ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নিয়ম
~মিচেছ কোহিনূৰ বেগম~
পূৰ্ব-পুৰুষৰ পৰা চলি অহা নিয়মৰ
সকলোৱে আদৰণি জনায়,
সেই নিয়মক উলঙ্ঘা কৰি
বহুতে 'বৰলা ' হৈ জীৱন কটায় ।
পশু-পক্ষীয়েও বংশবৃদ্ধিৰ বাবে
নিজৰ নিজৰ পোৱালী জগায়,
অতি কষ্টেৰে খাদ্য খুৱাই
মৰমেৰে আবৰি ৰাখে সদায় ।
নানা ধৰনৰ গছৰ জন্ম
গুটিৰ পৰা গজিয়েই হয়,
সুগন্ধি ফুলৰ সুৱাসে
সেই ঠাই আমোলমোলায় ।
পৈণত বয়সত গছবোৰো
ফল দিয়ে সদায়,
ফল খালেহে মানুহে তেতিয়া
টেঙা-মিঠা সোৱাদ বুজি পায় ।
নিজৰ সূখতে ব্যস্ত থাকি কিছুমানে
সংসাৰৰ বান্ধোনক কৰে ভয়,
নিজৰ পৰিচয় জীয়াই ৰাখিবলৈ
সংসাৰ ধৰ্ম পালন কৰি যায় ।
নয়নৰ কথাৰে
~ইপচিতা চৌধুৰী~
আই, আজি মই শয্যাশায়ী।
বৰ অসহায় হৈ পৰিছো অ' আই আজি
সিহঁতে মোক বৰ বেয়াকৈ মাৰিলে অ'
তইয়ে ক'চোন মোৰ ভুল ক'ত আছিল??
সিহঁতে তোক চৰিত্ৰহীনা বুলি কৈ আছিল
তই বোলে দেউতাক বৰ আমনি কৰিছিলি।
মই সহ্য কৰিব পৰা নাছিলো অ'
খঙত বহুত জোৰকৈ চিঞৰিলো
"মোৰ আইৰ কথা কোনে বেয়াকে কয়" বুলি
সিহঁতে মোক বৰকৈ মাৰিলে আৰু
ইয়াত পেলাই থৈ গ'ল।।
উফ্ বিষতে ককবকাইছো আই
তোলৈ বহুত মনত পৰিছে অ' ,
তইতো এতিয়া তৰাৰ দেশত থাক',
মোলৈ মনত পৰেনে তোৰ??
চাগে মোৰ ওপৰত খঙত কৰিছো এতিয়াও
তোৰ কথা নামানি বেয়া সংগত পৰি
আজি নিজৰে জীৱন শেষ কৰিলো।
কিনো ক'ম তোক মই...
ড্ৰাগছ আসক্ত হৈছিলো
মতলীয়া হৈ পৰিছিলো।
শেষ কৰিলো সকলো নিজেই...
আজি মই চিকিৎসালয়ত,
কোনো নাই মোৰ ওচৰত আজি
কেতিয়াবা কাৰোবাৰ পুতৌ লাগিলে
খাদ্য অকণ যাচে,
নহ'লে দিনৰ দিনটো ভোকত কলমলাও।
এতিয়া ভাবিছো যদি উভতি যাব পৰা হলে...
তোৰ কোলাত এবাৰ মূৰটো থ'ব পৰা হলে...
লগ পালে এষাৰ কথাই কলো হয় আজি
"মই ভাল হ'ম অ' আই,
দেউতাৰ মোকলৈ দেখা
সপোনবোৰ পুৰণ কৰিম"
আই, পাৰ যদি ক্ষমা কৰিবি মোক।
এইবাৰ সচাঁই তহতৰ নয়ন হৈ দেখুৱাম।।
চিকিৎসালয়ৰ বিচনাত পৰি তোলৈ বুলি
গীত এটাকে গুণগুনাই আছো.....