ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
বসন্ত অহাৰ উন্মাদনাত
~পবিত্ৰ বৰগোহাঁই~
বসন্ত অহাৰ উন্মাদনাত
কাৰ বুকুত শিহৰণ জাগে,
কুলি-কেতেকীৰ মিঠা মাতত
কাৰ চকুৰ টোপনি সৰে
ঢোল-পেঁপা-গগণাৰ মাতত
কোন শিপিনীৰ সূতা ছিগে ।
নুসোধিবা বিশাল নীলা আকাশক
কিদৰে প্ৰণয় বিহ্বল বুকুৰে
সাবতে মৰুভূমিৰ মৰীচিকা ৰূপোৱালী বালি ;
প্ৰবসুৱা পছোৱাই বিশৃঙ্খলতা কৰা
বিষণ্ণতাত চটফটাই থকা
মোৰ অনামী অনুভৱ
কজলা মেঘৰ আঁৰে আঁৰে
অভিভূত হওঁ অস্ত আকাশত
মাৰ যোৱা বেলিৰ অৱকাশ
বসন্ত অহাৰ উন্মাদনাত ।