ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
একবিংশ শতিকাৰ কোলাহল
~দীপজ্যোতি বৈশ্য
পৃথিবীৰ এয়া বৰ্বৰ সমাজ
আৰু ইয়াৰ মানসিকতাৰ
স্পষ্ট প্ৰকাশ এই কোলাহল।
শত সহস্ৰ নৰ-নাৰীৰ তেজেৰে ৰাঙলী
ধৰিত্ৰী আইৰ আৱেগৰ
এয়াই বহিঃ প্ৰকাশ
একবিংশ শতিকাৰ এয়াই নিৰ্মম আভাস।
পদ পথৰ সহস্ৰ আৱাসী আৰু
শয্যাগত নিঃসহায়,
বিভৎস নিকৰুণতাৰ বলি হোৱা
সহস্ৰ আৱাসীৰ চিৎকাৰেৰে
একবিংশ শতিকাৰ ভয়াবহ কোলাহল।
ৰাজনীতিৰ ধ্বংসাৱশেষ আৰু মন্ত্ৰীত্বৰ প্ৰলোভনেৰে
গঢ়লৈ উঠা ‘মিছৰৰ সভ্যতা’ত
মামী সদৃশ জনগণৰ সহনশীলতাৰ
এয়াই বিষ্ফোৰিত প্ৰকাশ,
য’ত মাথো শুনা যায় কোলাহল
কোলাহল আৰু কোলাহল!
একবিংশ শতিকাৰ এয়াই
ভয়াবহ কোলাহল।
ফাগুন আহিছে
~ভনীতা দেৱী~
ফাগুন আহিছে পলাশীৰ কোঁচত
শিমলু মদাৰৰ ৰঙা হাঁহিত
ফাগুন আহিছে।
ধৰাৰ বুকুত সৰাপাতৰ খচ্মচনিবোৰ বিলীন হ'ল
ফাগুনী সোঁতত।
লাজত তলমূৰ হৈ থকা
বিবসনা গছবোৰে পিন্ধিলে
শ্যামলী বসন,
হৃদয়ৰ আৱৰণ খুলি
পছোৱাই জীপাল কৰিছে মন।
উতনুৱা ফাগুনৰ বাউলি পছোৱাই
উৰুৱাই লৈ গ'ল মোৰ মনৰ
সমস্ত বিষাদ,
উকা উৰুঙা মনৰ পদূলিত
ফুলি উঠিব প্ৰেমৰ হাচনাহানা।
চৌদিশে ধূলি ছটিয়াই
এয়াচোন ফাগুন আহিছে।।