ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
~বিজুলী বৈশ্য~
হাঁহিত মুকুতা সৰে
অমিয়া নিজৰি জৰে
হাঁহিত ফাগুন আহে
সেউজ বননি উজলাই
মন ময়ুৰী নাচে......
তুমি হাঁহা
তেওঁ হাঁহিব
মই হাঁহিম, আমি হাঁহিম
সকলোৱে হাঁহিব,সময়ে হাঁহিব......
আপোনাৰ হাঁহিয়ে
ভূৱন ভুলাব,
আকাশ ৰঙীন হ'ব,
নীলা চাদৰ এখনি হৈ
দুখক ঢাকি থৈ
সুখৰ শতদল ফুলাব.......
হাঁহি সৰগী সুধা
ওঠৰ কোনত লুকাই থকা
প্ৰেমৰ এপাহি গোলাপ
শান্তিৰ এআকাশ বৰষা.......
মই এক জীয়া কবিতা
~বিভাসজ্যোতি বৰা~
মই নষ্ট হৈও
জন্ম পাৱলৈ বিচৰা
এটা কবিতাৰ ভ্ৰুণ।
যি কবিতাত নিহীত আছে
জীৱনৰ জিজ্ঞাসা
নাইবা যৌৱনৰ জিঘাংসা।
মই এটা নতুন কবিতা।
যি কবিতাৰ
মুক্ত শব্দৰ মাজত নিহীত আছে
ভালপোৱাৰ মাদকতা
নাইবা হেৰুৱাৰ বিষাক্ততা।
মই বাউলী ফাগুনৰ
ৰাঙলী শিমলুৰ কবিতা,
নতুবা উন্মনা বহাগৰ
উন্মাদ নাচনীজনীৰ কবিতা।
মই জীৱন-যৌৱনৰ কবিতা,
মই এক নৱ-নতুন কবিতা,
মই তোমাৰ প্ৰেমৰ কবিতা,
মই এক জীয়া কবিতা।