ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
মোৰ মৰমৰ ভণ্টি
~ৰুবীনা ইয়াছমিন~
মোৰ এজনী ভণ্টি আছে
তাইৰ নাম ৰেষ্মী,
তাই খাই ভাল পায়
মিঠা মিঠা জিলাপি ।
পঢ়িবলৈ ক’লে তাই
বৰ বেয়া পায়,
টিভি চাবলৈ পালেই
জাপ মাৰি যায়।
দেউতাই ঘৰত থাকিলে তাই
চিঞৰি চিঞৰি পঢ়ে,
ক’ৰবাত যোৱা দেখিলে
কিতাপ বন্ধ কৰে।
আজিৰ পৃথিবী
~অংগীতা পাঠক~
গাড়ী-মটৰ, বাছ-ট্ৰাকৰ দীঘলীয়া লানি
ৰস্তাত ট্ৰেফিক জাম আৰু বোকা-পানী
মানুহ আহিছে আৰু গৈছে হাতত নাই সময়,
গৈছে স্কুল-কলেজ, অফিচ বিজ্ঞানৰ কৰি জয় জয়।
এইফালে গাড়ী, সেইফালে গাড়ী, চাৰিওফালে গাড়ীয়ে গাড়ী
পেট্ৰ’ল ডিজেল পুৰি সৃষ্টি হৈছে ধোৱাৰেই পৃথিবী।
ইয়াতো কাজিয়া, তাতো কাজিয়া, চৰিওফালে বিশৃঙ্খল অৱস্থা,
আহ ঐ আহ! ভাগি দে কাজিয়া, নহ’লে হ’ব দুৰাৱস্থা।
জাতিভেদ, ধৰ্ম ভেদ, কেৱল ভেদাভেদ
নকৰিব মন ভাই ভেদাভেদেৰে বিষাদ।
চকু মেলি চাবৰ হ’ল অৱস্থা পৃথিবীৰ,
নহলে ধ্বংস হ’ব এই সুন্দৰ সৃষ্টিৰ।
আহ ভাই আহ! ধৰ হাতে হাতে,
আমি বচাব পাৰো পৃথিবীক যাতে।