ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
প্ৰজন্মৰ ব্যৱধান
~অল্পনা দলে~
ধোঁৱাৰে উৰুৱাই দিওঁ স্মৃতিবোৰ
অত্যাধুনিকতা,বাদুলি গোত্ৰ
পাবজি, ফেচবুক, চেটিংত পাকৈত
আজন্ম লগৰী ভোগ
বলিশালত হাঁহ, ছাগলী
পৰমুখাপেক্ষী শুই বহি কটাওঁ
আনৰ বচন নামানো
চুবুৰীটোৱে শুনাকৈ
হʼম থিয়েটাৰ বজাওঁ
তামাম নাচিব পাৰো
গলাধকৰণ দিঙিলৈকে
দিন ৰাতি জমি থাকে
কাকো কেৰেপ নকৰো
উশৃংখল শব্দৰে কিৰিলি
“শৰশয্যাত”
নিদ্ৰাহীনতাই ভীষণ
কষ্ট দিয়ে সৰ্বশৰীৰত
তথাপিও জীয়াই আছোঁ
নতুন দিনৰ অপেক্ষাত।
প্ৰকৃতিলৈ ফাগুনৰ সীমাহীন অৱদান
~ভাৰতী নাথ~
কুঁৱলীৰ আৱৰণ ফালি প্ৰস্ফুটিত হয় সূৰ্যৰ কিৰণ,
ৰিব্ৰিব্ পছোৱাজাকে জ্ঞাত কৰালে ফাগুনৰ আগমন।
পলাশৰ ৰঙেৰে দশোদিশে ফাগুনে আবিৰ ছটিয়ায়,
মদাৰেও ৰাঙলী ৰূপেৰে পছোৱাক সম্ভাষণ জনায়।
শিমলু ফুলৰ ৰঙা ৰঙটিয়ে
প্ৰাণখুলি হাঁহিছে,
তলসৰা পাতে পছোৱাৰ সৈতে বিহু এপাক নাচিছে।
অপেক্ষাৰত গছবোৰ অংকুৰিত সুকোমল দুটি পাতৰ জন্ম দিবলৈ,
উদ্বাউল হয় ন-সাজেৰে এসাঁজ নৱ আৱৰণ পিন্ধিবলৈ।
ফৰকাল আকাশত চৰাই-চিৰিকটিৰ মাতৰ শব্দৰ খলকনিয়ে,
প্ৰকৃতিৰ সৌন্দৰ্য্য বঢ়াই তুলিবলৈ সক্ষম সংকোচ বিহীনে।
ভোমোৰা মৌ-মাখিয়ে ফুলৰ পাহিত পৰি কৰে মৌপান,
নশলাগি নোৱাৰি প্ৰকৃতিৰ প্ৰতি ফাগুনৰ সীমাহীন অৱদান।