ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
মধুস্মিতা দাসৰ সাফল্যত উৎফুল্লিত হাউলী
E-Creation ৰ আয়োজনত সঞ্চালক ইনজামুল হক আৰু সহ কৰ্মী চিপন দাস, সবিতা দাস, বিপুল কঠাৰে মিলি মিষ্টাৰ প্ৰজ্ঞা আৰু মিচ প্ৰজ্ঞা of Assam 2021 এক সৌন্দৰ্য্য প্ৰতিযোগিতা আয়োজন কৰে। উক্ত প্ৰতিযোগিতাটিত মুখ্য অতিথি হিচাপে আছিল নৱজ্যোতি বৈশ্য আৰু অজয় মালাকৰ, বিচাৰক পাহাৰী মেধী ( actor-model)আৰু প্ৰবিৰ শৰ্মা (International Fitness Trainer)উপস্থিত আছিল লগতে প্ৰশিক্ষক হিচাপে আছিলে জিয়ান ৰয় ।
উক্ত প্ৰতিযোগিতাটিত বিজয়সকলৰ নাম হল পুৰুষ শাখা বিজয়ী প্ৰসেণজিত দাস, মহিলা বিজয়ী মধুস্মিতা দাস, কিশোৰ-কিশোৰী শাখাৰ বিজয়ী অনুষ্কা ভৌমিক,শিৱৰাজ দাস শিশু শাখাৰ বিজয়ী হৃত্তিক দাস, মনালিছা চৌধুৰী বিবাহিত মহিলা শাখাৰ বিজয়ী অজন্তা মহন্ত ।
উক্ত প্ৰতিযোগিতা সমূহ অসম ভিত্তিত আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাটিত সৰ্বমুঠ ৭৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।উক্তি প্ৰতিযোগিতাটিত তৃতীয় লিংগৰ লোসকলোকো এক সমমৰ্যদা দিবলৈ চেষ্টা কৰা গৈছিল আৰু সেইবাবে তাত মুখ্য অতিথি হিচাপে আছিলে চুমণ মণ্ডল (Transgender)আৰু লগতে ঋষিদ্ধ্যা শংকৰিশ্যান (Transgender) উপস্থিত আছিল।
উল্লেখযোগ্য যে মিচ প্ৰজ্ঞা মধুস্মিতা দাস বৰপেটা জিলাৰ অন্তৰ্গত হাউলীৰ হেমেন দাস আৰু নিভা দাসৰ জ্যেষ্ঠ জীয়ৰী। তেখেত বি এইচ কলেজৰ জীৱ বিজ্ঞানৰ ছাত্ৰী।
--- সংবাদ বিতুমণি বৰ্মন