ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
গল্পগুচ্ছ
অপেক্ষা
~নন্দিতা দাস~
মই দৌৰা-দৌৰিকৈ স্কুললৈ যাবলৈ ওলালোঁ। ঘৰৰ নঙলা পাৰহৈ আলিবাট পাওঁতে দেখিলো যে আলিবাটৰ কাষৰ ঘৰটোৰ সন্মুখত School-Uniform পিন্ধি বেগলৈ মৰম লগা মিঠা বৰণৰ ল’ৰা এজন ৰৈ আছে। আগতে ল’ৰাজনক দেখা মনত নপৰে। পিছদিনাখনো দেখিলো লৰাজনে স্কুলৰ পোছাক পিন্ধি ঘৰৰ সমুখত ৰৈ আছে। এইদৰে কেইবাদিনো ল’ৰাজনক ঘৰৰ সমুখত স্কুল-ইউনিফৰ্ম পিন্ধি ৰৈ থকা দেখিলোঁ। মই সদায় স্কুলত প্ৰাৰ্থনা আৰম্ভ হোৱাৰ আগতে যাওঁ। প্ৰাৰ্থনাত উপস্থিত থাকিলে গোটেই দিনটোৰ বাবে মনটো ভাল লাগি থাকে। কেতিয়াবা ঘৰৰ কাম কৰা বাইজনী আহোতে দেৰি কৰিলে মোৰ স্কুললৈ যাওঁতে অলপ দেৰি হৈ যায়, তেতিয়াও কিন্তু মই ল’ৰাজনক ঘৰৰ সমুখতে ৰৈ থকা দেখোঁ। এনেদৰে দিনবোৰ পাৰ হৈ গৈ থাকিল। এদিন স্কুললৈ যাওঁতে মই ল’ৰাজনক সুধিলোঁ, বাবা তোমাক আগতে দেখা নাই! ল’ৰাটোৱে ক’লে, “আমি এই ঘৰটোলৈ নতুনকৈ আহিছোঁ”। তাৰ পিছত মই স্কুললৈ গুছি গ’লোঁ। এনেকৈ বহুদিন পাৰহৈ গ’ল। সদায় ল’ৰাজনক স্কুললৈ ওলাই যোৱাৰ সময়ত দেখা পাওঁ, ল’ৰাজনে মই দূৰত থাকিলে মোলৈ লক্ষ্য কৰে কিন্তু ওচৰ পালেই চকু ঘূৰাই দিয়ে। স্কুলত প্ৰথম পিৰিয়দটো কৰাৰ পিছত যেতিয়া শিক্ষক জিৰণিকোঠাত বহোঁ কেতিয়াবা সেই মিঠা বৰণৰ মলিন মুখৰ ল’ৰাটোৰ মুখখন মোৰ চকুত ভাঁহি উঠে। সন্ধিয়া সময়ত মই প্ৰায়ে আলিবাটলৈ ওলাই আহোঁ। প্ৰতিদিনে ল’ৰাজনে সিহঁতৰ ঘৰৰ খিৰিকীৰে বাহিৰলৈ বিশেষকৈ আমাৰ ঘৰৰপিনে চাই থাকে। মই এটা কথা মন কৰিলো যে কেতিয়াবা হঠাৎ মোৰ স্কুললৈ যাওঁতে অলপ দেৰি হ’লেওঁ দেখো ল’ৰাজনে ঘৰৰ সন্মুখত ৰৈ থাকে, মই স্কুললৈ যোৱাৰ পিছতহে স্কুললৈ যায়। ল’ৰাজনক লক্ষ্য কৰি দেখিলোঁ যে, ল’ৰাটোৰ মুখখন সদায় মলিন হৈ থাকে। সন্ধিয়া সময়ত সি সদায় খিৰিকীৰ কাষত বহি যেন কাৰোবালৈ অপেক্ষা কৰি থাকে। আমাৰ ঘৰত মই আৰু মোৰ স্বামীৰ বাদে অইন কোনো নাথাকে। তেখেত চিকিৎসালয়, ৰোগী, অপাৰেচন আদি লৈয়ে ব্যস্ত হৈ থাকে আৰু ল’ৰা দুটাও গুৱাহাটীতে থাকে। গতিকে চুবুৰীয়া ল’ৰাটোৱে আমাৰ ঘৰৰ পিনে চাই থাকিবলগীয়া একো কথা নাই। দিন যোৱাৰ লগে লগে কণমানি ল’ৰাটোৰ বিষয়ে জানিবলৈ মোৰ মনটো কুট্কুটাব ধৰিলে। সেয়ে এদিন সন্ধিয়া খিৰিকীৰে চাই থকা ল’ৰাজনক হাত-বাউলি মাতিলোঁ। ল’ৰাজন ওলাই আহিল, তাৰ মলিন অথচ মৰমলগা মুখলৈ চাই নাম আৰু ঘৰত কোন কোন আছে সুধিলোঁ। তেতিয়া সি ক’লে, “আমাৰ ঘৰত মই আৰু দেউতা থাকোঁ। আপোনাক দেখিলে মাক দেখা যেন পাওঁ”। ল’ৰাজন নিৰৱ হৈ পৰিল আৰু তাৰ চকুলো ববলৈ ধৰিলে। মোৰো চকুলো নিগৰি আহিল। মই তাক সাবটি ধৰিলোঁ আৰু চকুপানী মচি দিলোঁ। মৰমেৰে মূৰত হাত বুলাই দিওঁতে সি লাহে লাহে ক’বলৈ ধৰিলে, নদীৰ ওচৰত আমাৰ এখন সুন্দৰ ঘৰ আছিল। দেউতা শিক্ষিত যদিও খেতিয়ক আছিল। আমাৰ সকলো বস্তুৰেই খেতি আছিল। তেল আৰু নিমখত বাদে অইন একো কিনিবলগা হোৱা নাছিল। ঘৰত মা, দেউতা, মই আৰু সৰু ভণ্টি খুব আনন্দেৰে আছিলোঁ। হঠাৎ এদিন ৰাতি প্ৰচণ্ড শব্দ হৈছিল, নদীৰ পানীয়ে আমাৰ ঘৰৰ মাটি খহাই নিছিল, সেই পানীত মা আৰু ভণ্টি উটি গৈছিল। মই দেউতাৰ লগত শুইছিলোঁ বাবে মোক বচালে কিন্তু মা আৰু ভণ্টিক আমি বিচাৰি নাপালোঁ”।
*****