নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ড° চুলতান আলী আহমেদ
https://www.oisanuemagazine.in/
অসমৰ লোক-বাদ্যৰ️ অন্যতম আনুষংঙ্গিক বাদ্য ‘টকা'
~ অজয় বৰুৱা, দৰং ~
জাতি এটাৰ লোক-সংস্কৃতিৰ অপৰিহাৰ্য উপাদান হ'ল লোক-বাদ্য। লোকবাদ্য অর্থাৎ জনসাধাৰণৰ বাদ্যবোৰ পৰিবেশ্য কলা বা লোক-কলা ‘নাট' আৰু নৃত্য-গীতৰ সমলয়েৰে পৰিবেশন সুমধুৰ কৰিবলৈ ব্যৱহৃত বাদ্যযন্ত্ৰ। বাদ্যযন্ত্ৰ চহাসকলৰ সৃষ্টি। ঢোল (জয় ঢোল, বৰ ঢোল, ঢেপা ঢোল, বিহুৰ ঢোল) খোল, মৃদংগ, ঢাক, দুন্দুভি, ডাব, মাদল, নাগাৰা, পেঁপা, শিঙা, গগনা, সুতলি, টকা, দোতোৰা, একতাৰা, সাৰিন্দা, খোল, ঢুলকী, বাঁহী, খঞ্জৰী, শিঙা, ভোৰতাল, মৃদংগ, টোকাৰী, শংখ, লহৰী, পাখোজাজ ইত্যাদি।
টকা সজা কৌশল আৰু নিয়মঃ
অসমৰ লোক-উৎসৱ বিহু মূলত গীত, নৃত্য আৰু বাদ্যযন্ত্ৰৰ সমাহাৰ। ঢোল, তাল, গগণা, সুতলি আদিৰ লগতে অতিকে প্ৰয়োজনীয় বাদ্য হ’ল টকা। অসমীয়া সংস্কৃতিৰ নিজস্ব সম্পদৰূপে খ্যাত এই ‘টকা' অসমৰ জন-জীৱনে অতি কম খৰচতে, সময়তে সাজি লৱ পৰা এবিধ লোকবাদ্য। কৃষিজীৱী অসমীয়াই শস্যক্ষেত্রক জীৱ-জন্তু, চৰাই চিৰিকটি আদিৰ পৰা ৰক্ষা কৰিবৰ বাবে বাঁহ ফালি ‘টকা' ৰূপত ব্যৱহাৰ কৰি ডাঙৰ শব্দৰ উৎপত্তি কৰি ভয় খুৱাইছিল। জীৱন-নিৰ্বাহত ব্যৱহৃত এই সজুঁলিবোৰ কালক্ৰমত জন-জীৱনে পালন কৰা লোক-উৎসৱবোৰত বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিল। ‘টকাও' এনে এবিধ বাদ্যযন্ত্ৰ। অসমৰ জাতীয় উৎসৱ বিহুত, বিশেষভাৱে ৰঙালী বিহুত, এই ‘টকা' ব্যৱহাৰ অপৰিহাৰ্য। ৰঙালী বিহুত ঢোল, পেঁপা, গগণা, তাল, সুতুলি আদিৰ দৰে ‘টকা’ ৰ টক্ টক্ স্বকীয় মাতেৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিহু নামত প্ৰাথমিক তাল আছিল হাত চাপৰি আৰু কালক্ৰমত এই হাত চাপৰি চন্দ্রটোকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হয়। প্রাচীন কালৰ পৰা প্রচলত হৈ অহা এই ‘টকা' বৰ্তমান সময়তো বিহুৰ এক অঙ্গাঙ্গী বাদ্য।
ইফালে টকাৰ মাত সিফালে টকাৰ মাত
মাজত সোলোক গুৰি সুঁতি।
টকাৰ মাত শুনি বাঢ়িল চতিয়না
পুলিয়ে ধৰিলে গুজি।।
‘টকা' বাঁহেৰে সজা হয়। টকা এটা সাজিবলৈ এজন নিপুণ বাঢ়ৈৰ প্রয়োজন নাই বা ই ব্যয়বহুল নহয়। আগলি বাঁহৰ দুমূৰে গাঁঠিযুক্ত পাব এটা অক্ষত অৱস্থাত ৰাখি গুৰিৰ ফালে ঠিক সোঁমাজেৰে ফালিব লাগে। বিশ ইঞ্চি মান দৈঘ্যৰ এই বাঁহৰ পাঠটো (ঠাইভেদে বেলেগ জোখৰো হয়) সাৱধানে তলৰ গাঁঠিটো নফলাকৈ সোঁমাজত ফালিব লাগে আৰু আগলি মূৰৰ ফালে সাত -আঠ ইঞ্চিমানৰ ওপৰত দুয়োফালে কৌণিক ৰূপত কাটি এৰুৱাব লাগে। পাট দুটা হাতেৰে ধৰাৰ সুবিধা কৰি মিহিকৈ এনেদৰ চঁচা হয় যে এচটাৰে আন এচটাৰ ওপৰত আঘাত কৰিলে টক্ টক্ শব্দ হয়। বাঁহেৰে সজা এই সৰু বাদ্যটোৰ পৰা টক্ টক্ শুৱলা শব্দ ওলায় বাবে হয়তো ইয়াক টকা বোলে। এই বাদ্যটো সাধাৰণতে গাভৰু সকলে বিহু মাৰোতে ব্যৱহাৰ কৰে। কিন্তু হুচৰি বা মুকলি বিহু মাৰোতে ডেকা সকলেও ব্যৱহাৰ কৰে।
ঔৰে গছতে মৌৱে বাহ ল'লে
ককাই পাৰি দিয়া খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ। ।
বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত টকাৰ ব্যৱহাৰঃ
অসমত বাস কৰা প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীয়ে অন্যান্য লোক-বাদ্যৰ দৰে টকাৰ ব্যৱহাৰ কৰে। অৱশ্যে জনগোষ্ঠী ভেদে ইয়াক ব্যৱহাৰ কৰা উৎসৱ-পার্বন বা ইয়াৰ নাম ভিন্ন দেখা যায়। তলত কেইটামান জনগোষ্ঠীয়ে কেনেকৈ টকা ব্যৱহাৰ কৰে তাৰ বিষয়ে দিয়া হ'ল।
মিচিংঃ
মিচিং সকলে টকাক “কক্ তেৰ টকা" বোলে। ই তেওঁলোকৰ বহুমূলীয়া বাদ্য যাৰ দ্বাৰা মিচিং ডেকা-গাভৰুৱে ঐনিতম্ গাই গাই বিহুমাৰোতে ব্যৱহাৰ কৰে। ইয়াক তেওঁলোকে লেহুকাকৈ আগলি বাঁহৰে সাঁজি লয়।
দেউৰীঃ
দেউৰী সকলে প্ৰধানকৈ হুঁচৰি গাওঁতে টকা ব্যৱহাৰ কৰে। তেওঁলোকে হুঁচৰি গাঁওতে গৃহস্থৰ পদূলিত পুতি লোৱা বাঁহ ডালত প্ৰত্যেকেই লগত অনা সৌকা বেতেৰে কোবাই ঢোলৰ ছেৱত নাচে। পূৰ্ণ আগ থকা আৰু পবিত্র স্থানৰ পৰা অনা বাঁহৰ ইয়াত ব্যৱহাৰ কৰে।
বড়োঃ
বড়ো সকলে টকা “থৰকা" বা “ওৱাখোৱা" বুলি কয়। বড়ো সকলে ব'হাগ বিহুত ঘৰে ঘৰে বিহু মাৰোতে নৃত্য-গীতৰ লগত ব্যবহৃত এই “থৰকা" ভলুকা বাঁহৰ পৰা সাজি উলিয়ায়।
সোণোৱাল-কছাৰীঃ
এওঁলোকে ব্যবহৃত বা উৎসৱ আদিত পৰিবেশন কৰা টকা সাধাৰণ টকাতকৈ যথেষ্ট ডাঙৰ। তেওঁলোকৰ বিশ্বাস “বালি ৰজা দোমাহীত" টকা ৰূপত নটা গাঁঠি আৰু নটা পাবযুক্ত বাঁহ তিনি বা চাৰিযোৰ বাঁহৰ খুঁটাৰ ওপৰত বান্ধি ঘৰে ঘৰে হুঁচৰি গাঁওতে লৈ ফুৰা বাঁহডাল মানৱ দেহৰ নৱ-গ্রন্থৰ প্ৰতীক।
নিৰ্মোহ আমোদ-প্রমোদ, পবিত্র বিহু বা হুঁচৰিৰ সামৰণী অনুষ্ঠানত প্রায় সকলো জনগোষ্ঠীৰ লোকে কৃষি কাৰ্যত নিয়োজিত হবলৈ “উৰুৱা" নামৰ সামৰণি অনুষ্ঠান পাতি ৰীতি-নীতিৰে টকা এটি বা ভাটি থৈ আহে। যিটো অসমীয়া সাংস্কৃতিক পৰম্পৰা। অসমৰ লোক-সংস্কৃতিৰ এই আপুৰুগীয়া লোক বাদ্যটিৰ মূল্যায়ন যাতে কোনো কালে হেৰ-ফেৰ নহয় বা নগন্য বুলি অৱহেলা নকৰে তাৰ প্রতি সচেতন হৈ স্বকীয়তা বজায় ৰখাটো আমাৰ দায়িত্ব।
****