ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ দ্বিতীয় সংখ্যাঃ মাৰ্চ, ২০২১
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
গল্পগুচ্ছ
শূন্যৰ শেষত
~ অৰুণিমা ভট্টাচাৰ্য্য ~
"তুমি আইজনীক বুজাবা, ৰিদিপ বৰ ভাল ল'ৰা, তাইক সুখত ৰাখিব।"
মলয়া বৰুৱাই স্বামী জীৱন বৰুৱাৰ কথাষাৰৰ একো উত্তৰ নিদিয়াকৈ মানুহজনৰ মুখলৈ চালে। মানুহজনে বাৰু কেনেকৈ পাৰিছে ? হৃদয়ত জ্বলি ৰোৱা জীয়া জুইকুৰা পাহৰিব ? তেওঁচোন নোৱাৰে ! ছোৱালীজনী গোটেই জীৱনটো এনেকৈ থকাটো তেৱোঁ নিবিচাৰে, তথাপিও ইমান সহজ জানো তাইক প্ৰস্তাৱটো দিয়া ?
এবছৰ আগতে এইখন ঘৰ এনেকুৱা নাছিল। বাহিৰত লানিকৈ সজাই থোৱা ফুলৰ টাব কেইটাত পানী দিবলৈ গৈ থমকি ৰ'ল মানুহজনী । কেনেকৈ বাৰু সকলো সলনি হৈ গ'ল ? গেৰেজটোৰ আধা খোলা দৰ্জাখনেৰে মেকুৰী পোৱালি দুটা ওলাই আহিল। এইবাৰ সিহঁত তাত থাকিবলৈ লৈছে। আইমণিৰ মৰম আৰু যত্নত পোৱালি কেইটা মৃত্যুৰ মুখৰ পৰা উভতি আহিল। গেৰেজৰ দৰ্জাখন ভাল কৰিবলগীয়া হৈছে।
"মানুহজনৰ কথাবোৰলৈ মন-কাণ নোহোৱা হৈছে।" মলয়া বৰুৱাই মনতে কথাষাৰ আওৰালে । গাড়ীখনো ধূলি- মাকটিৰে ভৰি পৰিছে।
সন্ধিয়াৰ চাহৰ টেবুলত বহি মলয়া বৰুৱাই স্বামীক উদ্দেশ্য কৰি ক'লে, "টিংকুক এবাৰ মাতিবচোন, গাড়ীখন ছাফা কৰিবলৈ, বহুদিন হ'ল তেনেকৈ থকা।"
"হ'ব দিয়া।" সংক্ষিপ্তভাৱে তেওঁ শলাগিলে।
"কথাটো ক'লানে তাইক ?" তেওঁ সুধিলে।
"নাই কোৱা।"
"ক'বা।"
মলয়া বৰুৱাই একো নামাতিলে। কথাষাৰ কোৱা ইমান সহজ নহয়, জীৱন বৰুৱাই জানে, কিন্তু কোৱা ভাল।
বাহিৰৰ বাৰাণ্ডাত বহি একান্ত মনেৰে মামণি ৰয়চম গোস্বামীৰ উপন্যাস পঢ়ি থকা আইমণিলৈ চকু গ'ল মলয়া বৰুৱাৰ। তেওঁ লাহেকৈ উঠি গৈ তাইৰ ওচৰত বহিল ।
"মা, চাহ খোৱা হ'ল নেকি ?" আইমণিয়ে সুধিলে।
"তুমি কিতাপ পঢ়িছা ?"
"হয়।" তাই মিঠা হাঁহিৰে শলাগিলে।
শুধ বগা ফুলপাহিৰ দৰে মৰমলগা ছোৱালীজনী। কেনেকৈ বাৰু জীৱনটো কটাব ৰংবিহীন হৈ ? কিবা এটা অনামী বেদনাই হেঁচা মাৰি ধৰিলে মলয়া বৰুৱাক । অকণমান নিজকে চম্ভালি লৈ তেওঁ ক'লে, "তোমাক এটা কথা ক'ব লাগিছিল।"
"কি মা ?"
