভিডিও টো চাব বিচৰাত অৰ্ণৱে memory card খন হেৰুৱা বুলি মিছা মাতিছিল | এই যে বিয়াৰ দিনাৰ পৰা memory card খন হেৰুৱাৰ মাজৰ সময় খিনিতে কিবা এটা ঘটিছিল| কৰবাত যেন ছন্দপতন ঘটিছিল। Fighter jet এখনে আকাশৰ মাজত বগা ৰেখা অংকন কৰি পাৰ হৈ যোৱাৰ দৰে .....
ময়ুৰীৰ প্রবেশে ক’ৰবাত অদৃশ্য ৰেখা অংকন কৰিছিল | অৰ্ণব আৰু কাকলিৰ দুই মেৰুৰ স্থিতিৰ মাজত ময়ুৰীয়ে সন্তৰ্পনে বহুৱাই দিছিল Probability ৰ permutation combination ৰ সুত্র | একেটা ঘৰত বাস কৰা তিনিওটি প্ৰাণীৰ মাজত আহি গৈছিল অস্বাভাবিক মানসিক দুৰত্ব | অর্ণব আৰু কাকলিৰ মাজত যেন কোনেও কাৰো চিঞৰ শুনা নোপোৱা বহুযোজন বাট | এনেকৈয়ে এদিন ....... বেংকৰ Account বহীটো বিচাৰি থাকোতে কাকলীৰ হাতত ধৰা দিছিল এখন মেইলৰ প্রতিলিপি|
To,
The,
Zonal Director,
Legal Metrology
North Eastern Region
Raani Bag, Kolkata
Sub : Prayer for rejoining at Head Office ...........
with Regards
Arnab Sensowa
c/o Late Anirban Sensowa
অর্ণবে দেউতাকৰ মৃত্যুৰ পাছত অকলশৰীয়া মাকক সংগ দিবলৈ নিজে জোৰ কৰি চাকৰিটো গুৱাহাটীত হোৱা কৰি লৈছিল | মাকক সংগ দিবলৈয়ে নে!!!
নে নিজৰ বাকদত্তা ময়ুৰীৰ ওচৰত থাকিবলৈ!!!!!!!!!
নিসংগ গধূলিবোৰ উদযাপন কৰিবলৈ!!!!!!!!
প্রকৃততে Youtube ৰ video বোৰত আবির্ভাব হোৱা অলাগতিয়াল, অতিৰিক্ত আৰু বিৰক্তিকৰ বিজ্ঞাপন বোৰ Skip কৰাৰ দৰে অৰ্ণব আৰু ময়ূৰীয়েও কাকলিক দুৰ কৰাৰ সিদ্ধান্ত বহু আগতেই লৈ থৈছিল |
দর্খাস্ত খন পঢ়ি কাকলি বহুপৰ তাতে মৌন হৈ থিয় দি আছিল | জীৱনৰ দীঘ , প্রস্থ, আয়তন ৰ calculation কৰিব নজনা বা কৰিব লাগে বুলি কাহানিও গুৰুত্ব দিব লাগে বুলি বিশ্বাস নকৰা কাকলিৰ চকুৰ আগত বহু কথাই স্পষ্ট ৰূপত ধৰা দিছিল | তাৰ ঠিক দুদিন পাছত অর্ণবে বহুত অক্ষেপেৰে কৈছিল- “মই নোৱাৰিলো জানা মা! বহু Request কৰাৰ পাছতো মোৰ Transfer টো Stay নহ’ল | Director চাৰৰ অৰ্ডাৰ টো আমাৰ দৰে তলতীয়া কৰ্মচাৰীয়ে পালন কৰিবই লাগিব" |
কাকলিয়ে নিশ্চুপ হৈ থাকি মিছা বোৰ সঁচা বুলি ভাবি শুনি গৈছিল | শুনিছিল নে! শুনাৰ আৰু ভালদৰে বুজি পোৱাৰ পাকৈত অভিনয় কৰিছিল!
টেটুলৈ উজাই অহা দুখবোৰ কেবল সেপ ঢুকি গিলি থৈছিল | কোঠাটোৰ বেৰত চুচৰি ফুৰা অকলশৰীয়া জেঠীটোৰ দৰে তাই কুচি মুচি চকীখনত বহি শুনি গৈছিল অৰ্ণবৰ অকপট স্বীকাৰোক্তি বোৰ৷
বাইদেউ ........
বনকৰা মালতীৰ মাতত কাকলিৰ সম্ভিদ ঘূৰিল। চোতাল খনত টয়টা খনৰ চকাৰ চিন স্পষ্ট হৈয়ে আছে |
তাই অতি সাবধানে সেই চিনবোৰত ভৰি নিদিয়াকৈ ভিতৰলৈ সোমাই আহিল |
“তই যা গৈ মালতী"
“কিন্তু, নিশাৰ ভাত!!"
