ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
গল্পগুচ্ছ
অনিতাই বিয়াহৈ স্বামী ৰমেনৰ লগত যি চহৰৰ ভাড়া ঘৰলৈ গ'ল তাৰ পিছত তাই আৰু গাঁৱৰ ঘৰখনলৈ উভতি নাহিল। অকলশৰীয়া মাকৰ লগ হওঁক বুলিয়ে ৰমেনে নিজৰ পছন্দত অনিতাক বিয়াপাতি আনিলে যদিও বিয়াত অহা আত্মীয়ৰ আগত মাকে - 'সমস্ত গহনা মোৰ পুত্ৰইহে দিয়া' - বুলি কোৱা কথাটোতে জেদ ধৰি অনিতা গাঁৱৰ ঘৰত নথকা হ'ল ৷ তাইৰ কথা পেলাব নোৱাৰি নিজৰ লগতেই ৰমেনে লৈ গ'ল তাইক চহৰলৈ। তথাপিও ৰমেনৰ মাকে এইবোৰ কথাত অকনো দুখ, অভিযোগ নকৰাকৈ পুত্ৰ-বোৱাৰীয়েকৰ কুশল কামনা কৰিয়ে অকলশৰে দিনবোৰ কটাই আহিছে ! তথাপিও মাজে-সময়ে সমনীয়াৰ আগত, পুত্ৰৰ বন্ধুৰ আগত কয় "নাতি দুটাক এবাৰ দেখা পালে বৰ সুখ পালোহেঁতেন, বোপা!"
… কিছুদিনৰ পিছত ৰমেনৰ লগত সন্তান দুটাকলৈ অনিতায়ো গাঁৱৰ ঘৰত উপস্থিত হ'লহি। নাতি আৰু পো-বোৱাৰীক দেখা পাই মাকৰ মন উগুল-থুগুল। কি খুৱাৱ, ক'ত থব ভিন্ন চিন্তাত বিভোৰ।...দুদিন থাকিয়ে আটায়ে পুনৰ চহৰৰ ঘৰলৈ গুচি গ'ল গৈ!... সন্ধিয়া পৰলৈকে বাৰান্দাত বহি চিন্তান্বিত ভাৱে তামোল চোবাই থকা দেখি ওচৰৰে ভতিজা বোৱাৰীজনীয়ে ওচৰলৈ আহি -" দাদা-বৌ" গ'লেই নেকি আইতা?" বুলি সুধিবহে পালে, ৰমেনৰ মাকে হুক-হুকাই কান্দি থোকাথুকি মাতেৰে ক'লে - "মোৰ বোপাইয়ে ঘৈনীয়েকক লৈ উকিলৰ পৰা লিখি অনা ঘৰ-সম্পত্তিৰ কাগজখনত মোৰ টিপ চহীটোহে নিবলৈ আহিছিল অ' ভতিজা বোৱাৰী !!"…