ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
শেৱালি নুফুলিল এইবেলিও
~ৰুমী দেৱী~
শেৱালি নুফুলিল
এইবেলিও
তলভৰা শেৱালি
বুটলিবলৈ
সযতনে ৰাখিছিলো
কৰণি ।
গোটাই থৈছিলো
বহল এখনি দলিছা
বহুত হেঁপাহ
আৰু আশাৰে
বাট চাইছিলো
শেৱালি জুপিলৈ ।
ফুল নুফুলিল ডালত ।
আহিল ধুমুহা
ধুমুহাই তছনছ কৰা
শেৱালি জুপি
এৰি থৈ আহিলো
দুখৰ কৰণি ভৰাই
অভিজাত্যৰ দুৱাৰ খুলি
~সৰলা কাকতি~
(১)
অভিজাত্যৰে ভৰা যিসকল,
গগনচুম্বী অট্টালিকাত
বাস কৰে সেইসকল।
(২)
অভিজাত্যৰ বাসস্থান
বন্ধ দুৱাৰত,
সিহঁত যে
ঢুকি পোৱাৰ
বহুত ওপৰত।
(৩)
অভিজাত্যৰ দুৱাৰ
খোলাই টান,
প্ৰয়োজনতো নকৰিব পাৰে
দুখীয়াক দান।
(৪)
ল’ব নোৱাৰে বতৰা
শোকাকুল হৃদয়ৰ,
পেটৰ যন্ত্ৰণাকাতৰ বুভুক্ষৰ
(৫)
লক্ষ্য মাত্ৰ সিহঁতৰ,
সুযোগ সন্ধানী
সম্পত্তিৰ মঠ গঢ়িবৰ,
মন যায় সিহঁতৰ আকাশ লম্ভিছে।
(৬)
খাই কঁঠাল ভাঙি
মূৰতে দুখীয়াৰ,
মুখা পিন্ধি
ফুৰে অভিজাত্যৰ।
(৭)
দুখীয়াৰ ওপৰত
চলাই অধিপত্য,
দুখীয়া নিচলা নহ’লে
নাথাকে অভিজাত্য।
অভিজাত্যৰ দৰকাৰ,
লিগিৰী লিকচৌৰ
দেহৰক্ষী ড্ৰাইভাৰৰ।
(৮)
এজন অভিজাত্যৰ,
দৰকাৰ বাৰু কিমান
খাটিখোৱা দুখীয়াৰ।
(৯)
তেন্তে কিয়?
দুখীয়াক বন্দী
বলি নিৰ্য্যাতনৰ,
শাৰীৰিক মানসিক
বিভিন্ন যাতনাৰ।
(১০)
আধিপত্য মাথো অভিজাত্যৰ
চলিছে নে চলিবই,
তাৰ সাক্ষীও
পোৱা যায়
ইতিহাসৰ পাত লুটিয়াই।
যেতিয়াই
খুলিব অভিজাত্যৰ দুৱাৰ
মুক্ত প্ৰেম আৰু মানৱতাৰ,
তেতিয়াই,
হব স্থাপন
শোষণ মুক্ত সমাজৰ,
বিশ্ব-বিশ্ৰুত
নৱ ইতিহাসৰ।