ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
~ পিংকু হাজৰিকা~
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া জাতিৰ হিয়াৰ আমঠু।এনে এগৰাকী আজীৱন জীৱন- শিল্পী, সংস্কৃতি-শিল্পী আৰু জনতাৰ শিল্পীয়ে অসমীয়া ভাষা আৰু সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনো চহকী কৰি থৈ গৈছে।অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি থৈ গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ'ব।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত তামোলবাৰী চাহ বাগিচাত জন্ম হয়। পিতৃ নাম পূৰ্ণানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা।১৯২১ চনত তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিক বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ অসহযোগ আন্দোলনত যোগদান কৰে । তেওঁ চিত্তৰঞ্জন দাসৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰে। কলিকতাৰ নেশ্যনেল কলেজত আই .এ পঢ়ে। কিন্তু স্বাধীনতা আন্দোলনৰ ধুমুহাত জাতীয় বিশ্ববিদ্যালয়ৰ কাম কাম- কাজ বন্ধ হৈ যোৱাত কলেজীয়া শিক্ষাৰ সমাপ্তি হয়।১৯২৭ চনত তেওঁ গৈ ইংলেণ্ড পায় আৰু তাত এডিনবাৰ্গ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। তেওঁ তাত প্ৰথমে অৰ্থনীতি, আইন,সংস্কৃত আৰু পিছত দৰ্শন আৰু অৰ্থনৈতিক , ইতিহাস অধ্যয়ন কৰে। কিন্তু তাত তেওঁৰ এই শিক্ষা অসম্পূৰ্ণ হৈ ৰল। তেওঁ কোনো ডিগ্ৰী লাভ কৰিব নোৱাৰিলে। অৱশ্যে তাত থাকি বিশ্ব সংস্কৃতিৰ লগত পৰিচিত হৈছিল।জাৰ্মানীত সাত-মাহ ফিল্ম-শিল্প সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰে।১৯৩০ চনত স্বদেশলৈ উভতি আহে।
বিয়াল্লিছৰ আন্দোলনত জ্যোতিপ্ৰসাদৰ ভূমিকা বিশেষ ভাৱে উল্লেখযোগ্য।১৯২১ চনত বিলাতৰ পৰা ঘূৰি আহি অধিক অসম আন্দোলনত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।১৯৩২ চনত ১৫ মাহ সশ্ৰম কাৰাদণ্ড আৰু ৫০০ টকা জৰিমনা কৰিলে।
স্বাধীনতা সংগ্ৰামত জ্যোতিপ্ৰসাদে কৰা পাৰিশ্ৰমৰ কাৰণে তেওঁ জনাসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰো। আনকি প্ৰাদেশিক বিধান পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হওঁতে জ্যোতিপ্ৰসাদ আগৰৱালাক কংগ্ৰেছে প্ৰাৰ্থী মনোনীত কৰিছিল। কিন্তু তেওঁ মনোনয়ন পত্ৰ দাখিল নকৰিলে।কাৰণ তেওঁ দলীয় ৰাজনীতিত প্ৰতি বিশেষ আসক্তি নাছিল।
১৯৩৬ চনত জ্যোতিপ্ৰসাদে ডিব্ৰুগড়ৰ দেৱযানী ভূঞাৰ লগত বিবাহ পাশত আবদ্ধ হয়।সময়ত জ্যোতিপ্ৰসাদৰ দুটা ল'ৰা আৰু পাঁচজনী ছোৱালী জন্ম হয় । তেওঁ লোক হ'ল ক্ৰমে - জয়শ্ৰী,জ্ঞানশ্ৰী, সত্যশ্ৰী,চিন্ত্ৰাম,বিশ্বেন্দু,হেমশ্ৰী আৰু মনশ্ৰী।
ছাত্ৰাৱস্থাত ১৪ বছৰ বয়সত শোণিত কুঁৱৰী নাটকখন তেওঁ ৰচনা কৰে। ১৪ -২১বছৰৰ ভিতৰত জ্যোতিপ্ৰসাদে কেইবাটাও চুটি গল্প ৰচনা কৰে।১৯৩৪ চনত ভোলাগ্টৰি চাহ বাগিচাত অস্থায়ীভাৱে চিত্ৰবন ষ্টুডিঅ' সাজি প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰে।প্ৰায় এবছৰৰ ধৰি জয়মতীৰ চিত্ৰ গ্ৰহণৰ কাম চলে । জয়মতী কথাছবিয়ে তেওঁক ক্ষতিগ্ৰস্ত কৰাত ১৯৩৯ চনত অতি কম খৰচতে ইন্দ্ৰ মালতী নামে সামাজিক ফিল্ম উলিয়াই অসমীয়া ফিল্ম-শিল্পৰ ইতিহাস ৰচনাত বৰঙণি যোগায়।চিনেমাৰ সমান্তৰাল ভাৱে জ্যোতিপ্ৰসাদে গীত , কবিতা , চুটিগল্প আৰু নাটক আদিও লিখি গৈছিল।১৯২৪ চনৰ পৰা ১৯২৬ চনৰ ভিতৰত তেওঁ কাৰেঙৰ লিগিৰী নাট লিখে।১৮৩৬ চনত তেওঁৰ তৃতীয় খন নাটক ৰূপালীম লিখি সম্পূৰ্ণ কৰে ।১৯৩৭ চনত বাণ থিয়েটাৰত এই নাটকখন মঞ্চস্থ কৰা হৈছিল।১৯৪০ চনত তেজপুৰত জ্যোতিপ্ৰসাদে এখন আগশাৰী সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। এইদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াইছিল।
১৯৪৪ চনত "দৈনিক অসমীয়া" নামৰ কাকতখনৰ সম্পাদক বহন কৰে আৰু সাত মাহ দায়িত্বত থাকি অসমৰ জাতীয় সমস্যাসমূহবোৰ উত্থাপন কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ আন্দোলনত সহায় কৰে আৰু বিশ্ববিদ্যালয়ৰ স্থাপত্য কেনে হোৱা উচিত তাৰ নক্সাও দিছিল। ১৯৪৫ চনত স্বাস্থ্যজনিত কাৰণত সম্পাদকীয় দায়িত্বৰপৰা অব্যাহতি লৈ ডিব্ৰুগড়ত তামোলবাৰী চাহ বাগানত থাকিবলৈ লয়।মাত্ৰ আঠচল্লিশ বছৰ বয়সত ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰে। ৰূপকোঁৱৰৰ মৃত্যু অসমীয়া জাতিৰ অপূৰণীয় ক্ষতি। তেওঁৰ সাধনাৰ আহি আমাৰ আহি হওক।
***বিভিন্ন গ্ৰন্থৰ সহায় লৈ
*****