“আজি আৰু ভাতৰ আয়োজন কৰিব নেলাগে"
“মোৰ ভোক নাই"
“আৰু শুন ! যাওতে মূল দর্জা খন জপাই থৈ যাবি"।
বনকৰা মালতী গ'লগৈ। গোটেইবোৰ মানুহ প্রায় একেলগে ওলাই গ'ল | ঘৰটো নিজম পৰি গ'ল।
কাকলি পাছফালৰ বাৰাণ্ডালৈ আহিল | মাধবীলতা এজোপাই ব্যাকুল ভাবে অনির্দিষ্ট বিন্যাসত গোটেই গ্ৰীলখন আগুৰি লৈছে | পশ্চিমৰ আকাশত থিয় হোৱা ৰান্ধনি বেলিৰ পোহৰখিনি মাধবীলতাৰ অবিন্যস্ত পাতবোৰে ফালি চিৰা -চিৰি কৰি দিছে | বেলিৰ ভগ্নপ্রায় নিস্তেজ ৰঙচুৱা পোহৰৰ আংশিক ভাগবোৰ কাকলিৰ গালে মুখে চিটিকি পৰিছে | বাৰাণ্ডাত থকা দীঘল পুৰণি চোফাখনত কাকলি বহি পৰিল | ময়ুৰীয়ে বিয়াত অনা ডানলোপ ছেটযোৰ মূল ঘৰৰ ড্রইং ৰুমত সোমোৱাৰ পাছত পুৰণি চোফাযোৰ অর্ণবে আনি পাছফালে স্থান দিছিল | অৰ্ণবৰ ল’ৰালিৰ দুষ্টালিৰ কেতবোৰ কৃতিত্ব এতিয়াও এই চোফাখনত স্পষ্ট হৈ জিলিকি আছে|
বিয়াৰ আগত, এটা সময় আছিল, কাকলিয়ে গল্প আৰু কবিতা লিখি ভাল পাইছিল। তাইৰ অপৈণত হাতেৰে লিখা গল্পবোৰ ছপা আখৰত চোৱাৰ বৰ হেঁপাহ আছিল | বিভিন্ন কাকতত গল্পবোৰ প্ৰেৰণ কৰাৰ পাছতো কোনো কাগজত প্রকাশ কৰিব নোৱাৰা কাকলিক সান্ত্বনা দিবলৈ, দেউতাকে নিজে সন্ধ্যা প্ৰেছৰ হৰগোবিন্দ টাইপিষ্টৰ হতুৱাই গল্প এটা টাইপ কৰি আনি কাকলিক উপহাৰ দিছিল | সেই ছপা কৰা গল্প বোৰত হৰগোবিন্দ টাইপিষ্টে কৰা বর্ণ আৰু যুক্তাক্ষৰৰ ভুল বোৰ দেখি কাকলি ব্যাথিত হৈছিল | আৰু আজি ........ সুদীর্ঘ ৫৯ বছৰ গৰকা, জীবনৰ আধা বয়স পাৰ হোৱা কাকলিৰ নিজৰ জীবনৰ বৃহৎ কলেৱৰৰ উপন্যাসৰ প্রতিটো পৃষ্ঠা তাইৰ চকুৰ আগত ভাহি উঠিল | জীৱনৰ প্রতিটো পৃষ্ঠাই যেন বিভিন্ন সূক্ষ্ম ভুলৰ সমষ্টি | জীৱনৰ প্রতিটো চৰ্ত, প্রতিটো দাবী আখৰে আখৰে পালন কৰি যোৱা কাকলি আজি নিজে এক সুদীর্ঘকালীন ভুলৰ যেন জীবন্ত প্রতিলিপি | কাকলি ক্লান্ত হৈ পৰিল | অনির্বানলৈ আজি তাইৰ বৰ মনত পৰিছে | জীৱন যুদ্ধত তাই বৰ বেয়াকৈ পৰাস্ত হ'ল | খং, ক্ষোভ, আবেগ আৰু বিতৃষ্ণাত তাই দীঘল চোফা খনতে yamcha Pose ত বাগৰি পৰিল | দুচকুৰে বাগৰি আহিল এহাল সোনোৱালী অশ্রু ধাৰ | কাকলিয়ে কানেৰে শুনি গ'ল সন্ধ্যা প্ৰেছৰ হৰগোবিন্দ্ টাইপিষ্টিৰ টাইপৰাইটাৰৰ বিকৃত তান খট, খট, খট, খট, .........
****