ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
বাস্তৱতা
~কবিতা পাঠক~
বাস্তৱবোৰ অসহায়
ভাগি পেলাই হৃদয়ৰ স্পন্দিত অনুভূতি।
মৃত সপোনবোৰে হঠাৎ কেতিয়াবা সাৰ পায় উঠে,
কাণে কাণে কৈ যায় ভালপোৱাৰ গভীৰতাৰ কথা।
গভীৰতাবোৰ বিচাৰি ফুৰিলে হেনো এন্ধাৰে আৱৰি ধৰে,
আন্ধাৰৰ মাজত দেখা ৰঙীন সপোনবোৰ
মুহুৰ্ততে নিঃশেষ হৈ যায় গভীৰতাৰ গৰ্ভত।
কৃত্ৰিম হ'বলৈ চেষ্টা কৰিও যেন অসফল,
মনৰ কোনোবা একোণত আকৌ পাখিমেলে মৃত সপোনবোৰে।
এয়াই বাস্তৱতা
এয়াই কঠিন বাস্তৱতাৰ সমিধান বিচাৰি ফুৰা
সকৰুণ আৰ্তনাদ।
লঠঙা ফাগুন
~ৰুণুমণি দাস~
বা মাৰলিয়ে কোবাই গৈছে প্ৰকৃতি
লঠঙা হৈছে তৰু তৃণ
সৰাপাতৰ উচুপনি
চাৰিওফালে বসন্তৰ আগজাননী
ধূসৰিত তিমিৰ আচন্ন পৃথিৱী
এজাক সুধা অন্বেষা ঐশানু
আলোকিত কৰিছে সুপ্ত সাধনা
লঠঙা ফাগুনে আনে সেউজ বসন্ত ৰ বতৰা
অক্লান্ত নিৰাশ শ্ৰমে আনক
ঐশানু জীৱনলৈ আশাৰ বতৰা।