"ৰিদিপৰ কথা।"
আইমণিয়ে একো উত্তৰ নিদিয়াকৈ হাতত থকা কিতাপখন জপাই বাহিৰৰ ফালে চালে।
"ৰিদিপ ভাল ল'ৰা, তুমি সুখী হ'বা।"
"কিন্তু মা,...মই এনেকৈয়ে সুখী।"
কথাষাৰ কৈ আইমণি বহাৰ পৰা উঠিল। মলয়া বৰুৱাই অনুভৱ কৰিলে ছোৱালীজনীয়ে কথা পাতিব খোজা নাই।
বাহিৰত এন্ধাৰ নামিছিল। ফাগুনৰ বতাহজাকে শীতৰ আভাস এটা নমাই আনিছিল। উৰা চাদৰখন ভালকৈ গাত লৈ তেওঁ দূৰলৈ চাই পঠিয়ালে। উৰুঙা ফাগুনে অধিক নিসংগতা চপাই আনিব ছোৱালীজনীৰ মনলৈ। ভৰ যৌৱনতে অকলশৰীয়া হোৱা ছোৱালীজনীয়ে কিয় বুজা নাই তেওঁৰ কথাবোৰ ? কেনেকৈ থাকিব তাই গোটেই জীৱন ?
একমাত্র পুত্রৰ বোৱাৰী হৈ আহি আইমণিয়ে তেওঁলোকৰ জীৱনত ছোৱালীৰ অভাৱ পূৰণ কৰিছিল। চঞ্চলা চপলা তটিনীৰ দৰে পলসেৰে ওপচাই পেলাইছিল তেওঁলোকৰ জীৱন । ৰিধিৰ পছন্দ আইমণিয়ে তেওঁলোকৰ হৃদয় জয় কৰিছিল অতি সহজেই। যেন সিদিনাৰ হে কথা। ৰিধিৰ ফোন, আইমণিৰ স'তে তেওঁলোকৰ চিনাকি আৰু বৰ উলহ-মালহেৰে পতা বিয়াখন। উস্, বুকুখন বিষাইছে তেওঁৰ। ৰিধি-ক'ত আছ তই ? কি শাস্তি দিলি আমাক ? ক'ব নোৱাৰাকৈ মলয়া বৰুৱাৰ দুচকু ধুৱলি-কুৱলি হৈ পৰিল।
বাৰাণ্ডাৰ লাইট জ্বলাই দি আইমণি আগবাঢ়ি আহিল।
"মা, আপুনি ইয়াত কি কৰিছে ? ভিতৰলৈ বলক।"
ছোৱালীজনীয়ে নিজক চম্ভালি লৈছে, কিন্তু সেইবুলি তাইক এনেদৰে থাকিবলৈ দিয়া জানো উচিত ? তাই আমাৰ প্ৰতি কৰ্তব্য কৰিবলৈ নিজকে শেষ কৰাৰ জানো প্ৰয়োজন আছে ?
"তুমি ৰিদিপক কিয় বেয়া পোৱা?" মলয়া বৰুৱাই আৰামী চকীখনত বহি লৈ সুধিলে।
"বেয়া নাপাওঁ মা, কিন্তু বিয়াৰ কথা ভাবিব নোৱাৰোঁ।" আইমণিয়ে ষ্পষ্টকৈ উত্তৰ দিলে।
মলয়া বৰুৱাই ক'ব বিচাৰিও ক'ব নোৱাৰিলে, 'তুমি ভাবিব লাগিব আইমণি, অকলে জীৱন কটোৱা বৰ সহজ নহয়।' আইমণিয়ে ডাইনিং টেবুলৰ চকীখনত বহি আকৌ কিতাপখন মেলি ল'লে। মলয়া বৰুৱা আকৌ উভতি গ'ল ৰিধিৰ স্মৃতিলৈ। একমাত্র পুত্রক হেৰুৱাৰ বেদনাত মূক হৈ পৰা হৃদয়খনে মাজে মাজে হাঁহাকাৰ কৰে। শূন্যতাৰ শেষত বাৰু কি থাকে ? আইমণিৰ উকা কপালখন, ৰিধিৰ ফটো হৈ পৰা উজ্জ্বল হাঁহিটো নে স্বামী বৰুৱাৰ মৌন বেদনাখিনি ? মলয়া বৰুৱাই ভাবি ওৰ নাপালে। জীৱন নাটৰ ভাৱৰীয়া আমি সকলো, নেদেখাজনে পিছৰ দৃশ্যাংশত বা কি লিখিলে ? বাহিৰত জিলীৰ মাতে নিৰ্জন নিশাটোক গভীৰ কৰি তুলিছিল।
****