ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
প্ৰকাশ অপ্ৰকাশৰ দ্বন্দ্ব
~ড° দীপমণি দাস~
যাত্ৰা শেষ হয়
বাটৰ শেষ নহয়!
ক'ব লগা থাকি যায়
দিনৰ অন্তত
ক'ব লগাবোৰ শুই
পৰে দিগন্তত!
ভাল ভাবিয়েই কোৱা নাযায়!
ভাল ভাবিয়েই যি বিষাদ
সি কোৱা নাযায়।
কোৱা নাযায় বহু কথা
যাৰ বাবে কৰিব লগা হয়
সুন্দৰ শব্দপ্ৰয়োগ
অক্ষমতা প্ৰকাশৰ স্বাৰ্থত!
জীৱনজোৰা চলি থাকে ইডিটিং
প্ৰকাশ-অপ্ৰকাশৰ দ্বন্দ্বাত্মক অসমতাত!
.....
~নমিতা চৌধুৰী~
যোৱা ৰাতি নৈখনে
আফালি আফালি কান্দিছিল...
নৰখাদক কেইটাই
আধাফুলা ফুলপাহ
নৈখনত দলিয়াই দিয়াৰে পৰা...
বুকুখন বিদাৰি গৈছিল
বুজাব নোৱাৰা শোকটোৱে...
একআঠু বোকাত হাল বোৱা
পিতায়ে অনুভৱ কৰিব নোৱাৰে
শামুকৰ খোলাই কটা বিষ
কিমান গভীৰ...
তাঁতশালত সপোন বোৰ সজাই
আয়ে মাথোঁ বৈ যায়
আশাৰ চাদৰখন...
কেতিয়ানো মাকোটোৱে
এফাল খহাই নিলে
আয়ে চোন গমকে নাপালে...
ৰসাল সাধুকথাই পাখি মেলে
গাৱে গাৱে...
চৰাই পোৱালী শৰবিদ্ধ হোৱাৰ দুখত
কলিজা নদহে কাৰো...
মাথোঁ আঁউসীয়ে উচুপে
নিশাৰ এন্ধাৰত
জোনাক হেৰুৱাৰ দুখত...।